ETV Bharat / bharat

Story of a Sikari: চাৰিটা শিশুৰ প্ৰাণ লোৱা নাহৰফুটুকীক ধৰিবলৈ আহি আছে চিকাৰী খান - দ্য মোহন মেন ইটাৰ

এটা বাঘ আৰু এজন চিকাৰী ৷ দ্য মোহন মেন ইটাৰৰ দৰেই ঘটনা (The Mohan man eater) ৷ প্ৰায় এমাহ ধৰি জনাঞ্চলত ত্ৰাস সৃষ্টি কৰি চাৰিটা শিশুৰ প্ৰাণ লোৱা এটা নাহৰফুটুকীক বশ কৰিবলৈ বন বিভাগ কাষ চাপিল এজন প্ৰখ্যাত চিকাৰীৰ (Story of a Sikari) ৷ হায়দৰাবাদৰ পৰা সুসজ্জিত হৈ চিকাৰীজন আহিব বাঘ ধৰি মানুহৰ প্ৰাণ ৰক্ষা কৰিবলৈ ৷ পঢ়ক সবিশেষ...

hunter Nawab Shafath Ali Khan
Story of a Sikari
author img

By

Published : Jan 3, 2023, 7:11 PM IST

গাৰৱা, 3 জানুৱাৰী: ‘‘দ্য মোহন মেন ইটাৰ’’, প্ৰখ্যাত চিকাৰী জিম কৰবেটৰ চিকাৰ কাহিনীৰ অন্যতম মোহন নামৰ নৰখাদক বাঘটোৰ কাহিনী আপুনিও নিশ্চয় পঢ়িছে (The Mohan man eater) ৷ ঠিক তেনে এটা কাহিনীয়েই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ৷ আন এটা নৰখাদক বাঘ আৰু আন এজন চিকাৰীৰ কাহিনী (Story of a man eater) ৷

প্ৰায় এমাহে ত্ৰাসৰ সৃষ্টি কৰা এটা নৰখাদক নাহৰফুটুকীক বিচাৰি বশ কৰিবৰ বাবে ঝাৰখণ্ডৰ বন বিভাগে ৰাজ্যখনলৈ আমন্ত্ৰণ জনালে হায়ৰদাবাদৰ বিখ্যাত চিকাৰী নৱাব শ্বফথ আলী খানক (Hunter Nawab Shafath Ali Khan) ৷ প্ৰায় 50 টা ট্ৰেপ কেমেৰা, এখন ড্ৰোণ আৰু বহুকেইজন বিষয়াৰে সুসজ্জিত দলটোৱে বাঘটোক বিচাৰি অভিযান চলাব ৷ ঝাৰখণ্ডৰ পালামু সংমণ্ডলত নাহফুটুকীটোৰ আক্ৰমণত যোৱা 10 ডিচেম্বৰৰ পৰা বৰ্তমানলৈ 4 টি শিশু নিহত হৈছে (man eater leopard in Garhwa) ৷

বনবিভাগৰ বিষয়া সকলে সন্দেহ কৰা মতে, বাঘটোৰ আক্ৰমণত নিহত চাৰিটা শিশুৰ বয়স 6 ৰ পৰা 12 বছৰৰ ভিতৰত ৷ ইয়াৰে তিনিটা শিশু গাৰৱা আৰু এটা লেটেহাৰ জিলাৰ ৷ ৰামকান্দা, ৰাংকা আৰু ভাণ্ডাৰিয়া খণ্ডৰ অতিকমেও 50 খন গাঁৱত ত্ৰাস সৃষ্টি কৰিছে নৰখাদক বাঘটোৱে ৷ এই ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগে গাঁৱৰ লোকসকলক বেলি ডুবাৰ পাচত মুক্তভাৱে ঘূৰি নুফুৰিবলৈ অনুৰোধ জনাইছে ৷

‘‘আমি বাঘৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছোঁ ৷ গাঁৱৰ শিশু আৰু মহিলাসকলে অত্যন্ত ভয় খাইছে ৷ বিয়লিৰ পৰাই গাঁওবোৰত কাৰ্ফিউৰ দৰে পৰিবেশে বিৰাজ কৰিবলৈ ধৰিছে’’, ৰামকান্দা খণ্ডৰ কৃষক ৰবীন্দ্ৰ প্ৰসাদে এইদৰে বৰ্ণনা দিলে সংবাদ মাধ্যমৰ আগত ৷ গাৰৱা বন সংমণ্ডলে ৰাজ্যৰ মুখ্য বন্যপ্ৰাণী অধীক্ষকলৈ বাঘটোক নৰখাদক হিচাপে নামকৰণ কৰিবলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে ৷ লগতে বাঘটোক বন্দী কৰাৰ বাবে নাৱাব শ্বফথ আলী খান আৰু প্ৰাক্তন বিধায়ক গিৰিনাথ সিংসহ তিনিজন চিকাৰীৰ নাম উল্লেখ কৰিছে (Tranquillize man eater leopard in Garhwa) ৷

"এটা জন্তুক নৰখাদক হিচাপে ঘোষণা কৰাৰ বাবে কিছুমান বিভাগীয় নীতি-নিয়ম থাকে ৷ তেনেক্ষেত্ৰত প্ৰথম অগ্ৰাধিকাৰ হ’ব বাঘটোক ট্ৰেংকুলাইজ কৰি বন্দী কৰা ৷ যিটো কেৱল বিশেষজ্ঞৰ দ্বাৰাহে সম্ভৱ ৷ যাৰ বাবে এই প্ৰচেষ্টাত সহায় কৰিবলৈ নাৱাব শ্বফথ আলী খানৰ সৈতে যোগাযোগ কৰিছে ঝাৰখণ্ড চৰকাৰে ৷ তেওঁ কেৱল এজন বিশেষজ্ঞই নহয়, এটা জন্তু বশ কৰি বন্দী কৰাৰ বাবে বিভিন্ন সা-সৰঞ্জামেৰে তেওঁ সুসজ্জিত ৷’’ ৰাজ্যিক বন্যপ্ৰাণী অধীক্ষক শশীকৰ ছামান্তাই এইদৰে কয় সংবাদ মাধ্যমৰ আগত (Leopard terror in Garhwa) ৷

লগতে পঢ়ক: Leopard terror at Teok : নাহৰফুটুকীৰ ত্ৰাসত ত্ৰস্তমান টীয়কবাসী

প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ছামান্তাই কয় যে, খান জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে অহাৰ সম্ভাৱনা আছে ৷ ‘‘যদি বাঘটো বন্দী কৰা সম্ভৱ নহয়, তেন্তে শেষ উপায় হিচাপে আমি বাঘটোক হত্যা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিম’’ ৷ চিকাৰী খানে জানিবলৈ দিছে যে, তেওঁক বনবিভাগে এই কামৰ বাবে আহ্বান জনাইছে ৷ ‘‘মোক ঝাৰখণ্ডত উপস্থিত হৈ বাঘটোক বশ কৰাত সহায় কৰিবলৈ কোৱা হৈছে ৷ অৱশ্যে, মই এতিয়াও বিভাগীয়ভাৱে কোনো পত্ৰ লাভ কৰা নাই’’ ৷ এইদৰে কয় নাৱাব শ্বফথ আলী খানে (Leopard terror news) ৷

কুশাৱাহা গাঁৱত বাঘটো আহিব পৰা সাম্ভাৱ্য বাটত 50 টা ট্ৰেপ কেমেৰা সংস্থাপন কৰা হৈছে ৷ ইয়াতেই বাঘটোৱে যোৱা 28 ডিচেম্বৰত এটা 12 বছৰীয়া কিশোৰক হত্যা কৰিছিল ৷ ‘‘ট্ৰেপ কেমেৰাসমূহে সেই অঞ্চলত বিভিন্ন জন্তুৰ ফটো সংগ্ৰহ কৰিছে যদিও বৰ্তমানলৈকে নাহৰফুটুকীটোৰ এখনো ফটো পোৱা নাই ৷ ট্ৰেপ কেমেৰাৰ বাহিৰেও ড্ৰোণ কেমেৰাৰ সহায়তো বাঘটোৰ বিচাৰ-খোচাৰ কৰা হৈছে যদিও, বৰ্তমালৈকে লাভ কৰা নাই কোনো সফলতা’’ ৷ এইদৰে মন্তব্য কৰে গাৰৱাৰ বন সংমণ্ডল বিষয়া শশী কুমাৰে ৷

তেওঁ লগতে কয় যে, দেওবাৰে কেমেৰাসমূহৰ স্থান সলনি কৰি বাঘটোৰ ধৰাৰ বাবে অন্য পৰিকল্পনা যুগুত কৰিছে ৷ ‘‘আমি মীৰাটৰ তিনিটা পিঞ্জৰা অনাইছোঁ’’ বুলি বিষয়াগৰাকীয়ে কয় ৷ যোৱা 10 ডিচেম্বৰত বাঘটোৱে লাটেহাৰ জিলাৰ বাৰৱাদিহ বন সংমণ্ডলৰ অধীনৰ চিপাদোহাৰ অঞ্চলত এটি 12 বছৰীয়া কিশোৰক আক্ৰমণ কৰিছিল ৷ বাঘৰ আক্ৰমণত আহত কিশোৰটোৰ মৃত্যু ঘটে ৷

তাৰ পাচতেই ভাণ্ডাৰীয়া বন সংমণ্ডৰ অধীনৰ ৰোডো গাঁৱত এটি 6 বছৰীয়া শিশু বাঘটোৰ আক্ৰমণত নিহত হয় 14 ডিচেম্বৰত ৷ একেদৰে ৰাংকা সংমণ্ডলৰ অধীনৰ ছেৱাদিহ গাঁৱত আন এটি ছবছীয়া শিশুও যোৱা 19 ডিচেম্বৰত বাঘটোৰ আক্ৰমণত নিহত হয় ৷ বাঘটোৰ বিচৰণ তথা আক্ৰমণৰ ঘটনাৰ বাবে ত্ৰাসিত হৈ পৰিছে অঞ্চল কেইটাৰ লোকসকল ৷ এতিয়া বনবিভাগে কি ধৰণে বাঘটোক বন্দী কৰিবলৈ সক্ষম হয় সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব ৷

লগতে পঢ়ক: Tiger Terror in Dibrugarh: ডিব্ৰুগড়ত নিৰ্মীয়মান বাসগৃহত সোমাল নাহৰফুটুকী, আতংকিত জনতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.