ETV Bharat / bharat

ৰেলী-সমদলৰ ক্ষেত্ৰত জাৰি নিষেধাজ্ঞা প্ৰত্যাহাৰ নিৰ্বাচন আয়োগৰ - ৰেলী সমদলৰ ক্ষেত্ৰত জাৰি নিষেধাজ্ঞা প্ৰত্যাহাৰ নিৰ্বাচন আয়োগৰ

উত্তৰ প্ৰদেশ, উত্তৰাখণ্ডকে ধৰি পাঁচখন ৰাজ্যৰ ভোটগণনা অব্যাহত ৷ ভোটগণনাৰ মাজতে নিৰ্বাচনী প্ৰাৰ্থী তথা সমৰ্থকসকললৈ নিৰ্বাচন আয়োগৰ এক বৃহৎ সকাহ ৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত বাহিৰ কৰিবলগীয়া ৰেলী, সমদলৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ (election commission lifts ban on victory processions) ৷

election-commission-lifts-ban-on-victory-processions
ৰেলী-সমদলৰ ক্ষেত্ৰত জাৰি নিষেধাজ্ঞা প্ৰত্যাহাৰ নিৰ্বাচন আয়োগৰ
author img

By

Published : Mar 10, 2022, 1:42 PM IST

নেশ্যনেল ডেস্ক, 10 মাৰ্চ : পূৰ্বে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা, মণিপুৰ আৰু পঞ্জাৱৰ নিৰ্বাচনৰ ক্ষেত্ৰত একাংশ বাধা তথা নিষেধাজ্ঞা জাৰি কৰিছিল দেশৰ নিৰ্বাচন আয়োগে ৷ এই নিষেধাজ্ঞা অনুসৰি, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত কোনো প্ৰাৰ্থী অথবা সমৰ্থকে বাহিৰ কৰিব নোৱাৰিব নিৰ্বাচনী ৰেলী, সমদল আদি ৷ কিন্তু পূৰ্বে জাৰি কৰা সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে নিৰ্বাচন আয়োগে (election commission lifts ban on victory processions) ৷

কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই নিষেধাজ্ঞা জাৰি কৰিছিল নিৰ্বাচন আয়োগে ৷ অৱশ্যে, পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগে সীমিত সংখ্যক নিৰ্বাচনী ৰেলী আৰু ৰোড শ্ব'ৰ অনুমতি দিছিল । কিন্তু এতিয়া ফলাফলৰ সময়তে সকলো প্ৰকাৰৰ নিষেধাজ্ঞা বাতিল কৰে ৷

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নিৰ্দেশনা আৰু জিলা প্ৰশাসনৰ দ্বাৰা আৰোপ কৰা প্ৰতিৰোধমূলক ব্যৱস্থা সাপেক্ষে এই সুবিধা লাভ কৰিব পৰা যাব ।

লগতে চাওক: UP Assembly Election 2022 : কেইবাখনো জিলাত হিংসাত্মক কাৰ্য সংঘটিত হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.