আগৰতলা,3 আগষ্ট : সোমবাৰে চাৰিলাম বিধানসভা সমষ্টিত কংগ্ৰেছ আৰু বিজেপি কৰ্ম-কৰ্তাসকলৰ মাজত সংঘটিত হোৱা এক হিংসাত্মক মুখামুখিৰ পিছত ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই নিজৰ সমষ্টিত অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে জগৰীয়া কৰিছে বাওঁপন্থী আৰু কংগ্ৰেছক ।
ত্ৰিপুৰাৰ ছেপাহিজালা জিলাৰ বিশালগড় মহকুমাৰ অন্তৰ্গত চাৰিলাম বিধানসভা সমষ্টি(Charilam Assembly Constituency)।
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ বিধায়ক সুদীপ ৰায় বৰ্মনৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ দেৱ বৰ্মাই কয় যে এজন ৰাজনৈতিক নেতৃত্বৰ ছত্ৰছায়াত একাংশ গুণ্ডাই চাৰিলামত বিজেপিৰ সমৰ্থকক আক্ৰমণ কৰে ।
তেওঁ লগতে কয় যে এয়া কেৱল কংগ্ৰেছ নহয় বৰঞ্চ কংগ্ৰেছ আৰু চিপিআইএমে যুটীয়াভাবে সংঘটিত কৰা কাণ্ড ৷ CPIM আৰু কংগ্ৰেছ দলৰ 50 শতাংশকৈ অংশীদাৰীত্বৰে বাস্তৱ ৰূপ দিয়া হৈছে চাৰিলামৰ হিংসাত্মক কাণ্ডৰ ৷ দুয়োটা দলকে দেৱ বৰ্মাই একেলগে "বামগ্ৰেছ" আখ্যা দিছে ।
"৫ বছৰত ৪টা ৰাজনৈতিক দল পৰিদৰ্শন কৰা এজন ৰাজনৈতিক নেতা যিয়ে কংগ্ৰেছৰ পৰা তৃণমূল কংগ্ৰেছলৈ,পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰাৰ পিছত বৰ্তমান 'বামগ্ৰেছ'ত যোগদান কৰিছে, ইয়াৰ পিছত ক'লৈ যাব বুলিও দেৱ বৰ্মাই টুইট কৰে ৷ 'বামগ্ৰেছ গুণ্ডাসকলৰ নেতৃত্বত চাৰিলামত আমাৰ বিজেপিৰ কাৰ্য্যকৰ্তাসকলৰ ওপৰত কৰা আক্ৰমণক মই তীব্ৰ ভাষাৰে গৰিহণা দিছো' -টুইটটোত দেৱ বৰ্মাই উল্লেখ কৰে (Condemn the attack) ৷
সুদীপ ৰায় বৰ্মনে ২০১৮ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিছিল আৰু পৰৱৰ্তী সময়ত বিজেপি এৰি প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ মন্ত্ৰীসভাৰ মন্ত্ৰিত্ব পাবলৈ সক্ষম হৈছিল ৷
এক ফেচবুক পোষ্ট যোগে জিষ্ণু দেৱ বৰ্মাই উল্লেখ কৰে যে,"এটা ৰাজনৈতিক গুণ্ডাৰ দলে ৰাজ্যখনৰ আইন-কানুন উলংঘা কৰিবলৈ চেষ্টা কৰি আহিছে । ত্ৰিপুৰাৰ মানুহে অসামাজিক কাৰ্যকলাপ আৰু গুণ্ডামিৰ প্ৰতি তেওঁলোকৰ অসহযোগিতা প্ৰদৰ্শন কৰিছে বুলি দাবী কৰে ত্ৰিপুৰাৰ বৰ্তমানৰ উপমুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে বিজেপি সমৰ্থকসকলক শান্ত কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় ।
লগতে পঢ়ক: BSF raid in Tripura: ২০২১ চনত ত্ৰিপুৰা সীমান্তত জব্দ প্ৰায় ৩৬ কোটি টকাৰ নিষিদ্ধ সামগ্ৰী