ETV Bharat / bharat

Mafia Atiq Ahmed Murder Case : প্ৰয়াগৰাজত কটকটীয়া নিৰাপত্তা ব্যৱস্থা, মুখ্যমন্ত্ৰীৰ পৰিস্থিতি পৰ্যালোচনা - Atiq Ahmed and Ashraf Ahmed murder case

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদৰ আশ্চৰ্যজনক গুলীবৰ্ষণৰ কেইঘণ্টামান পিচত প্ৰয়াগৰাজ আৰক্ষী আয়ুক্ত ৰমিত শৰ্মাই ১৫ এপ্ৰিলৰ ঘটনা সন্দৰ্ভত চলি থকা তদন্তৰ বিষয়ে অৱগত কৰে (mafia turned politician Atiq Ahmed murder case) । তেওঁ জানিবলৈ দিয়ে যে শ্বুটাৰসকল সাংবাদিকৰ ছদ্মবেশত আছিল আৰু সোধা-পোছাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে ।

Atiq Ahmed murder case
Atiq Ahmed murder case
author img

By

Published : Apr 16, 2023, 7:35 AM IST

নিউজ ডেস্ক, ১৬ এপ্ৰিল : পুত্ৰক এনকাউণ্টাৰৰ মাত্ৰ দুদিনৰ ভিতৰতে মাফিয়া আতিক আহমেদ আৰু তেওঁৰ ভাতৃক আততায়ীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা ঘটনাই বৰ্তমান দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Mafia Atoq Ahmed and brother Murder Case) । বহুতে এই ঘটনাক পূৰ্ব পৰিকল্পিত ঘটনা বুলি দাবী কৰি ইয়াৰ আঁৰত উত্তৰ প্ৰদেশ আৰক্ষী জড়ি থকাৰ অভিযোগ উত্থাপন কৰিছে । আনহাতে, ঘটনা সন্দৰ্ভত প্ৰয়াগৰাজ আৰক্ষী আয়ুক্ত ৰমিত শৰ্মাই এই হত্যাকাণ্ডৰ তদন্তৰ বিষয়ে অৱগত কৰিছে (mafia turned politician Atiq Ahmed murder case) ।

"আতিক আহমেদ, তেওঁৰ ভাতৃ আশ্ৰফ আহমেদক চিকিৎসাৰ বাবে নিয়া হৈছিল । তেনে সময়ত সংবাদ মাধ্যমৰ লোকক বাইট দিয়াৰ সময়ত সংবাদিকৰ ছদ্মবেশত অহা তিনিজন লোকে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে । যাৰ ফলত দুয়োৰে ঘটনাস্থলীতে মৃত্যু হয় । এই ঘটনাত ইতিমধ্যে তিনিজন লোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক সোধা-পোছা কৰি থকা হৈছে । এই ঘটনা এজন সাংবাদিক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এজন কনিষ্টবলৰ গাত গুলী লাগে ।" শৰ্মাই কয়।

উল্লেখ্য, মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদক ১৫ এপ্ৰিলত গুলীয়াই হত্যা কৰা হয় (Atiq Ahmed and Ashraf Ahmed murder case) । আতিক আহমেদ আৰু তেওঁৰ ভাতৃক প্ৰয়াগৰাজত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল । অধিক বিৱৰণৰ বাবে অপেক্ষা কৰা হৈছে ।

আনহাতে, প্ৰয়াগৰাজত মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদৰ গুলীচালনাৰ পিচতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ১৬ মাৰ্চত ৰাজ্যখনৰ কেইবাখনো স্থানত ফ্লেগ মাৰ্চ কৰে । ৰাজ্য চৰকাৰে ৰাজ্যখনত শান্তিপূৰ্ণ পৰিস্থিতি বজাই ৰাখিবলৈ সকলো প্ৰচেষ্টা হাতত লৈছে । নিৰাপত্তা বৃদ্ধিৰ লগতে সকলো জিলাতে ১৪৪ ধাৰাও জাৰি কৰা হৈছে ।

ইফালে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও তেওঁৰ বাসগৃহত আৰক্ষী বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় (Yogi Adityanath review law and order situation) ।

  • #WATCH | Uttar Pradesh: Moment when Mafia-turned-politician Atiq Ahmed and his brother Ashraf Ahmed were shot dead by assailants while interacting with media.

    (Warning: Disturbing Visuals) pic.twitter.com/PBVaWji04Q

    — ANI (@ANI) April 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উত্তৰ প্ৰদেশ আৰক্ষীয়ে দেওবাৰে কয় যে শনিবাৰে নিশা মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক হত্যা কৰা শ্বুটাৰসকল ঘটনাস্থলীত সাংবাদিকৰ ৰূপত আছিল । "শ্বুটাৰসকল সাংবাদিক হিচাপে ৰখি আছিল । আতিক স্বাস্থ্য পৰীক্ষা কৰিবলৈ যোৱাৰ লগে লগে তেওঁলোকক আন সাংবাদিকে আগুৰি ধৰে আৰু আতিক আৰু তেওঁৰ ভাতৃৰ কাষ চাপে । এজনৰ কেমেৰা আছিল আৰু কেমেৰামেন হিচাপে ভংগীমা দি আছিল । আন এজনে মাইক লৈ ঘূৰি ফুৰিছিল । তাত এনচিআৰ নিউজ লিখা আছিল । তৃতীয়জনে দুয়োকে সহায় কৰি আছিল ।" আৰক্ষী সূত্ৰই এই কথা জনায় ।

আতিক চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে সাংবাদিকসকলে তেওঁলোকক প্ৰশ্ন কৰিব আৰম্ভ কৰে । আতিকে তাৰে দুটামান শাৰী ক'ব ওলাওঁতেই এজন ব্যক্তিয়ে শূন্য দূৰত্বৰ পৰা তেওঁৰ মূৰত গুলীচালনা কৰে আৰু আতিক লগে লগে বাগৰি পৰে । আন দুজনেও কেমেৰা আৰু মাইক দলিয়াই দি গুলীবৰ্ষণ আৰম্ভ কৰা বুলি সূত্ৰই উল্লেখ কৰিছে । উল্লেখ্য, উত্তৰ প্ৰদেশৰ ঝান্সীত সংঘৰ্ষত আতিক আহমেদৰ পুত্ৰ আছাদ নিহত হোৱাৰ দুদিনমান পিচতে শনিবাৰে প্ৰয়াগৰাজত চিকিৎসাৰ বাবে লৈ যোৱাৰ সময়ত মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদ নিহত হয়।

আতিক আহমেদক ২০০৫ চনৰ বিএছপি বিধায়ক ৰাজু পাল হত্যাকাণ্ডৰ গোচৰত আৰু এই বছৰৰ ফেব্ৰুৱাৰীত সংঘটিত উমেশ পাল হত্যাকাণ্ডৰ গোচৰতো অভিযুক্ত কৰা হৈছিল । ঘটনাটোৰ পিচত উত্তৰ প্ৰদেশ চৰকাৰে দেওবাৰে সকলো জিলাতে চিআৰপিচিৰ ১৪৪ ধাৰা জাৰি কৰে । এই সন্দৰ্ভত উত্তৰ প্ৰদেশ আৰক্ষীয়ে উল্লেখ কৰা মতে মুঠ তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাইজক উৰাবাতৰিৰ প্ৰতি মনোযোগ নিদিবলৈ আহ্বান জনাইছে ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিবৃতিত কোৱা হৈছে, "তেওঁ আৰক্ষী বিষয়াসকলক সতৰ্ক হৈ থাকিবলৈ আৰু ৰাজ্যখনত আইন-শৃংখলা বজাই ৰাখিবলৈ নিৰ্দেশ দিছে ।" আনহাতে, প্ৰয়াগৰাজত আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক গুলীয়াই হত্যা কৰাৰ অলপ পিছতে শনিবাৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে কয় যে ৰাজ্যখনত অপৰাধ শীৰ্ষত উপনীত হৈছে আৰু "অপৰাধীসকলৰ" মনোবল ক্ৰমান্বয়ে বৃদ্ধি পাইছে ।

"উত্তৰ প্ৰদেশত অপৰাধ শীৰ্ষত উপনীত হৈছে আৰু অপৰাধীসকলৰ মনোবল উচ্চ । নিৰাপত্তা বেষ্টনীৰ দ্বাৰা আৱৰি থকা সত্ত্বেও যেতিয়া কাৰোবাক মুকলিকৈ হত্যা কৰিব পাৰি, তাৰ পৰাই সাধাৰণ ৰাইজৰ অৱস্থা কল্পনা কৰিব পাৰি। ইয়াৰ বাবে (তথাকথিত এনকাউণ্টাৰ হত্যা) ৰাইজৰ মাজত ভয়ৰ পৰিৱেশ সৃষ্টি হৈছে । এনেকুৱা লাগিছে যে কিছুমান লোকে ইচ্ছাকৃতভাৱে এনে পৰিৱেশৰ সৃষ্টি কৰিছে ।" অখিলেশ যাদৱে টুইটত লিখিছে ।

আনহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে নিশাৰ ভাগত অনুষ্ঠিত বৈঠকত ৰাজ্যৰ আৰক্ষী বিষয়াসকলক উচ্চ সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু প্ৰয়াগৰাজত মাফিয়াৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু ভাতৃ আশ্ৰাক গুলীয়াই হত্যা কৰাৰ পিছত ৰাজ্যজুৰি আইন-শৃংখলা বজাই ৰখাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ বিবৃতি অনুসৰি, "উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আৰক্ষী বিষয়াসকলক সতৰ্ক হৈ থাকিবলৈ, ৰাজ্যখনত শান্তি, আইন-শৃংখলা বজাই ৰখাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে যাতে ৰাইজে কোনো সমস্যাৰ সন্মুখীন নহয় ।"

এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উৰাবাতৰিৰ প্ৰতি মনোযোগ নিদিবলৈ ৰাইজক আহ্বান জনায় । "মুখ্যমন্ত্ৰীয়ে ৰাইজক উৰাবাতৰিৰ প্ৰতি কোনো মনোযোগ নিদিবলৈ আহ্বান জনাইছে । যিসকলে উৰাবাতৰি বিয়পাইছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।" চৰকাৰী বিবৃতিত এনেদৰে উল্লেখ কৰা হৈছে ।

মুখ্যমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত বৈঠকত উত্তৰ প্ৰদেশৰ গৃহ সচিব সঞ্জয় প্ৰসাদ, উত্তৰ প্ৰদেশ আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) আৰ কে বিশ্বকৰ্মা আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :Atiq Ahmed shot dead আৰক্ষী বেষ্টনীৰ মাজতে শূন্য দূৰত্বৰ পৰা হত্যা আতিক আহমেদসহ ভাতৃ আশ্ৰফক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.