ETV Bharat / bharat

Elephant dies in Mahasamund : মহাছামুণ্ডত পুনৰ বনৰীয়া হাতীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্য়ু - Bar Navapara Sanctuary

ছত্তীশগড়ৰ মহাছামুণ্ড জিলাত বনৰীয়া হাতীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্য়ু (Mahasamund Elephant news )। ৰাজ্য়খনত তিনি মাহৰ ভিতৰত হাতীৰ মৃত্যুৰ এইটো তৃতীয় ঘটনা ।

Elephant dies due to electrocution in Mahasamund
ছত্তীশগড়ৰ মহাছামুণ্ডত হাতীৰ মৃত্য়ু
author img

By

Published : Jan 8, 2023, 3:52 PM IST

নেশ্য়নেল ডেস্ক, ৮ জানুৱাৰী: ছত্তীশগড়ৰ মহাছামুণ্ডত শনিবাৰে এটি বনৰীয়া হাতীৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্য়ু হয় (Elephant dies due to electrocution in Mahasamund)। বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি চোৰাং চিকাৰীৰ দল এটাই হাতীটো নিধন কৰিছে । বন বিভাগৰ বিষয়াই উল্লেখ কৰা মতে,বন্য জন্তু চিকাৰ কৰা দলটো উক্ত অঞ্চলটোত এতিয়াও সক্ৰিয় হৈ আছে । সূত্ৰ অনুসৰি দুটা হাতী গৰিয়াবন্দ জিলাৰ পৰা মহাছামুণ্ড হৈ চিৰপুৰ অঞ্চললৈ গৈ আছিল । যোৱা তিনিদিন ধৰি অঞ্চলটোত হাতী দুটা বন বিভাগৰ লোকে প্ৰত্য়ক্ষ কৰিছিল ।

বন বিভাগৰ একেটা সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি এই চোৰাং চিকাৰীৰ দলটোৱে স্থাপন কৰা ১১ কেভি বিদ্যুত পৰিবাহী তাঁৰত স্পৰ্শ হোৱাৰ পিছত দঁতাল হাতীটোৰ মৃত্য়ু হয় (Elephant dies in Mahasamund)। উল্লেখ্য় যে কোদাৰ জলাশয়ৰ ওচৰত চোৰাং চিকাৰীয়ে এইদৰে তাঁৰ সংযোগ কৰিছিল (Kodar Reservoir)। বন বিভাগৰ টহলদাৰী দলটোৱে হাতীটো বিদ্যুৎস্পৃষ্ট হোৱাৰ বিষয়ে তথ্য পোৱাৰ লগে লগে বিষয়াসকলক অৱগত কৰাত তেওঁলোক ঘটনাস্থলীত উপস্থিত হয় । শনিবাৰে নিশা প্ৰায় ১১ বজাত ৰায়পুৰ আৰু মহাছামুণ্ডৰ বন বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰে । পিছত বন্যপ্ৰাণী চিকিৎসকৰ সহায়ত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে বন বিভাগে (Mahasamund news) ।

উল্লেখ্য় যে বিগত তিনি মাহৰ ভিতৰত বনৰীয়া হাতীৰ মৃত্যুৰ এইটো তৃতীয় ঘটনা । ইয়াৰ পূৰ্বে ২০২২ চনৰ ২২ নৱেম্বৰত বায়া (পিথোৰা) অঞ্চলৰ বাৰ নৱপাৰা অভয়াৰণ্যত এটা হাতী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে (Bar Navapara Sanctuary)। অৱশ্য়ে হাতীৰ মৃত্যুৰ তথ্য কৰ্তৃপক্ষই পলমকৈ লাভ কৰে । বন বিভাগৰ কঠোৰ পহৰাৰ পিছতো এইদৰে বিদ্যুৎস্পৃষ্ট হৈ এটাৰ পিছত এটাকৈ হাতী চোৰাং চিকাৰীয়ে হত্যা কৰাত প্ৰকৃতিপ্ৰেমীসকলে উদ্বেগ প্ৰকাশ কৰিছে ।

ইয়াৰ পূৰ্বে ২৮ ডিচেম্বৰত ছত্তীশগড়ৰ জাশপুৰ জিলাৰ এখন কৃষিক্ষেত্ৰত বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত জছপুৰত এটা মতা হাতীৰ মৃত্যু হৈছিল (Elephant dies due to electrocution in Chhattisgarh)। জাশপুৰৰ বাগিচা বন পৰিসৰৰ কুৰ্দেগ গাঁৱত সংঘটিত হৈছিল এই ঘটনাটো (Mahasamund Elephant news )। হাতীৰ জাকটো কুৰ্দেগৰ ঘেঁহুপথাৰৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তেই হাতীটো পথাৰত জলসিঞ্চনৰ বাবে ৰখা বৈদ্যুতিক তাঁৰত লাগি আঘাতপ্ৰাপ্ত হৈছিল । পিছত জাশপুৰত হাতীটোৰ মৃত্যু হয় ।

লগতে পঢ়ক:Covid infection in World: চীনলৈ গ’লে এতিয়া কোৱাৰেন্টাইন হ’ব নালাগে; নতুন নিৰ্দেশনা জাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.