আগৰতলা, 3 ছেপ্তেম্বৰ : খালী বাচনৰ শব্দ বেছি বুলি তৃণমূল কংগ্ৰেছক কটাক্ষ ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সভাপতি(Tripura BJP state president) ড৹ মানিক সাহাৰ ৷ ত্ৰিপুৰাত নতুনকৈ নিজৰ স্থিতি সবল কৰাৰ অভিযানত নামি পৰা তৃণমূল কংগ্ৰেছে(Trinamool Congress) বিজেপিৰ বিৰুদ্ধে অনা অভিযোগৰ বিৰুদ্ধে সোধাত ড৹ সাহাই এনেদৰে মন্তব্য কৰে ৷ ৰাজনৈতিক হিংসা সন্দৰ্ভত তৃণমূল কংগ্ৰেছে অনা অভিযোগ সন্দৰ্ভত সাহাক প্ৰশ্ন কৰা হৈছিল ৷
লগতে পঢ়ক : ত্ৰিপুৰাত পুনৰ তৃণমূলৰ কৰ্মীক আক্ৰমণ
সাহাই কয়, "ইয়ালৈ অহাৰ পাচতে তৃণমূলে এখনৰ পাচত সিখন নাটক কৰি আছে ৷ যিহেতু এয়া গণতন্ত্ৰ সেয়ে প্ৰত্যেক ৰাজনৈতিক দলৰে নিজা নিজা ৰাজনৈতিক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ অধিকাৰ আছে ৷ সেয়ে যি কৰিব বিচাৰে সেয়া কৰাৰ বাবে তেওঁলোকৰ স্বাধীনতা আছে ৷ কিন্তু, বিজেপিয়ে তেওঁলোকৰ সকলো ভিত্তিহীন অভিযোগৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লগাকৈ তেওঁলোকৰ স্থিতি ত্ৰিপুৰাৰ ৰাজনীতিত আছে বুলি মই নাভাৱো ৷" সাহাৰ মতে, তৃণমূল হৈছে কমিউনিষ্টসকলৰ কাৰ্বন কপি(carbon copy) আৰু তেওঁলোকে Kanyashree আৰু Rupashree আদিৰ দৰে ব্যৱহাৰিকভাৱে বিফল আঁচনিৰ জৰিয়তে ৰাইজক প্ৰলোভিত কৰাৰ বাবে চেষ্টা কৰি আছে ৷
লগতে পঢ়ক : ত্ৰিপুৰাত অনুষ্ঠিত হ'ব তৃণমূল কংগ্ৰেছৰ ১৫ দিনীয়া সদস্য ভৰ্তি অভিযান
সাহাই আনকি এই কথাও স্পষ্ট কৰি দিয়ে যে, বিজেপিক প্ৰশ্ন কৰাৰ পূৰ্বে তৃণমূলে নিজৰ স্থিতি স্পষ্ট কৰা উচিত ৷ কিয়নো তেওঁলোক নিজেই হত্যা, হিংসা আৰু মহিলাৰ শালীনতা হানি কৰাৰ দৰে অভিযোগৰ দ্বাৰা কলংকিত ৷ বহু বিজেপি কেডাৰে তৃণমূলৰ গুণ্ডাৰ ভয়ত ঘৰলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিবলৈও ভয় কৰে বুলি সাহাই অভিযোগ কৰে ৷
বহুলোকে আন বিজেপি শাসিত ৰাজ্যত আশ্ৰয় গ্ৰহণ কৰা বুলিও সাহাই জানিবলৈ দিয়ে ৷ পশ্চিমবংগত আইন-শৃংখলা(law and order of West Bengal) বজাই ৰখাৰ ক্ষেত্ৰত তৃণমূলে নিজৰ বিফলতাৰ যদি স্পষ্টীকৰণ দিব পাৰে, তেন্তে বিজেপিৰ ভিজন ডকুমেন্ট(Vision Document)ৰ ওপৰত তৃণমূলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁলোক সাজু আছে সাহাই তৃণমূল কংগ্ৰেছক প্ৰত্যাহ্বান জনায় ৷
লগতে পঢ়ক : ভাৰতীয় ৰাজনীতিৰ চাণক্য প্ৰশান্ত কিশোৰক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বান