ETV Bharat / bharat

Encounter With Naxals : ছত্তীশগড়ত নক্সালবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ চিআৰপিএফৰ প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ জগদলপুৰত আছে (Amit Shah at CRPF raising day programme) । কিন্তু গৃহ মন্ত্ৰীৰ উপস্থিতিতে তাত নক্সালবাদীয়ে নিজৰ উপস্থিতি অনুভৱ কৰাবলৈ পিছপৰি থকা নাই । শুকুৰবাৰে নাৰায়ণপুৰত নক্সাল আৰু আইটিবিপি আৰু ডিআৰজিৰ যুটীয়া দলৰ মাজত সংঘটিত হয় সংঘৰ্ষ । সুৰক্ষা বাহিনীয়ে দুটা আইইডি উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰে ।

author img

By

Published : Mar 25, 2023, 9:36 AM IST

Naxal
Naxal

নিউজ ডেস্ক, ২৫ মাৰ্চ : কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে সন্ধিয়া ৫ বজাত ছত্তীশগড়ৰ জগদলপুৰত উপস্থিত হয় (Home Minister Amit Shah Chhattisgarh visit) । কিন্তু তাৰ পূৰ্বে নাৰায়ণপুৰত আবেলি ৪.৩০ বজাত ছোটে বুৰ্গুমৰ অৰণ্যত নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হয় (encounter between naxals and security personals) । এনকাউণ্টাৰৰ পিছত নক্সালবাদীসকলে অৰণ্যৰ আঁৰ লৈ পলাই যায় । ইফালে এনকাউণ্টাৰৰ পিছত সৈন্যসকলে চলোৱা অনুসন্ধান অভিযানৰ সময়ত 2 টা আইইডি উদ্ধাৰ কৰে । পিছত সেইকেইটা নিষ্ক্ৰিয় কৰা হয় ।

নাৰায়ণপুৰত আইটিবিপি আৰু নক্সালৰ মাজত সংঘৰ্ষ (ITBP naxal encounter at narayanpur) : এছডিঅ'পি লোকেশ বনচালে ঘটনা সন্দৰ্ভত অৱগত কৰে । ঘটনা সন্দৰ্ভত তেওঁ কয়, নাৰায়ণপুৰ আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত খবৰ লাভ কৰিছিল যে মাওবাদীৰ আমদাই এলেকা সমিতিৰ এটা দলে ছোটে বুৰ্গুমৰ ওচৰৰ বনাঞ্চলৰ পল্লী বৰচুৰ ৰোডত এটা ডাঙৰ ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছে । তথ্য পোৱাৰ পিছত, কাদেমেটা শিবিৰৰ পৰা আইটিবিপি আৰু ডিআৰজিৰ এটা যুটীয়া দলে অনুসন্ধানৰ বাবে ৰাওনা হয় ।

তাৰ পিছত আবেলি ৪.৩০ বজাত ছোটে বুৰ্গুমৰ অৰণ্যত নক্সালবাদীৰ আমদাই এলেকা সমিতিৰ দলৰ সৈতে নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হয় । এনকাউণ্টাৰৰ সময়ত নিৰাপত্তাৰক্ষীৰ তীব্ৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি মাওবাদীসকল নিৰুৎসাহিত হয় আৰু বনৰ জোপোহাৰ আঁৰ লৈ পলাই যায় । পিছত ঘটনাস্থলীৰ পৰা দুটা আইইডি উদ্ধাৰ কৰা হয় আৰু তাতেই ধ্বংস কৰা হয় । সুৰক্ষা বাহিনীৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে ।

ইফালে শুকুৰবাৰেও চুকমা জিলাত নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ হয় । এই সংঘৰ্ষৰ পিছত চুকমা আৰক্ষীয়ে 5 জন নক্সালবাদীক ধৰাত সফল হৈছে। আৰক্ষীয়ে লগতে এইটোও দাবী কৰে যে সংঘৰ্ষত কিছু নক্সালবাদী আহত হয় ।

লগতে পঢ়ক :Missile Misfires at Pokhran: পোখৰাণ ফায়াৰিং ৰেঞ্জত লক্ষ্যভ্ৰষ্ট ৩ মিছাইল; হতাহতৰ পৰা কথমপি ৰক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.