গুৱাহাটী, ২৪ জুন : পুনৰ হোটেলৈ উভতিল মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী নেতা একনাথ সিন্দে । প্ৰায় তিনি ঘণ্টাৰ পাছত ৰেডিছন ব্লুত উপস্থিত একনাথ সিন্দে ৷ একনাথ সিন্দে হোটেলখনলৈ উভতি অহাত বিসম্বাদী নেতাজনৰ বাহন ৰেডিশ্বন ব্লুৰ সম্মুখত সাংবাদিকে ঘেৰি ধৰে যদিও তেওঁ কোনো মতামত নিদিলে । উল্লেখ্য যে, বুধবাৰৰ পৰা শিৱসেনাৰ বিসম্বাদী নেতা একনাথ সিন্দেৰ নেতৃত্বত গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুলৈ বিসম্বাদী বিধায়কৰ সোঁত বৈছে । বৰ্তমানলৈ ৰেডিশ্বন ব্লুত বিসম্বাদী বিধায়কৰ মুঠ সংখ্যা হৈছে 47 জন হৈছে । ইয়াৰে শিৱসেনাৰ 38 জন আৰু 9 জন নিৰ্দলীয় বুলি জানিব পৰা গৈছে ৷
ইফালে, মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক সংকটক লৈ এতিয়াও অব্যাহত আছে উৎকণ্ঠা (Maharashtra political crisis)। গুৱাহাটীৰ ৰেডিচন ব্লুত বাহৰ পাতি থকা মহাৰাষ্ট্ৰ চৰকাৰৰ বিসম্বাদী শিবিৰে বুধবাৰৰ পৰা এখনৰ পাছত আনখনকৈ বৈঠক অনুষ্ঠিত কৰিছে যদিও এইপৰ্যন্ত কোনো সমাধান সূত্র ওলোৱা নাই । ইফালে,অব্যাহত আছে বিসম্বাদী শিবিৰলৈ বিধায়কৰ আগমন ।
উল্লেখ্য যে হোটেল ৰেডিশ্বন ব্লুত বাহৰ পাতি আছে মহাৰাষ্ট্ৰৰ শিৱসেনা আৰু নিৰ্দলীয় 47গৰাকী বিধায়কে (Hotel Radisson Blue)। এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
উল্লেখ্য় যে মহাৰাষ্ট্ৰৰ এই বিসম্বাদী বিধায়কসকলৰ বাবে আগতীয়াকৈ বুকিং কৰি থোৱা হৈছিল হোটেল ৰেডিশ্বন ব্লুৰ ৭০টা কোঠা (70 room booked for Maharashtra MLA)।ৰেডিশ্বন ব্লুৰ এই কোঠা ৭ দিন পূৰ্বেই বুকিং কৰা হৈছিল । জানিব পৰা মতে প্ৰথমতে তিনিদিনৰ বাবে বুক কৰা কোঠাসমূহ পৰৱৰ্তী সময়ত সাতদিনৰ বাবে বৃদ্ধি কৰা হয় ।
হোটেল ৰেডিশ্বন ব্লুৰ এই কোঠাকেইটাৰ বাবে হোটেল কৰ্তৃপক্ষক দিব লাগিব ৫৬ লাখ টকা । আনহাতে, প্ৰতিদিনাই বিধায়কসকলৰ খোৱাৰ বাবদ ব্যয় হৈছে ৮ লাখকৈ টকা । অন্যান্য শিতানত আন ১০ লাখ টকা ব্যয়ৰ বাবে সাজু কৰি ৰখা হৈছে । সেই হিচাপত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক হোটেল ৰেডিশ্বন ব্লুত ৰখাৰ বাবদ ব্যয় হ'ব প্ৰায় ১ কোটি ১২ লাখ টকা (Rebel MLA of Maharashtra)। এই ব্যয় আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
ইফালে, চুৰাটৰ পৰা গুৱাহাটীলৈ চাৰ্টাড প্লেনেৰে অনা হৈছিল বিসম্বাদী বিধায়কসকলক । বিধায়কসকলক গুৱাহাটীলৈ অনাৰ ক্ষেত্ৰত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰেই পৃষ্ঠপোষকতা কৰাৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়েও কিছু দিশ পৰ্যবেক্ষণ কৰিছিল ।
নিৰাপত্তা আৰু গোপনীয়তাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল বিজেপি শীৰ্ষ নেতৃত্বক । তেনে আশ্বাস আৰু আস্থাৰ পাছতেই মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক লৈ অহা হৈছিল গুৱাহাটীলৈ । ইয়াৰ পাছতে সকলোৰে কেন্দ্ৰবিন্দু হৈ পৰিছিল গুৱাহাটীৰ এইখন বিলাসী হোটেল । ইয়ালৈ যাতে আন কোনো লোক আহিব নোৱাৰে তাৰবাবে হোটেলখনৰ প্ৰতিটো কোঠাই বুকিং কৰা হৈছিল ।
মহানগৰৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে তদাৰক কৰিছে নিৰাপত্তা ব্যৱস্থা । যাৰ পৰিপ্ৰেক্ষিতত বিলাসী হোটেলখন অসম আৰক্ষীৰ তদাৰকত আছে । ৰাজ্যত প্ৰৱল বানপানীয়ে তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়তে মহাৰাষ্ট্ৰত চৰকাৰ ভঙা-পতাক লৈ ইমান বৃহৎ সংখ্যক ধন ব্যয়ক লৈ সচেতন লোকৰ চকু কপালত উঠিছে ।
লগতে পঢ়ক : Maharashtra political crisis: মহাৰাষ্ট্ৰৰ বিসম্বাদী শিবিৰৰ বাবে সাত দিনলৈ বুকিং ৰেডিশ্বন ব্লু