ETV Bharat / bharat

ভাগ্যৰ বেলি উদয় হ’ল: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ গাদীত বিদ্ৰোহী শিৱসেনা একনাথ সিন্দে - MAHA rebel MLAs in Guwahati

Eknath Sinde is the next CM of Maharashtra says Devendra Fadnavis

author img

By

Published : Jun 30, 2022, 4:42 PM IST

Updated : Jun 30, 2022, 7:48 PM IST

16:39 June 30

মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হ’ল একনাথ সিন্দে ৷ আজি শপত ল’লে সিন্দেয়ে ৷ উপ-মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নাভিছ ৷ একনাথ সিন্দে মুখ্যমন্ত্ৰী হোৱাৰ সমগ্ৰ পৰিক্ৰমা চাওঁ আহক...

নিউজ ডেস্ক, 30 জুন : বিসম্বাদৰ অন্ত পেলাই নতুন পৰিচয় লাভৰ দিশে একনাথ সিন্দে ৷ আজি সন্ধিয়া মহাৰাষ্ট্ৰত আৰৱ সাগৰৰ বুকুত এফালে সূৰ্য অস্ত গ’ল আৰু আনফালে একনাথ সিন্দেৰ ভাগ্যৰ বেলি উদয় হ’ল ৷ সন্ধিয়া 7.30 বজাৰ লগে লগে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লয় একনাথ সিন্দেয়ে (Eknath Shinde takes oath as MAHA Cm)৷ সমগ্ৰ শপত গ্ৰহণ থলী জয় মহাৰাষ্ট্ৰ, জয় ভৱানী ধ্বনিৰে গুঞ্জৰিত হয় ৷ উপ-মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে দেৱেন্দ্ৰ ফাড়নাভিছে ৷ ৰাজ্যপাল ভগৎ সিং কোশীয়াৰিয়ে দুয়োকে শপত বাক্য পাঠ কৰোৱাই ৷

দিনৰ ভাগত চৰ্চা চলিছিল যে, বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাভিছে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৷ কিন্তু সকলোকে আচৰিত কৰি সংবাদমেল যোগে ফাড়নাভিছে ঘোষণা কৰে যে, মুখ্যমন্ত্ৰীৰ আসনত বহিব একনাথ সিন্দে (Eknath Sinde is the next CM of Maharashtra) ৷ সেইজন একনাথ সিন্দে যি প্ৰায় দহ দিন পূৰ্বৰ পৰা ঠাকৰে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি সমগ্ৰ দেশতে চৰ্চিত হৈছিল ৷

ফাড়নাভিছে কয় যে, তেওঁ চৰকাৰৰ পৰা দূৰত থাকিব খোজে আৰু আশা কৰে যে, মসৃণভাৱে এই চৰকাৰ চলিব ৷ ইয়াৰ পূৰ্বে দেৱেন্দ্ৰ ফাড়নাভিছ আৰু একনাথ সিন্দেয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগৎ সিং কোশীয়াৰিক সাক্ষাৎ কৰে ৷ তেতিয়ালৈকে বিজেপি নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব বুলিয়েই চৰ্চা হৈছিল ৷ কিন্তু শেষত প্ৰতিচ্ছবি সলনি হ’ল (Maharashtra new CM) ৷ সিন্দেক মুখ্যমন্ত্ৰীৰ আসন এৰি দি নিজে উপ-মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৷

দেৱেন্দ্ৰ ফাড়নাভিছে দুদিন পূৰ্বেও ৰাজ্যপালক সাক্ষাৎ কৰিছিল আৰু আস্থাভোটৰ আয়োজন কৰিবলৈ অনুৰোধ জনাইছিল ৷ বুধবাৰে উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত সেউজ সংকেত প্ৰদান কৰাৰ লগে লগেই মুখ্যমন্ত্ৰী পদৰ পৰা উদ্ধৱ ঠাকৰেয়ে পদত্যাগ কৰে ৷ তাৰ লগে লগে বিজেপি নেতা-কৰ্মীৰ মাজত আনন্দৰ লহৰ উঠে ৷

একনাথ সিন্দে শেহতীয়াকৈ দেশৰ ৰাজনীতিৰ এটা অতি চৰ্চিত নাম হৈ পৰিছে ৷ মহাৰাষ্ট্ৰৰ পৰা চুৰাট, চুৰাটৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা গোৱা হৈ এতিয়া মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ ওলাইছে একনাথ চাম্ভাজী সিন্দে ৷ তেওঁ মহাৰাষ্ট্ৰ বিধানসভাৰ বিধায়ক হোৱাৰ লগতে ঠাকৰে মন্ত্ৰীসভাৰ নগৰ উন্নয়ন আৰু গড়কাপ্তানি দপ্তৰৰ মন্ত্ৰীও আছিল ৷

কিন্তু হঠাৎ নিজৰ দলৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠে সিন্দে ৷ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে তীব্ৰ বিদ্ৰোহ ৷ যোৱা 21 জুনত লগত চাৰিজন বিধায়কক লৈ মহাৰাষ্ট্ৰৰ পৰা চুৰাটলৈ যায় সিন্দে ৷ তাতেই এখন হোটেলত চলে নতুন ৰাজনৈতিক সমীকৰণ ৷ সেই এদিনৰ ভিতৰতে সিন্দেক লগ দিয়া বিধায়কৰ সংখ্যা বৃদ্ধি পালে 40 জনলৈ ৷ ইয়াৰে 32 জন শিৱসেনাৰ আৰু 7 জন নিৰ্দলীয় ৷ বিদ্ৰোহ ঘোষণা হ’ল উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে ৷

চুৰাটৰ পৰা 22 জুনৰ পুৱাই গুৱাহাটীত আহি উপস্থিত হ’ল সিন্দেসহ মহাৰাষ্ট্ৰৰ 40 জনীয় বিধায়কৰ এটা দল ৷ অসমৰ বিজেপি বিধায়ক সুশান্ত বৰগোহাঁই আৰু সাংসদ পল্লৱ লোচন দাসে তেওঁলোকক লৈ আহিল হোটেল ৰেডিশ্বন ব্লুলৈ ৷ তাৰ পাচত এসপ্তাহজোৰা এখন দীঘলীয়া ৰাজনৈতিক নাটকৰ সাক্ষী হৈ ৰ’ল দেশৰ জনতা (MAHA rebel MLAs in Guwahati) ৷

ৰেডিশ্বন ব্লুৰ বাহিৰত দেশৰ বিভিন্ন সংবাদ মাধ্যমৰ সংবাদ কৰ্মীৰ ভিৰ আৰু ভিতৰত টীম একনাথৰ ইখনৰ পাচত সিখন বৈঠক, বিভিন্ন আলোচনা ৷ তাৰ মাজতে অসমৰ মন্ত্ৰীসভাৰ পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু অশোক সিংঘালৰো সঘন আহ-যাহ চলিল হোটেল ৰেডিশ্বন ব্লুলৈ ৷ ইফালে এইকেইটা দিনত দিল্লী-মুম্বাই কৰি কৰি যেন তৰণি নোপোৱা অৱস্থা দেৱেন্দ্ৰ ফাড়নাভিছৰো ৷ মুঠতে কিবাকৈ হাতলৈ অহা সুবিধা গ্ৰহণ কৰিব লাগে ৷

শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে এই অভিসন্ধি দূৰ কৰিবলৈ যিমান যত্ন কৰিছে, সিন্দেৰ পক্ষলৈ সিমানেই বিধায়কৰ সোঁত ব’বলৈ ধৰিছে ৷ অৱশেষত সংখ্যা হ’লগৈ 48 ৷ শিৱসেনাৰ 39 আৰু নিৰ্দলীয় 9 গৰাকী বিধায়কক লৈ শক্তিশালী হৈ পৰিল সিন্দে ৷ যাৰ পৰিপ্ৰেক্ষিতত ভেঁটি থৰক-বৰক হ’বলৈ ধৰে উদ্ধৱ ঠাকৰেৰ ৷ এসপ্তাহৰ অন্তত বুধবাৰে ঘৰমুৱা হ’বলৈ মন মেলে সিন্দেসহ বিধায়কৰ দলটোৱে ৷ তাৰ আগদিনাই অৰ্থাৎ মঙলবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি দেৱেন্দ্ৰ ফাড়নাভিছে অনুৰোধ জনালে আস্থা ভোটৰ আযোজনৰ বাবে ৷

দেৱেন্দ্ৰ ফাড়নাভিছৰ আবেদনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত উদ্ধৱ ঠাকেৰেয়ে আবেদন জনায় যদিও একো ফল নধৰিলে ৷ বৃহস্পতিবাৰে আস্থা ভোটৰ আয়োজনৰ বাবে ৰাজ্যপালক নিৰ্দেশ দিলে আদালতে ৷ আদালতৰ ৰায় আৰু নিজৰ দলৰ বিধায়কেই পিছফালৰ পৰা কৰা ছুৰীকাঘাতত মৰ্মাহত হৈ বুধবাৰে সন্ধিয়া উদ্ধৱ ঠাকৰেই মুখ্যমন্ত্ৰী পদৰ লগতে বিধান পৰিষদৰ সদস্য পদৰ পৰাও পদত্যাগ কৰে ৷

ইফালে বুধবাৰে বিয়লিৰ ভাগত গুৱাহাটীৰ পৰা গোৱা অভিমুখে ৰাওনা হয় টীম সিন্দে ৷ গোৱাৰ এখন হোটেলত বাহৰ পাতি সমগ্ৰ গতি-বিধি নিৰীক্ষণ কৰে সিন্দেয়ে ৷ ঠাকৰেৰ পদত্যাগৰ পাচতে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰত উপস্থিত হয় সিন্দে ৷ বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাভিছৰ সৈতে মিলিত হৈ নতুন ৰাজনৈতিক পৰিকল্পনা কৰি ৰাজ্যপালক দুয়ো সাক্ষাৎ কৰে ৷

ইয়াৰ পাচতেই সংবাদ মেলযোগে ফাড়নাভিছে ঘোষণা কৰিলে সেই খবৰটো ৷ যিটো খবৰে তোলপাৰ লগালে দেশৰ ৰাজনৈতিক মহলত ৷ ফাড়নাভিছে ক’লে যে, একনাথ সিন্দে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হ’ব ৷ বিজেপিয়ে মহাৰাষ্ট্ৰক নিজৰ দখললৈ নিব বুলি ভবা হৈছিল যদিও অংকটো কিছু পৃথক হৈ পৰিল ৷ এতিয়া সন্ধিয়া 7.30 বজাত সিন্দেয়ে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী ৰূপে আৰু ফাড়নাভিছে উপ-মুখ্যমন্ত্ৰী ৰূপে শপত লয় ৷ আৰম্ভ হ’ল এক নতুন অধ্যায়ৰ ৷

লগতে পঢ়ক : MAHA Drama : উদ্ধৱ থাকৰেক পিছফালৰ পৰা ছুৰি মাৰিলে শিণ্ডেয়ে, সঞ্জয় ৰাউত

Last Updated : Jun 30, 2022, 7:48 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.