ETV Bharat / bharat

Ex AP CM in jail: ৰাজামুন্দ্ৰী কেন্দ্ৰীয় কাৰাগাৰত TDP শীৰ্ষ চন্দ্ৰবাবু নাইডু, স্নেহা উইঙৰ কুঠৰী হ’ব ঠিকনা

author img

By ANI

Published : Sep 11, 2023, 8:05 AM IST

ৰাজামুন্দ্ৰী কেন্দ্ৰীয় কাৰাগাৰত অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডু । 7691 নম্বৰৰ কয়দীৰ কাষত স্নেহা উইঙত এটা ওপৰৰ ব্ল’কত নাইডুক ৰখা হৈছে ৷ মুৰব্বীগৰাকীৰ পুত্ৰৰ লগতে দলটোৰ নেতা-কৰ্মীয়ে ভিৰ কৰে কেন্দ্ৰীয় কাৰাগাৰ চৌহদত ৷

Chandrababu sent to Rajahmundry Central Jail
কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত TDP শীৰ্ষ চন্দ্ৰবাবু নাইডু

নেশ্যনেল ডেস্ক, 11 ছেপ্টেম্বৰ: দুৰ্নীতিৰ গোচৰত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত সোমবাৰে পুৱতি নিশা ৰাজামুন্দ্ৰী কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় তেলেগু দেশম পাৰ্টিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডু । আৰক্ষীয়ে এই সন্দৰ্ভত জানিবলৈ দিয়া মতে, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক জেলৰ স্নেহা উইঙত এটা ওপৰৰ ব্ল’ক আৱণ্টন দিয়া হৈছে ৷ যাতে পৰৱৰ্তী প্ৰক্ৰিয়া নোহোৱালৈকে 7691 নম্বৰৰ কয়দীৰ কাষত থাকিব পাৰে ।

কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় টিডিপিৰ মুৰব্বীগৰাকীৰ পুত্ৰ নৰা লোকেশ আৰু অন্যান্য দলৰ নেতাসকলো । পূব গোদাৱৰী জিলা আৰক্ষীয়ে অঞ্চলটোত আইন-শৃংখলা অক্ষুণ্ণ ৰাখিবলৈ ৰাজমুন্দ্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক জিম্মাত লোৱাৰ পূৰ্বে ৰাজমুন্দ্ৰী কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল । দলৰ মুৰব্বীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদ জনায় সোমবাৰে তেলেগু দেশম পাৰ্টিয়ে ৰাজ্যখনত বন্ধৰ আহ্বান জনাইছে ।

দক্ষতা বিকাশ নিগমৰ কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত বিজয়াৱাড়াৰ দুৰ্নীতি নিবাৰক ব্যুৰোৰ আদালতে নাইডুক 23 ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । অন্ধ্ৰ প্ৰদেশৰ অপৰাধ অনুসন্ধান বিভাগে শনিবাৰে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ কৰে চন্দ্ৰবাবু নাইডুক ।

এই গোচৰটো অন্ধ্ৰ প্ৰদেশ ৰাজ্যত চেণ্টাৰ অৱ এক্সেলেন্স (চিঅ’ই)ৰ ক্লাষ্টাৰ স্থাপনৰ সৈতে জড়িত ৷ বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি, ইয়াৰ আনুমানিক মূল্য 3300 কোটি টকা । এজেন্সীৰ বিষয়াসকলেও দাবী কৰে যে এই অভিযোগ উত্থাপন কৰাৰ ফলত ৰাজ্য চৰকাৰৰ 300 কোটিৰো অধিক ধন লোকচান হৈছে ৷

CID ৰ মতে, তদন্তত গুৰুতৰ অনিয়ম উন্মোচিত হৈছে যেনে ব্যক্তিগত প্ৰতিষ্ঠানৰ যিকোনো ব্যয়ৰ পূৰ্বে তেতিয়াৰ ৰাজ্য চৰকাৰে 371 কোটি টকাৰ অগ্ৰিম ধন প্ৰদান কৰিছিল, যিয়ে চৰকাৰৰ সমগ্ৰ 10% প্ৰতিশ্ৰুতিক প্ৰতিনিধিত্ব কৰিছিল ।

চৰকাৰে আগবঢ়োৱা ধনৰ অধিকাংশই ভুৱা চালানৰ জৰিয়তে শ্বেল কোম্পানীলৈ ডাইভাৰ্ট কৰা হৈছিল, চালানত উল্লেখ কৰা সামগ্ৰীসমূহৰ প্ৰকৃত ডেলিভাৰী বা বিক্ৰী হোৱা নাছিল বুলি CID ৰ বিষয়াসকলে জনায় ।

CID য়ে কয় যে এতিয়ালৈকে কৰা তদন্ত অনুসৰি ছটা দক্ষতা বিকাশ ক্লাষ্টাৰত ব্যক্তিগত সত্তাসমূহে ব্যয় কৰা মুঠ ধনৰাশি অন্ধ্ৰ প্ৰদেশ চৰকাৰ আৰু এ পি দক্ষতা বিকাশ কেন্দ্ৰই আগবঢ়োৱা ধনৰ পৰাই আহৰণ কৰা হৈছে, ইয়াৰ সৰ্বমুঠ পৰিমাণ 371 কোটি টকা ৷

লগতে পঢ়ক: Former CM Chandrababu Naidu arrested : প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক আদালতত হাজিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.