ETV Bharat / bharat

Wayanad lok sabha seat by-election : ৰাহুল গান্ধীৰ সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰস্তুতি চলাইছে নিৰ্বাচন আয়োগে - ৰাহুলৰ দোষী সাব্যস্ত স্থগিত ৰখাৰ আবেদন খাৰিজ

চাৰিবাৰৰ সাংসদ ৰাহুল গান্ধীৰ সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন (Elections in Wayanad lok sabha) ৷ সদনে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰাৰ পিচত এতিয়া নিৰ্বাচন আয়োগে তেওঁৰ সমষ্টিৰ কেৰালাৰ ৱায়ানাড লোকসভা আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে (Wayanad lok sabha seat of Rahul Gandhi)।

Elections in Wayanad lok sabha
চাৰিবাৰৰ সাংসদ ৰাহুল গান্ধীৰ সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন
author img

By

Published : Jun 8, 2023, 9:12 AM IST

Updated : Jun 8, 2023, 4:35 PM IST

নেশ্যনেল ডেস্ক, ৮ জুন : সকলোৰে জ্ঞাত যে, ২০১৯ চনত এক নিৰ্বাচনী প্ৰচাৰ সভাত মোদী সম্প্ৰদায়ক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে (Defamation case against Rahul Gandhi) ৷ এই বিতৰ্কিত মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল চুৰাটৰ এগৰাকী প্ৰাক্তন বিজেপি বিধায়ক পুৰ্ণেশ মোদীয়ে ৷ এই গোচৰৰ পাচতে সংসদৰ পৰা ২৪ মাৰ্চত ৰাহুলক লোকসভাৰ সদস্যপদৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল ৷ এই ঘোষণাৰ পাচতে নিৰ্বাচন আয়োগে ৱায়ানাড লোকসভা আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

৫ জুনত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহলৈ প্ৰেৰণ কৰা এখন পত্ৰত কোজিকোডেৰ জিলা নিৰ্বাচনী বিষয়া হিচাপে উপ-জিলা অধিকাৰীয়ে কয় যে ইলেক্ট্ৰনিক ভোটিং মেচিন (EVM) আৰু ভোটাৰে পৰীক্ষিত কাগজৰ অডিট ট্ৰেইলৰ (Voter-verified paper audit trail) পৰীক্ষণৰ পিচত ৭ জুনত মাৰ্ক পুলিং অনুষ্ঠিত হ’ব ৷ তাৰ পিচত ৱায়ানাড লোকসভাৰ আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব (Elections in Wayanad lok sabha)।

ৰাহুলৰ দোষী সাব্যস্ত স্থগিত ৰখাৰ আবেদন খাৰিজ কৰা চুৰাট আদালতে দিয়া আদেশৰ বিৰুদ্ধে তেওঁৰ পুনৰীক্ষণ আবেদন গুজৰাট উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ সময়তে আয়োগে এই পদক্ষেপ গ্ৰহণ কৰিছে । ইচিৰ এই পদক্ষেপৰ আঁৰত এটা গোপনীয়তা আছে বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে ।

লগতে পঢ়ক : Himanta vs Rahul Gandhi: আদানীৰ প্ৰসংগত ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব মুখ্যমন্ত্ৰী ড৹ শৰ্মাই

কোজিকোডে জিলা কংগ্ৰেছ কমিটীৰ মূৰব্বী কে প্ৰবীণ কুমাৰে কয় যে ৰাহুলৰ আবেদন সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ পূৰ্বেই ৱায়ানাড লোকসভাৰ আসনৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে । ইয়াত ৰহস্যৰ ঘনিভূত হৈছে । তেওঁ কয় যে দেশৰ জনসাধাৰণে জানিব বিচাৰে যে কাৰ নিৰ্দেশত নিৰ্বাচন আয়োগে ৱায়ানাড লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ কাম আৰম্ভ কৰিছে ?

কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা বিধায়ক মেথিউ কুঝালন্দনে অভিযোগ কৰে যে ৱায়ানাড লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আঁৰত আছে ৰাজনৈতিক প্ৰতিশোধৰ বাসনা । ৰাহুল গান্ধীয়ে লোকসভাত ভাষণ দি আদানী গোটৰ সৈতে কেন্দ্ৰৰ বিজেপি চৰকাৰ সন্দেহজনক লেনদেন উদঙাই দিয়াৰ বাবে তেওঁৰ বিৰুদ্ধে এই পদক্ষেপ লোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰে কুঝালন্দনে ৷ তেওঁ আৰু কয় যে ৰাহুলৰ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাটোও তেওঁৰ বিৰুদ্ধে প্ৰতিশোধমূলক ৰাজনীতিৰ এটা অংশ ৷

লগতে পঢ়ক : Rahul Gandhi to Address Press : অযোগ্য ঘোষণাৰ পিছত প্ৰথমবাৰ, সংবাদ মাধ্যমক সম্বোধন কৰিব ৰাহুল গান্ধীয়ে

Last Updated : Jun 8, 2023, 4:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.