ETV Bharat / bharat

Fake Marks Card Racket: বাংগালুৰুত ধৰা পৰিল ভুৱা মাৰ্কশ্বীট প্ৰদানৰ বৃহৎ নেটৱৰ্ক - Arunachal university fake marksheet

বাংগালুৰুত ধৰা পৰিছে ভুৱা মাৰ্কশ্বীট প্ৰদানৰ এটা বৃহৎ নেটৱক ৷ অৰুণাচল প্ৰদেশকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ কেইবাখনো নামী বিশ্ববিদ্যালয়ৰ ভুৱা মাৰ্কশ্বীট প্ৰদান কৰি আহিছিল চক্ৰটোৱে (Fake Marks Card Racket)৷

Fake Marks Card Racket
বাংগালুৰুত ধৰা পৰিল ভুৱা মাৰ্কশ্বীট প্ৰদানৰ বৃহৎ নেটৱৰ্ক
author img

By

Published : Dec 6, 2022, 10:11 PM IST

নিউজ ডেস্ক, 6 ডিচেম্বৰ : দিনক দিনে শক্তিশালী হৈছে ভুৱা মাৰ্কশ্বীট প্ৰদানৰ নেটৱৰ্ক ৷ ভুৱা মাৰ্কশ্বীট প্ৰদানৰ এটা বৃহৎ চক্ৰ শেহতীয়াকৈ পোহৰলৈ আহিছে । বেংগালুৰুৰ চেন্ট্ৰেল ক্ৰাইম ব্ৰাঞ্চে এটা ব্যক্তিগত প্ৰতিষ্ঠানত অভিযান চলাই ভুৱা মাৰ্কশ্বীট প্ৰদানৰ এটা বৃহৎ নেটৱৰ্ক ধৰা পেলোৱাত সফল হৈছে (Fake Marks Card Racket)৷

বাংগালুৰুত ধৰা পৰিল ভুৱা মাৰ্কশ্বীট প্ৰদানৰ বৃহৎ নেটৱৰ্ক

ভেংকটেশ্বৰ ইনষ্টিটিউট(Venkateswara Institute) নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোত অভিযান চলোৱা চেন্ট্ৰেল ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিল বৃহৎ নেটৱৰ্কটো ৷ উক্ত প্ৰতিষ্ঠানটোতে বিভিন্ন ডিগ্ৰীৰ ভুৱা মাৰ্কশ্বীট লাখ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰি অহা হৈছিল ৷ এই সন্দৰ্ভত চিচিবি(Central Crime Branch) আৰক্ষীয়ে ভেংকটেশ্বৰ ইনষ্টিটিউটৰ চাৰিজন সদস্যক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷

ভেংকটেশ্বৰ ইনষ্টিটিউটত বিগত পাঁচ বছৰৰ পৰা কৰ্মৰত কিশোৰ, শাৰদা, শিল্পা আৰু ৰাজন্না নামৰ কৰ্মচাৰীকেইগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে ১০০০ ৰো অধিক ভুৱা মাৰ্কশ্বীট জব্দ কৰিছে অভিযানকাৰী দলটোৱে ৷ ইয়াৰ লগতে অৰুণাচল প্ৰদেশ, কৰ্ণাটক, হিমাচল প্ৰদেশ, ছিকিম, পশ্চিম বংগ আদিকে ধৰি 20ৰো অধিক বিখ্যাত বিশ্ববিদ্যালয়ৰ 70 টাৰো অধীক চীল-মোহৰ জব্দ কৰিছে অভিযানকাৰী দলটোৱে (Arunachal university fake marksheet)৷ ইয়াৰোপৰি কাৰ্যালয়টোত ব্যৱহৃত কম্পিউটাৰৰ হাৰ্ড ডিস্ক, প্ৰিণ্টাৰৰ লগতে বহুকেইটা মোবাইল জব্দ কৰা হৈছে বুলি আৰক্ষী আয়ুক্ত প্ৰতাপ ৰেড্ডীয়ে জানিবলৈ দিছে ৷

উল্লেখ্য যে, তিনিটা স্থানত কাৰ্যালয় খুলি অনলাইনৰ জৰিয়তে বিজ্ঞাপন দিছিল কোম্পানীৰ নামত । মাৰ্কশ্বীটৰ প্ৰয়োজন হোৱা লোকৰ লগত যোগাযোগ কৰি থকা ৰাজ্যিক আৰু আন্তঃৰাজ্যিক বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট প্ৰস্তুত কৰি ধন দিয়া প্ৰাৰ্থীক বিক্ৰী কৰি অবৈধভাৱে ধন ঘটি আহিছিল চক্ৰটোৱে । শেহতীয়াকৈ মাৰ্কশ্বীটৰ বাবে এক লাখ টকা প্ৰদান কৰা এজন পৰীক্ষাৰ্থীৰ অভিযোগৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই অবৈধ নেটৱৰ্কটো পোহৰলৈ আনে ।

মন কৰিবলগীয়া যে, দেশৰ বহু নামী বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পৰা ৫০ হাজাৰৰ পৰা ১ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে চক্ৰটোৰ বিৰুদ্ধে ।

লগতে পঢ়ক : Molestation incident at Doom Dooma: ছাত্ৰী নিবাসৰ নিবাসীক অশ্লীল ইংগিত চকীদাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.