ETV Bharat / bharat

২৫ ফেব্ৰুৱাৰীত ২৪ ঘণ্টীয়া ত্ৰিপুৰা বন্ধৰ আহ্বান টিইউআইপিচিৰ - ২৫ ফেব্ৰুৱাৰীত ২৪ ঘণ্টীয়া ত্ৰিপুৰা বন্ধ

ৰাজ্য, কেন্দ্ৰ আৰু উগ্ৰপন্থী গোটৰ মাজত 'ত্ৰিপাক্ষিক চুক্তি'ৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰাৰ বাবে বিদ্ৰোহী সংগঠন টিইউআইপিচি আগন্তুক ২৫ ফেব্ৰুৱাৰীত ২৪ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে(24 hours Tripura bandh on Feb 25)।

ex-militant-calls-24-hours-tripura-bandh-on-feb-25
২৫ ফেব্ৰুৱাৰীত ২৪ ঘণ্টীয়া ত্ৰিপুৰা বন্ধৰ আহ্বান টিইউআইপিচিৰ
author img

By

Published : Feb 21, 2022, 2:20 PM IST

আগৰতলা,21 ফেব্ৰুৱাৰী : ৰাজ্য, কেন্দ্ৰ আৰু উগ্ৰপন্থী গোটৰ মাজত 'ত্ৰিপাক্ষিক চুক্তি'ৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰাৰ বাবে আগন্তুক ২৫ ফেব্ৰুৱাৰীত ২৪ ঘণ্টীয়া বন্ধৰ আহ্বান(24 hours Tripura bandh on Feb 25 )জনাইছে ৪৮ টা ঘূৰি অহা বিদ্ৰোহী সংগঠনৰ যুটীয়া সংস্থা ত্ৰিপুৰা ইউনাইটেড ইণ্ডিজেনাছ পিপলছ কাউন্সিল চমুকৈ টিইউআইপিচি(TUIPC)য়ে ।

সাংবাদিকৰ সৈতে হোৱা এক কথোপকথনত TUIPCৰ সাধাৰণ সম্পাদক ডেনিয়েল দেববৰ্মাই এই সন্দৰ্ভত তেওঁৰ মতামত ব্যক্ত কৰে ৷ তেওঁ কয় যে, "স্বাক্ষৰিত চুক্তি অনুসৰি ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে আমাৰ বিৰুদ্ধে পঞ্জীয়ন কৰা সকলো হত্যাৰ গোচৰ প্ৰত্যাহাৰ কৰিব, কিন্তু এতিয়ালৈকে এটাও গোচৰ প্ৰত্যাহাৰ কৰা পৰিলক্ষিত নহ'ল ।"

সেয়ে শান্তি চুক্তি স্বাক্ষৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰা তথা এয়া ৰাজ্য চৰকাৰৰ ব্যৰ্থতা বুলি মন্তব্য কৰি TUIPCৰ সাধাৰণ সম্পাদকগৰাকীয়ে আগন্তুক 25 ফেব্ৰুৱাৰীত ৰাজ্যজুৰি ২৪ ঘণ্টীয়া বন্ধ ঘোষণা কৰে(Ex militant calls 24-hours Tripura bandh ) ৷

ডেনিয়েলে দাবী কৰি কয় যে, "ৰাজ্য চৰকাৰে আমাৰ দাবী পূৰণ নকৰা ২৬ বছৰতকৈও অধিক সময় হৈ গৈছে । তেওঁলোকে আমাক আশ্বাস দিছিল যে তেওঁলোকে আমাক নিযুক্তি, বিত্তীয় সহায় আৰু শিশুসকলৰ বাবে শিক্ষা প্ৰদানৰ ক্ষেত্ৰত সহায় কৰিব কিন্তু সেইবোৰৰ এটাও প্ৰতিশ্ৰুতি চৰকাৰে আজি পৰ্যন্ত পূৰণ কৰিব নোৱাৰিলে ৷

তেওঁ লগতে জনাই যে, TUIPC য়ে এই পৰ্যন্ত তিনিবাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল আৰু প্ৰশাসনৰ বিপক্ষে মাত মাতিছিল । "চুক্তি অনুসৰি চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছে যে, তেওঁলোকে ত্ৰিপুৰাত বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা সকলো অবৈধ প্ৰব্ৰজনকাৰীক ঘূৰাই পঠিয়াব, কিন্তু আজি পৰ্যন্ত তেওঁলোকক ঘূৰাই পঠোৱাৰ কোনো ব্যৱস্থা নকৰিলে চৰকাৰে তথা ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনৰ বাবেও কোনো পদক্ষেপ নল'লে চৰকাৰে ।" এনে ধৰনে মন্তব্য কৰে TUIPCৰ সাধাৰণ সম্পাদক ডেনিয়েল দেববৰ্মাই ৷

লগতে পঢ়ক : BSF raid in Tripura: ২০২১ চনত ত্ৰিপুৰা সীমান্তত জব্দ প্ৰায় ৩৬ কোটি টকাৰ নিষিদ্ধ সামগ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.