ETV Bharat / bharat

অনলাইন প্লেটফৰ্মত বিক্ৰেতাৰ সকলো তথ্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক

author img

By

Published : Oct 12, 2021, 5:03 PM IST

গ্ৰাহক সুৰক্ষা (ই-বাণিজ্য) নিয়ম, ২০২০ অনুসৰি কিছুমান বিক্ৰেতাই তেওঁলোকৰ বিৱৰণ অনলাইন প্লেটফৰ্মত প্ৰদৰ্শন নকৰে । যাৰ বাবে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা কৰ্তৃপক্ষই দিয়া নিৰ্দেশনা অনুসৰি ইটেইলাৰ সকলে তেওঁলোকৰ নামৰ লগতে বিক্ৰেতাৰ ঠিকনা আৰু যোগাযোগৰ তথ্য গ্ৰাহকৰ স্বাৰ্থত ৰাজহুৱা কৰিব লাগিব ।

CCPA
অনলাইন প্লেটফৰ্মত বিক্ৰেতাৰ সকলো তথ্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক

নেশ্যনেল ডেস্ক,১২ অক্টোবৰ : মহামাৰীৰ সময়ত দেশত অনলাইন বজাৰৰ পৰিসীমা বৃদ্ধি হৈছে । বহু লোকে অনলাইন ব্যৱসায়ক আঁকোৱালি লোৱা দেখা গৈছে । এনে সময়তে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা কৰ্তৃপক্ষৰ (CCPA) বিশেষ নিৰ্দেশনা । গ্ৰাহক সুৰক্ষা নিয়ন্ত্ৰক কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা কৰ্তৃপক্ষৰ মতে ইটেইলাৰসকলে তেওঁলোকৰ নামৰ লগতে বিক্ৰেতাৰ ঠিকনা আৰু যোগাযোগৰ তথ্য গ্ৰাহকৰ স্বাৰ্থত স্পষ্টভাৱে প্ৰদৰ্শন কৰিব লাগিব ।

ইতিমধ্যে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা কৰ্তৃপক্ষই এই সন্দৰ্ভত সকলো ৰাজ্য আৰু উদ্যোগৰ সহযোগীসকলক এক পৰামৰ্শ জাৰি কৰিছে । যিহেতু গ্ৰাহক সুৰক্ষা (ই-বাণিজ্য) নিয়ম, ২০২০ অনুসৰি কিছুমান বিক্ৰেতাই তেওঁলোকৰ বিৱৰণ প্ৰদৰ্শন কৰা নাই, সেয়ে এই নিৰ্দেশনা জাৰি কৰিছে কতৃপক্ষই । উপভোক্তা সুৰক্ষা (ই-বাণিজ্য) নিয়ম, ২০২০ ৫(৩)(ই) অনুসৰি, প্ৰতিটো ই-কমাৰ্চ সংস্থাই নাম আৰু যোগাযোগ নম্বৰসহ বিক্ৰেতাসকলে সকলো তথ্য আৰু লগতে নিষ্পত্তিৰ বাবে বা আন যিকোনো বিষয়ৰ প্ৰতিবেদন দিয়াৰ বাবে অভিযোগ বিষয়াৰ বিৱৰণ প্ৰদান কৰিব লাগিব ।

চিচিপিএৰ আয়ুক্ত অনুপম মিশ্ৰাই কোৱা মতে, ওপৰোক্ত নিয়ম উলংঘন কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে । লগতে নিৰ্দেশনাত কোৱা হৈছে যে উদ্যোগৰ সহযোগীসকলে তেওঁলোকৰ সদস্যসকলক ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে সামগ্ৰী বা সেৱা ক্ৰয় কৰাৰ সময়ত গ্ৰাহকসকলৰ বাবে পৰ্যাপ্ত নিষ্পত্তি প্ৰণালী উপলব্ধ হোৱাটো নিশ্চিত কৰিবলৈ নিয়মবোৰ পালন কৰাটো প্ৰয়োজন ।

কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা কৰ্তৃপক্ষৰ মতে সুৰক্ষা ব্যৱস্থা আৰু ক'ভিড বিধিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত অধিক গ্ৰাহকে মহামাৰীৰ সময়ত সামগ্ৰী আৰু সেৱা ক্ৰয় কৰাৰ মাধ্যম হিচাপে ই-কমাৰ্চ বাছনি কৰি আহিছে । ফলস্বৰূপে, ইটেইলাৰৰ বিৰুদ্ধে গ্ৰাহকৰ অভিযোগৰ সংখ্যাও বৃদ্ধি পাইছে । এই বিত্তীয় বৰ্ষত ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইন (NCH)য়ে ই-কমাৰ্চ খণ্ডৰ বিৰুদ্ধে ৬৯,২০৮ টা অভিযোগ লাভ কৰিছে । এই অভিযোগ বেঙ্কিং আৰু টেলিকমৰ দৰে অন্যান্য খণ্ডৰ তুলনাত সৰ্বাধিক ।

লগতে পঢ়ক :মানৱ অধিকাৰ আয়োগৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী মোডীৰ অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.