ETV Bharat / bharat

কাশ্মীৰত পিতৃ-মাতৃৰ আহ্বানত সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণ

জন্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্য়াহত থকাৰ সময়তে দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ হাদিগাম অঞ্চলত হোৱা এক সংঘৰ্ষৰ সময়ত দুজন স্থানীয় সন্ত্ৰাসবাদীয়ে পিতৃ-মাতৃৰ আহ্বানত আত্মসমৰ্পণ কৰে (Encounter in Kulgam)।

author img

By

Published : Jul 6, 2022, 11:52 AM IST

jk
Encounter in Kulgam:কাশ্মীৰত পিতৃ-মাতৃৰ আহ্বানত সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণ

নেচনেল ডেস্ক,৬জুলাই: জন্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্য়াহত থকাৰ সময়তে দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ হাদিগাম অঞ্চলত বুধবাৰে হোৱা এক সংঘৰ্ষৰ সময়ত দুজন স্থানীয় সন্ত্ৰাসবাদীয়ে পিতৃ-মাতৃৰ আহ্বানত আত্মসমৰ্পণ কৰে (Terrorists Surrender on Appeal of Parents During Encounter in Kulgam)। কাশ্মীৰ জ'ন আৰক্ষীয়ে টুইটাৰত এই সন্দৰ্ভত উল্লেখ কৰি কয় যে গুলীয়াগুলিৰ সময়ত দুটা সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰে (Kashmir Zone Police said on Twitter)। তেওঁলোকৰ পৰা আপত্তিজনক সামগ্ৰী,অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে বুলিও টুইটাৰত সদৰি কৰা হৈছে ।

উল্লেখ্য় যে আৰক্ষী, সেনা আৰু অৰ্ধ-সামৰিক সেনাই নিশা হাদিগাম গাওঁখনত তালাচী চলোৱাৰ সময়ত দুটা সন্ত্ৰাসবাদী লুকাই থকাৰ তথ্য লাভ কৰে । ফলত সন্ত্ৰাসবাদীকেইটাই পলায়ন কৰাটো অসম্ভৱ হৈ পৰে (Police, army laid a seize of Hadigam village)। নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাওঁ কৰাৰ লগে লগে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য় কৰি গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীকেইটাই ।

ইপিনে,আজি পুৱাই উগ্ৰপন্থীকেইটাৰ অভিভাৱকসকল ঘটনাস্থলীত উপস্থিত হোৱাত পিতৃ-মাতৃয়ে আৰক্ষীৰ জৰিয়তে লাউডস্পীকাৰত অস্ত্ৰ-শস্ত্ৰ সম্বৰন কৰিবলৈ আহ্বান জনায়। পিতৃ-মাতৃৰ এই আহ্বানৰ প্ৰতি সহাৰি জনায় দুয়োটা সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰিবলৈ সন্মত হৈ বাহিৰলৈ ওলাই আহে । আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকৰ জিম্মাত লৈছে দুয়োটা সন্ত্ৰাসবাদীক । এই প্ৰসংগত এজন আৰক্ষী বিষয়াই কয় যে এজন উগ্ৰপন্থীক আত্মসমৰ্পণৰ বাবে প্ৰভাৱিত কৰাটো তেওঁক হত্যা কৰাতকৈ বৃহৎ সফলতা । কিয়নো এনে কাৰ্যই উগ্ৰপন্থীক বন্দুক এৰি তেওঁলোকক ঘূৰি আহি মূলসুঁতিত যোগদানৰ প্ৰতি উৎসাহিত কৰিব পাৰে । আৰক্ষী বিষয়াগৰাকীয়ে সন্ত্ৰাসবাদীদুটাক আইন অনুসৰি অভিযুক্ত কৰা হ'ব বুলি কয় ।

ইফালে, আজি পুৱা নিৰাপত্তাৰক্ষীয়ে শ্ৰীনগৰ বাৰামুলা ৰাষ্ট্ৰীয় ঘাইপথৰ পাট্টানৰ কুট্টা মোড অঞ্চলৰ ওচৰত এটা ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) উদ্ধাৰ কৰে । পাছত উক্ত বিস্ফোৰকটো নিষ্ক্ৰিয় কৰিবলৈ বাৰামুলা আৰক্ষী, সেনাৰ ২৯ আৰআৰ আৰু বোমা নিষ্ক্ৰিয়কাৰী দল ঘটনাস্থলীত উপস্থিত হয় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: হিমাচলৰ কুল্লুত ডাৱৰ বিস্ফোৰণ: 4 জন সন্ধানহীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.