চৰকাৰে সদনত আগবঢ়োৱা শেহতীয়া তথ্য অনুসৰি লক্ষ লক্ষ ভাৰতীয়ই ন্যায় পাবলৈ প্ৰতীক্ষা কৰি থাকিব লগীয়া হৈছে ৷ আনহাতে দেশৰ নিম্ন আদালতত দশকৰ পাচত দশকজুৰি ৩.৮ কোটিতকৈও অধিক গোচৰ ওলমি আছে আৰু ইফালে ২৫ খন উচ্চ ন্যায়ালয়ত ৫৭ লাখতকৈও অধিক গোচৰ নিস্পত্তি নোহোৱাকৈ পৰি আছে ৷
এনে হোৱাৰ অন্তৰালত কেইবাটাও কাৰণ আছে যদিও ব্যাপক হাৰত ন্যায়াধীশ সকলৰ পদ সমূহ পূৰণ নোহোৱাকৈ পৰি থকা বিষয়টো দেশৰ নাগৰিক সকলক ন্যায় প্ৰদান কৰিব নোৱাৰাৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে ৷ সম্প্ৰতি সমগ্ৰ দেশজুৰি উচ্চ ন্যায়ালয়বোৰত ৪০ শতাংশ পদ খালী হৈ আছে ইয়াৰ বিপৰীতে ২০ শতাংশ পদ এতিয়াও পূৰণ হ’বলৈ বাকী আছে দেশৰ নিম্ন আদালত সমূহত ৷
ক’ভিড-১৯ অৰ কালচোৱাত আক্ষৰিক অৰ্থতে এক অচলাৱস্থাৰ গৰাহত পৰিব লগা হোৱা ভাৰতীয় ন্যায় প্ৰদান ব্যৱস্থাই ন্যায়াধীশ সকলৰ ব্যাপক অভাৱৰ সৈতে যুঁজিব লগা হৈছে ৷ যোৱাটো বৰ্ষলৈকে উচ্চতম ন্যায়ালয়কে ধৰি ২৫ খন উচ্চ ন্যায়ালয়ৰ বাবে অনুমোদিত মুঠ ১,০৮০ জন ন্যায়াধীশৰ ভিতৰত ৪৪১ টা অৰ্থাৎ প্ৰায় ৪০ শতাংশ পদেই পূৰণ নোহোৱাকৈ আছিল ৷
তদুপৰি, উচ্চতম ন্যায়লয় আৰু উচ্চ ন্যায়ালয় সমূহত পূৰণ হৈ থকা মুঠ ৬৬১ টা পদৰ ভিতৰত ২৫৫ অৰ্থাৎ প্ৰায় ৪০ শতাংশ ন্যায়াধীশক বিগত তিনিটা বৰ্ষত নিযুক্তি দিয়া হৈছে ৷ তাকো, ইয়াৰে সৰহভাগক নিযুক্তি দিয়া হৈছে ক্ৰমে ২০১৮ আৰু ২০১৯ চনৰ ভিতৰত ৷
আনহাতে ২০২০ চনত কোনো এজন ন্যায়াধীশকে দেশৰ উচ্চতম ন্যায়ালয়খনত আৰু আন ১০ খন উচ্চ ন্যায়লয়ত নিযুক্তি দিয়া হোৱা নাছিল ৷ ইয়াৰ বিপৰীতে বিগত বছৰটোত ৬৬ জন ন্যায়াধীশক আন ১৫ খন ন্যায়ালয়ত নিযুক্তি প্ৰদান কৰা হৈছিল ৷ অৱশ্যে এই পৰিস্থিতি তুলনামূলকভাৱে উচ্চতম ন্যায়ালয়ত ভাল ৷ কিয়নো উচ্চতম ন্যায়ালয়ত মুঠ ৩৪ জন ন্যায়াধীশৰ ভিতৰত মাত্ৰ চাৰিটা পদহে খালী হৈ আছে ৷ কিন্তু বৰ্তমান কৰ্তব্যৰত ৩০ জন ন্যায়াধীশৰ ভিতৰত অৰ্ধেক সংখ্যকে ২০১৮ আৰু ২০১৯ চনৰ কালচোৱাত নিযুক্তি প্ৰদান কৰা হৈছিল ৷
উচ্চ ন্যায়ালয় সমূহত খালী হৈ আছে ৪০ শতাংশ পদ
দেশৰ ২৫ খন উচ্চ ন্যায়ালয়ত মুঠ ন্যায়াধীশৰ পদৰ সংখ্যা হ’ল ১০৮০ জন আৰু এওঁলোকে প্ৰায় ১৩৮ কোটি ভাৰতীয়ক সেৱা আগবঢ়ায় ৷ কিন্তু পৰিতাপৰ বিষয়টো হ’ল, বিগত বছৰটোত মুঠ অনুমোদিত পদ সমূহৰ ভিতৰত ৪১৫ টা পদেই (৪০ শতাংশ) আছিল খালী ৷
আনকি ইয়াতকৈও উদ্বেগজনক কথাটো হ’ল দেশৰ ৭ খন উচ্চ ন্যায়ালয়ে প্ৰায় অৰ্ধেক সংখ্যক বা তাতকৈও কম সংখ্যক ন্যায়াধীশেৰে বিচাৰ কাৰ্য পৰিচালনা কৰি থাকিব লগীয়া হৈছে ৷ পাটনা উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে বিগত বছৰটোত মুঠ ৫৩ টা অনুমোদিত পদৰ ভিতৰত ৩২ টা পদেই পূৰণ নোহোৱাকৈ আছিল ৷ অৰ্থাৎ, মাত্ৰ ২১ জন ন্যায়াধীশেৰে ন্যায়ালয়খনে কাৰ্য পৰিচালনা কৰিব লগীয়া হৈছিল ৷
ঠিক একেদৰেই কলিকতা উচ্চ ন্যায়লয়ৰ ক্ষেত্ৰত দেখা গৈছিল যে মুঠ ৭২ জন ন্যায়াধীশৰ ভিতৰত ৪০ টা পদ আছিল খালী আৰু এই সংখ্যা হ’ল মুঠ অনুমোদিত পদৰ ৫৫ শতাংশতকৈও বেছি ৷
আনহাতে ৰাজস্থান উচ্চ ন্যায়ালয়ত ৫০ টা পদৰ ভিতৰত ২৭ টা পদ আছিল খালী আৰু যোধপুৰ আৰু জয়পুৰত উচ্চ ন্যায়ালয়ৰ দুখন বিচাৰপীঠত মাত্ৰ ২৩ জন বিচাৰকে কাৰ্য পৰিচালনা কৰিছিল ৷
ইফালে বিগত বৰ্ষত মধ্য প্ৰদেশত অনুমোদিত মুঠ ৫৩ টা পদৰ ভিতৰত ২৬ টা পদ আছিল খালী ৷ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ত ৩৭ টা পদৰ ভিতৰত ১৮ টা পদ খালী হৈ আছিল আৰু এই সংখ্যা আছিল দুয়োখন ন্যায়ালয়ৰে সামগ্ৰিক ক্ষমতাৰ অৰ্ধেক ৷
বুধবাৰে চৰকাৰে সদনত উপস্থাপন কৰা তথ্য অনুসৰি ঠিক একেই ছবি এখন দেখিবলৈ পোৱা গৈছে দেশৰ ৰাজধানী চহৰ দিল্লী উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰতো ৷ দেশৰ ৰাজধানীখনত সেৱা আগবঢ়োৱা উচ্চ ন্যায়লয়খনত যোৱাটো বৰ্ষলৈকে মুঠ ৬০ টা পদৰ বিপৰীতে মাত্ৰ ৩১ টা পদহে পূৰণ হৈ আছিল ৷
ওৰিষ্যাৰ উচ্চ ন্যায়ালয়ত অনুমোদিত মুঠ ২৭ জন ন্যায়াধীশৰ বিপৰীতে মাত্ৰ ১৫ জন ন্যায়াধীশে কাৰ্য পৰিচালনা কৰি থাকিব লগীয়া হৈছিল ৷ অৰ্থাৎ ১২ টা পদ পূৰণ নোহোৱাকৈ আছিল ৷ এই সংখ্যা হ’ল মুঠ অনুমোদিত পদৰ ৪৫ শতাংশ ৷
নিযুক্তি প্ৰক্ৰিয়াৰ জটিলতা
ভাৰতবৰ্ষত উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ত ন্যায়াধীশ সকলৰ নিযুক্তি প্ৰদান কাৰ্য এক বিতৰ্কিত বিষয় ৷ ইয়াত উচ্চ ন্যায়পালিকাত ‘ক’লেজিয়াম’ নামেৰে পৰিচিত সমিতি এখনৰ পৰামৰ্শ মতে ন্যায়াধীশ সকলক নিযুক্তি প্ৰদান কৰা হয় ৷ সংবিধানৰ পৰিকাঠামো অনুসৰি, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বিচাৰক সকলক সংবিধানৰ অনুচ্ছেদ নং ১২৪, ২১৭ আৰু ২২৪ অৰ অধীনত নিযুক্তি প্ৰদান কৰা হয় ৷
১৯৯৩ চনৰ ৬ অক্টোবৰত ন্যায়াধীশ সকলৰ দ্বিতীয়টো গোচৰত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দান আৰু ১৯৯৮ চনৰ ২৮ অক্টোবৰৰ ন্যায়াধীশ সকলৰ তৃতীয়টো গোচৰত আদালতৰ পৰামৰ্শমূলক মতামত অনুসাৰে ১৯৯৮ চনত প্ৰস্তুত কৰা “মেমৰেণ্ডাম অৱ প্ৰচিডিউৰ”ত (এম অ’ পি) উল্লেখ কৰা প্ৰক্ৰিয়াৰ মতে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলক নিযুক্তি প্ৰদান কৰা হয় ৷
এম অ পি অনুযায়ী ভাৰতৰ মূখ্য ন্যায়াধীশে (চি জে আই) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ নিযুক্তিৰ বাবে প্ৰস্তাৱ লোৱাৰ উদ্যোগ লয় ৷ আনহাতে উচ্চ ন্যায়ালয় সমূহৰ ক্ষেত্ৰত সংশ্লিষ্ট উচ্চ ন্যায়ালয়খনৰ মূখ্য বিচাৰপতি গৰাকীয়ে এই কাৰ্য সম্পাদন কৰে ৷
আইন আৰু ন্যায় মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদে বিধায়ক সকলক জনাই যে উচ্চ ন্যায়ালয় সমূহত খালী হৈ থকা পদ সমূহ পূৰণ কৰাটো কাৰ্যবাহী সকল আৰু বিচাৰ বিভাগৰ এক সংমিলিত তথা সংঘবদ্ধ প্ৰক্ৰিয়া ৷
“ইয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য সমূহ, উভয়ৰে বিভিন্ন সাংবিধানিক কৰ্তৃপক্ষ সমূহৰ পৰা পৰামৰ্শ আৰু অনুমোদনৰ প্ৰয়োজন হয় ৷” প্ৰসাদে কয় ৷
ন্যায় প্ৰদানত বিলম্ব অৰ্থাৎ ন্যায় প্ৰাদনত অস্বীকাৰ (জাষ্টিছ ডিলেইড, জাষ্টিছ ডিনাইড)
ৰাষ্ট্ৰীয় ন্যায়িক তথ্য গ্ৰিড অনুসৰি ২৫ খন উচ্চ ন্যায়ালয়ত প্ৰায় ৫৭ লাখতকৈও অধিক গোচৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছে ৷ ইয়াৰে ৪১ লাখ গোচৰ হ’ল অসামৰিক গোচৰ ৷ আনহাতে অপৰাধমূলক গোচৰৰ সংখ্যা হ’ল ১৬ লাখ ৷ এই সংখ্যা মুঠ নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ ২৮ শতাংশ ৷
এই বিচাৰাধীন গোচৰবোৰৰ সৰহ সংখ্যকেই হৈছে এবছৰতকৈ পুৰণি ৷ অসাৰমিক ক্ষেত্ৰত ৯০ শতাংশতকৈও অধিক আৰু অপৰাধমূলক গোচৰবোৰৰ ক্ষেত্ৰত ৮৫ শতাংশ গোচৰ এবছৰতকৈ বেছি পুৰণি ৷ গ্ৰিডৰ শেহতীয়া তথ্যলৈ লক্ষ্য কৰিলে দেখা যায় যে ৫৮ শতাংশ গোচৰ হ’ল প্ৰায় ৩ বছৰ পুৰণি, ইয়াৰ বিপৰীতে ২০ শতাংশতকৈ অধিক গোচৰ এটা দশকতকৈও অধিক পুৰণি ৷
দহ বছৰতকৈও অধিক সময় ধৰি বিচাৰাধীন হৈ থকা মুঠ ১২.৫ লাখ গোচৰৰ ভিতৰত ১.৫১ লাখতকৈও অধিক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ২০ বছৰ ধৰি চলি আছে ৷ আনহাতে প্ৰায় ৯২ হাজাৰতকৈও অধিক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি থকা প্ৰায় ৩০ বছৰতকৈও অধিক সময় হ’ল ৷
-কৃষ্ণনন্দ ত্ৰিপাঠী, ই টিভি ভাৰত
লগতে পঢ়ক-চীনৰ প্ৰত্যুত্তৰ হিচাপে ‘কোৱাড’