নেশ্যনেল ডেস্ক,১০ আগষ্ট : হাৰিয়ানাৰ নুহত সংঘটিত হিংসাত্মক ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে । ঘটনাত জড়িত লোকক বিচাৰিও আৰক্ষীৰ অভিযান অব্যাহত আছে । তেনে এক অভিযানৰ মাজতে অভিযুক্তই আত্মগোপন কৰি থকা স্থানত গুলীচালনা । অভিযানলৈ যোৱা তাভডু চিআইএ দলৰ ওপৰত গুলীচালনা কৰাৰ তথ্য পোহৰলৈ আহিছে ।
বুধবাৰে নিশা তাভডুৰ চিআইএ দলে তথ্য লাভ কৰে যে ৩১ জুলাইৰ সমদলৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত দুজন অভিযুক্ত নুহ ৰোডৰ চিখোৰ কাষৰ আৰাৱলী পাহাৰত লুকাই আছে । আৰক্ষীৰ দলটো অভিযুক্তসকলৰ সেই স্থানত উপস্থিত হোৱাৰ সময়তে দুৰ্বৃত্তই গুলীচালনা কৰে । আৰক্ষীয়েও তাৰ প্ৰত্যুত্তৰত গুলীচালনা কৰে । গুলীচালনাত এজন অভিযুক্তৰ ভৰিত গুলী লাগে আৰু আঘাতপ্ৰাপ্ত অৱস্থাত অভিযুক্তজনক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ।
আহত অভিযুক্তজন গুয়াৰকা গাঁৱৰ বাসিন্দা মুনফেড বুলি চিনাক্ত হৈছে । মুনফেডৰ সোঁ ভৰিত গুলী লাগে । একে সময়তে, শেকুল নামৰ আন এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আহত মুনফেডক নুহ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে । নালহাৰ চিকিৎসা মহাবিদ্যালয়ত আৰক্ষীৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে ।
ঘটনাটো সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে কোনো বিবৃতি প্ৰকাশ কৰা নাই । নুহ আৰক্ষীয়ে কোৱা মতে অভিযুক্তজনৰ পৰা এটা স্থানীয়ভাৱে নিৰ্মাণ কৰা পিষ্টল, এটা লাইভ ৰাউণ্ড আৰু এখন বাইক উদ্ধাৰ কৰা হৈছে । মুনফেডৰ নিৰাপত্তাৰ ক্ষেত্ৰত কেইবাগৰাকী শীৰ্ষ আৰক্ষীক নিয়োগ কৰা হৈছে ।
নুহৰ ব্ৰজ মণ্ডল যাত্ৰাৰ হিংসাত্মক ঘটনা সন্দৰ্ভত এতিয়ালৈকে ৰাজ্যখনত ১৪২ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে । আনহাতে ৩১২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । একে সময়তে, নুহ জিলাত এতিয়ালৈকে ৫৭ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে । সামাজিক মাধ্যমত উৰাবাতৰি বিয়পোৱাৰ বাবে ১১ জন লোকৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে । ১০ আগষ্টৰ পুৱা ৭ বজাৰ পৰা আবেলি ৩ বজালৈ নুহত কাৰফিউ শিথিল কৰা হৈছে । একে সময়তে, জিলাখনত ১১ আগষ্টলৈকে ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে ।
লগতে পঢ়ক :Maoist arrested: ঝাৰখণ্ড বিহাৰ সীমান্তত দুৰ্ধৰ্ষ মাওবাদী নেতা প্ৰমোদ মিশ্ৰক গ্ৰেপ্তাৰ