ETV Bharat / bharat

Indo China border issue: চীনৰ স্থানক ভাৰতীয় নামেৰে নামাকৰণৰ আহ্বান প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ

অৰুণাচল প্ৰদেশৰ ১১ টা স্থানক চীনে নামাকৰণ কৰাৰ পিচতেই এইবাৰ অৰুণাচল প্ৰদেশ চৰকাৰক চীন আৰু চীন অধিকৃত তিব্বতত ভাৰতীয় নামাকৰণ কৰিব লাগে বুলি আহ্বান জনালে প্ৰাক্তন ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন মহন্ত পাংগিঙে (China aggression in Arunachal Pradesh) ৷

Ex Air Force Captain calls for naming China place as Indian name
চীনৰ স্থানক ভাৰতীয় নামেৰে নামাকৰণৰ আহ্বান প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ
author img

By

Published : Apr 5, 2023, 8:51 PM IST

চীনৰ স্থানক ভাৰতীয় নামেৰে নামাকৰণৰ আহ্বান প্ৰাক্তন বায়ুসেনা কেপ্টেইনৰ

তেজপুৰ, ৫ এপ্ৰিল: অৰুণাচল প্ৰদেশৰ ১১ টা স্থানক দক্ষিণ তিব্বতৰ অধীনত বুলি ঘোষণা কৰাৰ পিচতেই অৰুণাচল প্ৰদেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (China aggression in Arunachal Pradesh)৷ বুধবাৰে এই সন্দৰ্ভত প্ৰাক্তন ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন মহন্ত পাংগিঙে (Ex Air Force Captain Mahanto Panging) ইটিভি ভাৰতৰ লগত হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত কয় যে, চীনে যিদৰে অৰুণাচল প্ৰদেশৰ ১১ টা ঠাইৰ নাম সলনি কৰি চীনা ভাষাত সংযোজিত কৰিছে সেইদৰে অৰুণাচল প্ৰদেশ চৰকাৰে চীন আৰু চীন অধিকৃত তিব্বতত ভাৰতীয় নামাকৰণ কৰিব লাগে (China place as Indian name)৷ তেতিয়াহে যেনে কুকুৰ তেনে টাঙোন হ’ব ৷

সকলোৱে মেক-মোহন লাইনৰ বিষয়ে অৱগত ৷ অৰুণাচল প্ৰদেশ ভাৰতৰ অখণ্ড অংগ ৷ অৰুণাচল প্ৰদেশৰ লগত আলোচনা নকৰাকৈ চীনে নিজেই এই নামসমূহ সলনি কেনেকৈ কৰিব পাৰে (China renaming 11 places in Arunachal Pradesh) ৷ অৰুণাচল প্ৰদেশ কাহানিও চীন বা তিব্বতৰ অংশ নাছিল তাৰ বাবে ইতিহাস অধ্যয়নৰ প্ৰয়োজন ৷ বাৰে বাৰে তেওঁলোকে অৰুণাচল প্ৰদেশৰ ঠাইৰ নাম সলনি কৰি আছে এইটো দুৰ্ভাগ্যজনক ৷ ছিমলা সন্ধি আনুষ্ঠানিকভাৱে ভাৰত অৰ্থাৎ ইংৰাজ চৰকাৰৰ লগত, চীন আৰু তিব্বতৰ মাজৰ চুক্তি আছিল ৷

১৯১৩ আৰু ১৯১৪ চনত চিমলাত চীন গণৰাজ্য, তিব্বত আৰু গ্ৰেট ব্ৰিটেইনৰ প্ৰতিনিধিয়ে আলোচনা কৰা তিব্বতৰ মৰ্যাদা সম্পৰ্কে এক সন্ধি (Indo China border issue)৷ এইসমূহ আওকাণ কৰি পুনৰ এনে ধৰণৰ হঠকাৰী সিদ্ধান্ত লোৱাটো পৰিতাপৰ বিষয়৷ কাৰণ ছিমলা সন্মিলনত তিব্বতক "বাহ্যিক তিব্বত" আৰু "ভিতৰৰ তিব্বত" হিচাবে ভাগ কৰা হ'ব বুলি নিৰ্ধাৰণ কৰা হৈছিল ৷ উ-ছাং আৰু পশ্চিম খামৰ সৈতে মোটামুটিভাৱে মিল থকা বাহিৰৰ তিব্বত চীনৰ আধিপত্যৰ অধীনত লাছাত তিব্বত চৰকাৰৰ হাতত থাকিব ৷ কিন্তু চীনে ইয়াৰ প্ৰশাসনত হস্তক্ষেপ নকৰিব ৷ "আভ্যন্তৰীণ তিব্বত" মোটামুটিভাৱে, আমডো আৰু পূব খামৰ সমতুল্য চীন চৰকাৰৰ অধীনস্থ হ'ব ৷

ইয়াৰ পৰিশিষ্টসমূহৰ সৈতে এই চুক্তিখনে তিব্বত আৰু চীনৰ মাজৰ সীমা আৰু তিব্বত আৰু পূৰ্বৰ ব্ৰিটিছ তথা ভাৰতৰ মাজৰ সীমাও নিৰ্ধাৰণ কৰে (ইয়াক মেক মোহন লাইন বুলি জনা যায়) ৷

উল্লেখ্য যে, ১৯১৪ চনৰ ২৭ এপ্ৰিলত তিনিওখন দেশৰ দ্বাৰা এখন খচৰা চুক্তি স্বাক্ষৰ কৰা হয় যদিও চীনে লগে লগে ইয়াক অস্বীকাৰ কৰে ৷ ১৯১৪ চনৰ ৩ জুলাইত পুনৰ সামান্য সংশোধিত সন্ধি স্বাক্ষৰিত হয় যদিও কেৱল ব্ৰিটেইন আৰু তিব্বতেহে সন্ধিত স্বাক্ষৰ কৰে ৷ চীনৰ সম্পূৰ্ণ ক্ষমতাসম্পন্ন ইভান চেনে এই সন্ধিত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰে ৷ ইয়াৰ পিচত ব্ৰিটিছ আৰু তিব্বতৰ সৰ্বাধিক ক্ষমতাসম্পন্ন ৰাষ্ট্ৰই দ্বিপাক্ষিক ঘোষণাপত্ৰত স্বাক্ষৰ কৰে য’ত উল্লেখ আছিল যে এই চুক্তিখনত চীনে স্বাক্ষৰ নকৰালৈকে চুক্তিখনৰ অধীনত সকলো বিশেষাধিকাৰৰ পৰা বঞ্চিত কৰা হ’ব ৷

ইয়াৰ উপৰিও কেপ্টেইন মহন্তই দাবী জনায় যে, যিদৰে অৰুণাচলৰ লোকৰ বাবে চীন চৰকাৰে ষ্টেপল ভিছা প্ৰৱৰ্তন কৰিছে ঠিক তেনেদৰে ভাৰত চৰকাৰেও চীনৰ বাসিন্দাৰ বাবে একে ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে ৷ কাৰণ আজিৰ দিনতো ভিছা নিদিয়াৰ অৰুণাচল প্ৰদেশৰ খেলুৱৈয়ে চীনত অনুষ্ঠিত হোৱা যি কোনো খেলত অংশগ্ৰহণৰ পৰা বঞ্চিত হয় ৷

লগত পঢ়ক: India China Conflict : অৰুণাচলৰ ১১ স্থান পুনৰ চীনৰ নামকৰণ

লগতে পাংগিঙে কয় যে, তেওঁৰ দায়িত্বৰ সময়ত ভাৰতীয় সেনাৰ ৩০ জনীয়া ডিফেঞ্চ ডেলিগেচন চীনলৈ যোৱাৰ সময়ত পাংগিঙৰ বাবে কোনো ভিছা নালাগে ৷ কাৰণ পাংগিংসকল চীনৰ মানুহ বুলি দাবী কৰিছিল আৰু তাৰ পিচতেই সেই ডেলিগেচন বাতিল কৰা হৈছিল ৷ গতিকে চীনৰ এই দুমুখীয়া চৰিত্ৰৰ কথা সমগ্ৰ বিশ্বই জানে ৷ এগৰাকী স্থানীয় বাসিন্দা হৈ এই নামাকৰণ কেতিয়াও মানিব ল’ব নোৱাৰো ৷ ই চীনৰ এক ৰাজনৈতিক অভিসন্ধি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.