ETV Bharat / bharat

16 Dog Shot Dead: পেছাদাৰী ঘাতকৰ হতুৱাই চৰকাৰে গুলীয়াই মাৰিলে 16 টা কুকুৰক - অপৰাধী নহয় এইবাৰ এনকাউন্টাক হ’ল কুকুৰৰ

হয়, ঠিকেই শুনিছে ৷ অপৰাধী নহয়, এইবাৰ এনকাউন্টাৰ হ’ল কুকুৰৰ ৷ তিনিজন চাৰ্প শ্বুটাৰে গুলীয়াই হত্যা কৰিলে ১৬ টাকৈ কুকুৰক ৷ এনকাউন্টাৰত মৃত্যু হোৱা কুকুৰ কেইটাৰ আক্ৰমণত প্ৰায় 9 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল প্ৰায় 40 গৰাকী লোক(Dog Terror In Bihar) ৷

16 Dog Shot Dead
অপৰাধী নহয় এইবাৰ এনকাউন্টাক হ’ল কুকুৰৰ
author img

By

Published : Jan 4, 2023, 8:52 PM IST

অপৰাধী নহয় এইবাৰ এনকাউন্টাক হ’ল কুকুৰৰ

নিউজ ডেস্ক, 4 ডিচেম্বৰ: বিহাৰৰ বেগুচৰাইত বুধবাৰে গুলীয়াই হত্যা কৰা হয় 16টা কুকুৰক(Dog encounter in Bihar) ৷ পাটনাৰ তিনিজন চাৰ্প শ্বুটাৰে গুলীয়াই হত্যা কৰে কুকুৰকেইটাক ৷ বিগত কেইবামাহ ধৰি অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল কুকুৰকেইটাই ৷ অঞ্চলটোৰ বিভিন্ন এলেকাত নিৰন্তৰ ঘূৰি ফুৰি সকলো লোককে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কুকুৰকেইটাই । কুকুৰৰ সন্ত্ৰাসত ঘৰৰ পৰা বাহিৰ ওলাব নোৱৰা হৈছিল অঞ্চলটোৰ লোক ৷ খেতি পথাৰত কাম কৰাটো দূৰৈৰ কথা পশু খাদ্য যোগান ধৰিবলৈও বাহিৰলৈ ওলাব নোৱৰা হৈছিল স্থানীয় লোক ৷

16 Dog Shot Dead
অপৰাধী নহয় এইবাৰ এনকাউন্টাক হ’ল কুকুৰৰ

কুকুৰকেইটাৰ আক্ৰমণত অঞ্চলটোৰ প্ৰায় 8 ৰ পৰা 9 গৰাকী মহিলাৰ মৃত্যু হৈছে(Man eater dogs in Bihar) । আনহাতে আহত হৈছিল প্ৰায় 35 ৰ পৰা 40 জন গৰাকী লোক ৷ উপায়ন্ত হৈ স্থানীয় লোক তথা পঞ্চায়ত প্ৰতিনিধিয়ে কুকুৰকেইটাৰ ত্ৰাসৰ পৰা মুক্ত কৰাৰ বাবে জিলা প্ৰশাসনক আহ্বান জনায়(Encounter Of Dogs In Bihat) ৷ স্থানীয় লোকৰ আবেদনৰ ওপৰত ভিত্তি কৰি প্ৰশাসনৰ তৰফৰ পৰা অঞ্চলটো কুকুৰকেইটাৰ ত্ৰাসৰ পৰা মুক্ত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল ৷ প্ৰশাসনৰ তৰফৰ পৰা সকলো দিশ চালি জাৰি চাই অৱশেষত কুকুৰকেইটাক হত্যা কৰাৰ বাবে সিদ্ধান্ত লোৱা হয় ।

16 Dog Shot Dead
কুকুৰৰ আক্ৰমণত আহত লোক

এই অনুসৰি কুকুৰকেইটাক হত্যা কৰাৰ বাবে তিনিজন শ্বুটাৰক নিয়োগ কৰা হয় ৷ অঞ্চলটোৰ প্ৰায় শ শ গাওঁবাসী উপস্থিত থাকি শ্বুটাৰৰ দলটোক এই অভিযানত সহায় কৰিছিল ৷ আচলতে কুকুৰকেইটাৰ সন্ত্ৰাসত অঞ্চলটোৰ লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছিল ৷ তেওঁলোকৰ বাবে ঘৰৰ বাহিৰলৈ ওলোৱাটোও এক প্ৰকাৰৰ প্ৰত্যাহ্বান আছিল ৷ তেওঁলোক ইমানেই আতংকিত হৈ পৰিছিল যে খেতি পথাৰলৈ যোৱা বন্ধ কৰিবলগীয়া হৈছিল । যাৰ বাবে গৰুৰ খাদ্য আৰু খেতিৰ উৎপাদনৰ ক্ষেত্ৰত অঞ্চলটোৰ কৃষকসকলৰ বহু সমস্যাৰ সন্মুখীন হৈছিল ৷

16 Dog Shot Dead
অপৰাধী নহয় এইবাৰ এনকাউন্টাক হ’ল কুকুৰৰ

পৰিস্থিতি ইমানেই গুৰুতৰ হৈ পৰিছিল যে কুকুৰকেইটাক হত্যা কৰাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছিল ৷ যাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা নিয়োগ কৰা শ্বুটাৰৰ দলটোক সহায় কৰিবলৈ অঞ্চলটোৰ লোক দলেবলে ওলাই আহিছিল ৷ তেঘৰাৰ এছডিঅ' ৰাকেশ কুমাৰ আৰু বন আৰু পৰিবেশ বিভাগৰ নিৰ্দেশত শক্তি সিং, ৰেহান খান আৰু ৰাজাৰাম ৰায় নামৰ শ্বুটাৰকেইজনে স্থানীয় লোকৰ সহযোগত কুকুৰকেইটাক গুলীয়াই হত্যা কৰে(16 Dog Shot Dead In Bihar) । ইয়াৰ পূৰ্বেও দলটোৱে 12 টা কুকুৰক হত্যা কৰিছিল ।

লগতে পঢ়ক: Guwahati HC Verdict: বটদ্ৰবাকাণ্ড সন্দৰ্ভত আদালততত ভুল স্বীকাৰ আৰক্ষী-চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.