নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক ম'ৰেকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথসমূহত অৱৰোধ আঁতৰাবলৈ আৰু ৰাজ্যজুৰি খাদ্য, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ সুচল যোগান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে, য'ত সম্ভৱ তাত আকাশী পথেৰে এই সামগ্ৰীবোৰ যোগান ধৰিবলৈও কয় ।
ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ জে বি পাৰ্ডিৱালাক লৈ গঠিত এখন বিচাৰপীঠে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক ৰাজ্যজুৰি খাদ্য, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ সূচাৰুৰূপে যোগান ধৰিবৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাটো নিশ্চিত কৰিবলৈ কয় । বিচাৰপীঠে উল্লেখ কৰে যে এটা বিকল্প হৈছে পথ অৱৰোধ উঠাই লোৱা । আৰু যদি সেয়া সম্ভৱ নহয় তেন্তে এই যোগানবোৰ আকাশীপথেৰে কৰিবলৈও নিৰ্দেশ দিয়ে ।
এগৰাকী আবেদনকাৰীক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে কয় যে মণিপুৰত পথ অৱৰোধ চলি আছে আৰু মানুহে ভোকত আছে । তেওঁলোকে খাদ্য-সামগ্ৰী আকাশীপথেৰে সৰবৰাহ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছে ।
জয়সিঙে কয় যে ম'ৰে অঞ্চলত খাদ্য নাই । সমস্যাটো হৈছে পথ অৱৰোধৰ বাবে । আনহাতে, শীৰ্ষ ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত সমিতিয়ে সশস্ত্ৰ বাহিনীক অৱৰোধ আঁতৰাবলৈ নিৰ্দেশ দিব নোৱাৰে । লগতে তেওঁ খাদ্য যোগান গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰে ।
আনহাতে, আদালতৰ দ্বাৰা নিযুক্ত সমিতিৰ অধিবক্তাই বিচাৰপীঠক জনায় যে কিছুমান সাহায্য শিবিৰত সৰু আইৰ প্ৰাদুৰ্ভাৱ হৈছে । লগতে অৱৰোধৰ ফলত যোগান সীমিত হোৱাৰ কথাটো আঙুলিয়াই দিয়ে । তেতিয়া মুখ্য ন্যায়াধীশে প্ৰশ্ন কৰে যে সমিতিৰ অধিবক্তাই চৰকাৰক এই বিষয়ে অৱগত কৰোৱাৰ সলনি আদালতৰ সন্মুখত কিয় বিতৰ্ক কৰি আছে ।
ইফালে কেন্দ্ৰ আৰু মণিপুৰ দুয়োটাকে প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে চৰকাৰ এই বিষয়ে অৱগত আৰু খাদ্যৰ যোগান নিশ্চিত কৰাৰ বাবে পদক্ষেপ লোৱা হ'ব ।
বিচাৰপীঠে কেন্দ্ৰ আৰু ৰাজ্যক নিৰ্দেশ দিয়ে যে প্ৰভাৱিত এলেকাবোৰত খাদ্য, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মৌলিক যোগান বিতৰণ অব্যাহত থাকিব, যাতে জনসাধাৰণৰ কোনো অংশয়েই ক্ষতিগ্ৰস্ত নহয় । আনহাতে, অৱৰোধ আঁতৰোৱাটো চৰকাৰৰ দায়িত্ব । বিচাৰপীঠে কয় যে চৰকাৰে প্ৰয়োজন হ'লে আকাশীপথকে ধৰি সকলো বিকল্পৰ সন্ধান কৰা উচিত আৰু পৰিস্থিতি উন্নত কৰাৰ বাবে লোৱা পদক্ষেপৰ বিষয়ে আদালতক অৱগত কৰাব লাগে ।
শীৰ্ষ আদালতে বিষয়টোৰ পৰৱৰ্তী শুনানিৰ বাবে আগন্তুক সপ্তাহ নিৰ্ধাৰণ কৰিছে । উল্লেখ্য যে শীৰ্ষ ন্যায়ালয়ে মণিপুৰত হিংসা সন্দৰ্ভত এটা গোটৰ আবেদনৰ শুনানি গ্ৰহণ কৰি আছে ।
লগতে পঢ়ক :Manipur violence : অশান্ত মণিপুৰ, ট্ৰাইবেল ফ'ৰামৰ জৰুৰী বন্ধৰ ঘোষণা