নেশ্যনেল ডেস্ক, ৯ অক্টোবৰ : জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত আছে । সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ পাচতে শুকুৰবাৰে নিশা প্ৰায় ১ বজাত শ্ৰীনগৰৰ চানাপুৰাৰ মেথান অঞ্চলত চি আৰ পি এফ আৰু আৰক্ষীয়ে অভিযান চলায় । শনিবাৰে কাশ্মীৰ আৰক্ষীৰ জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, চি আৰ পি এফ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই থকাৰ সময়তে সন্ত্ৰাসবাদীয়ে প্ৰথমে গুলীচালনা কৰে । প্ৰত্যুত্তৰত অভিযানকাৰী দলটোৱেও গুলীচালনা কৰে ।
কিছু সময়ৰ বাবে গুলীয়াগুলি অব্যাহত আছিল আৰু তাৰ পাচত গুলীচালনা বন্ধ কৰিছিল দুয়ো পক্ষই । অৱশ্যে সন্ত্ৰাসবাদীকেইটা পলায়ন কৰিবলৈ সক্ষম হয় । আন্ধাৰৰ সুযোগ লৈ সন্ত্ৰাসবাদীয়ে পলায়ন কৰিলে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । অঞ্চলটোত অভিযান অব্যাহত থাকিব বুলি কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিছে ।
আনহাতে, কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে এই সন্দৰ্ভত জনাইছিল যে, শ্ৰীনগৰৰ মেথান অঞ্চলত দ্বিতীয়টো সংঘৰ্ষ আৰম্ভ হৈছে । আৰক্ষী আৰু চি আৰ পি এফৰ অভিযান অব্যাহত আছে ।
শুকুৰবাৰে আৰক্ষীয়ে জনাইছিল যে, নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হৈছে আৰু শ্ৰীনগৰৰ নাটিপোৰা অঞ্চলত আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলিৰ সময়ত এটা সন্ত্ৰাসবাদী পলায়ন কৰিবলৈ সক্ষম হয় । নিহত সন্ত্ৰাসবাদীটোৰ পৰা উদ্ধাৰ হোৱা পৰিচয় পত্ৰ অনুসৰি, সন্ত্ৰাসবাদীটো ট্ৰেঞ্জ শ্বপিয়ানৰ আকিব বছিৰ কুমাৰ বুলি চিনাক্ত কৰা হৈছে ।
আকিব বছিৰ সন্ত্ৰাসবাদী সংগঠন এল ই টিৰ সৈতে জড়িত আছিল । আৰক্ষীয়ে উক্ত স্থানৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু আন বিস্ফোৰক সামগ্ৰীও জব্দ কৰে ।
লগতে পঢ়ক:স্বাধীনতাৰ ৭৫ বছৰ: শ্বহীদ ভগত সিঙে পলায়ন কৰি লুকাই থকা অবিভক্ত বৰ্ধমানৰ সেই ঘৰটো