ETV Bharat / bharat

Honour to Sunil Gavaskar : কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ নামত ইংলেণ্ডত ষ্টেডিয়াম - Sunil Gavaskar part of World Cup winning team

শনিবাৰে ইংলেণ্ডৰ লেইষ্টাৰ ষ্টেডিয়াম সুনীল গাভাস্কাৰৰ নামেৰে নামকৰণ কৰা হয় (Englands Leicester named after legend Sunil Gavaskar) । ইংলেণ্ডত তেওঁৰ নামেৰে এখন ক্ৰিকেট ষ্টেডিয়াম স্থাপন কৰা প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ হৈছে গাভাস্কাৰ ।

Sunil Gavaskar
Sunil Gavaskar
author img

By

Published : Jul 23, 2022, 1:59 PM IST

নিউজ ডেস্ক, ২৩ জুলাই : সুনীল গাভাস্কাৰ । ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি পুৰুষ (Indian cricket Legendary Sunil Gavaskar) । এইগৰাকী ভাৰতৰ প্ৰাক্তন মহান ক্ৰিকেটাৰ তথা অধিনায়ক সুনীল গাভাস্কাৰে নিজাববীয়াকৈ ভাৰতীয় দলৰ হৈ বহু মেচত জয়লাভ কৰাইছিল । বৰ্তমান সুনীল গাভাস্কাৰৰ নামত আন এক ডাঙৰ কৃতিত্ব স্থাপন হ'ল । শনিবাৰে ইংলেণ্ডৰ লেইষ্টাৰ ষ্টেডিয়ামৰ নাম সুনীল গাভাস্কাৰৰ নামেৰে নামকৰণ কৰা হয় (Englands Leicester named after legend Sunil Gavaskar) ।

ইংলেণ্ডত তেওঁৰ নামেৰে এখন ক্ৰিকেট ষ্টেডিয়াম স্থাপন কৰা প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ হৈছে তেওঁ । উল্লেখ্য, ১৯৮৩ চনত ভাৰতৰ বিশ্বকাপ বিজয়ী দলৰ অংশ আছিল সুনীল গাভাস্কাৰ (Sunil Gavaskar part of World Cup winning team) । ইংলেণ্ডত সুনীল গাভাস্কাৰৰ নামেৰে এখন ক্ৰিকেট ষ্টেডিয়াম নামকৰণ সন্দৰ্ভত প্ৰবীণ বেটছমেনগৰাকীয়ে কয়, "মই সুখী আৰু সন্মানিত যে লেইষ্টাৰৰ এখন খেলপথাৰ মোৰ নামেৰে নামকৰণ কৰা হৈছে । বিশেষকৈ ভাৰতীয় ক্ৰিকেটৰ শক্তিশালী সমৰ্থক থকা চহৰখনেই সম্ভৱত লেইষ্টাৰ আৰু সেয়েহে ই সঁচাকৈয়ে এক বৃহৎ সন্মান ।"

তদুপৰি ভাৰত স্প’ৰ্টছ এণ্ড ক্ৰিকেট ক্লাবৰ মালিকানাধীন পাঁচ একৰ খেলপথাৰৰ এখন পেভিলিয়নৰ দেৱালত ৭৩ বছৰীয়া সুনীল গাভাস্কাৰৰ এখন ফটো নিৰ্মাণ কৰা হৈছে । উল্লেখ্য, সুনীল গাভাস্কাৰ এটা সময়ত ভাৰতীয় দলটোৰ প্ৰমুখ নাম আৰু মুখ আছিল ৷ ৭০-৮০ৰ দশকত কোনো হেলমেট পৰিধান নকৰাকৈ সেই যুগৰ মাৰাত্মক বেগী বলাৰসকলৰ বিৰুদ্ধে নিৰ্ভীকভাৱে বেটিং কৰিছিল তেওঁ । দৰাচলতে মাইকেল হোল্ডিং, এণ্ডি ৰবাৰ্টছ, মেলকম মাৰ্শ্বেল আৰু জোৱেল গাৰ্নাৰ আদি ৱেষ্ট ইণ্ডিজ দলৰ ‘ফ'ৰ হৰ্ছমেন’ৰ বিৰুদ্ধে তেওঁ মাত্ৰ টুপী পিন্ধিয়ে বেটিং কৰিছিল ।

১৯৭১ চনৰ পৰা ১৯৮৭ চনলৈকে ৩৫টা শতকেৰে ১৬ বছৰীয়া বিখ্যাত কেৰিয়াৰ সামৰা সুনীল গাভাস্কাৰে ১৩,২১৪ ৰান সংগ্ৰহ কৰিছে । তেওঁ টেষ্ট ক্ৰিকেটত ১০,০০০ ৰান সম্পূৰ্ণ কৰা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় । ১৯৮৭ চনৰ ৭ মাৰ্চত আহমেদাবাদত পাকিস্তানৰ বিৰুদ্ধে তেওঁ এই কৃতিত্ব অৰ্জন কৰে । ভাৰতৰ হৈ তেওঁ ১০০ খনতকৈও অধিক এদিনীয়া মেচ খেলিছিল । অৱসৰৰ পিছত তেওঁ ধাৰাভাষ্যকাৰ হিচাবেও খ্যাতি অৰ্জন কৰিছে । ইয়াৰ উপৰি তেওঁ নিজৰ আত্মজীৱনী 'ছানি ডেজ'ও লিখিছে (Sunil Gavaskar biography Sunny Days) ।

লগতে পঢ়ক :T20 match to be held in Guwahati: গুৱাহাটীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.