নিউজ ডেস্ক, 3 ডিচেম্বৰ : দেওবাৰে চলি আছে 4 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷ ইতিমধ্যে এই ভোটগণনাত 3 খন ৰাজ্যতে আগবাঢ়ি আছে কেন্দ্ৰৰ শাসনাধিষ্ঠ দল বিজেপি ৷ তিনিওখন ৰাজ্যতে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি ৷
ইফালে চাৰিখন ৰাজ্য ক্ৰমে মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তিশগড় আৰু তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ চলি থকা ভোটগণাত তিনিখন ৰাজ্যতে বিজেপিয়ে অগ্ৰগতি লোৱাৰ মাজতে দেওবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলীয় কৰ্মীসকলক সম্বোধন কৰাৰ সম্ভাৱনা আছে বুলি দলীয় এক সূত্ৰই প্ৰকাশ কৰিছে ৷
দলৰ মুখ্য কাৰ্যালয়ত মোদীয়ে বিজেপি কৰ্মীক সম্বোধন কৰাৰ সম্ভাৱনা আছে বুলি কয় সূত্ৰই ৷ ইতিমধ্যে চলি থকা ভোটগণনা অনুসৰি মধ্যপ্ৰদেশৰ 230 খন আসনৰ ভিতৰত 160খন আৰু ছত্তিশগড়ৰ 90 খন আসনৰ ভিতৰত 57 খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে ৷ আনহাতে ৰাজস্থানত 199 খন আসনৰ ভিতৰত 112 খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে তেলেংগানাত কংগ্ৰেছে 64 খন আসনত আগবাঢ়ি আছে ৷
যোৱা মাহত নিৰ্বাচন অনুষ্ঠিত হোৱা চাৰিখন ৰাজ্যৰ ভোটগণনা দেওবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ৷ ইফালে বিগত 10 বছৰ ধৰি শাসনাধিষ্ঠ ভাৰত ৰাষ্ট্ৰ সমিতিৰ বিপৰীতে এইবাৰ কংগ্ৰেছে প্ৰথমবাৰৰ বাবে তেলেংগানা জয় কৰিবলৈ সাজু হৈছে ৷
উল্লেখ্য যে, 2024 ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ আজি হোৱা ভোটগণনাৰ ফলাফলে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ কংগ্ৰেছ শাসিত ৰাজস্থান আৰু ছত্তিশগড়ত বৃহৎ ব্যৱধানত বিজেপিয়ে অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে ৷ 3 ডিচেম্বৰ অৰ্থাৎ আজি পাঁচখন ৰাজ্যৰে ভোটগণনা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিশেষ কাৰণবশতঃ মিজোৰামত 4 ডিচেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা ৷
লগতে পঢ়ক : 24 খন আসনত ৰাজস্থানত জয়লাভ কৰিব বিজেপিয়ে - কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী