নিউজ ডেস্ক, 1 মে’ : সোমবাৰৰ পৰিৱৰ্তে মঙলবাৰেহে ভাৰতত উদযাপন কৰা হ’ব পবিত্ৰ ঈদ-উল-ফিতৰ ৷ কেন্দ্ৰীয় হিলাল কমিটীয়ে জানিবলৈ দিছে এই কথা ৷ দেওবাৰে যিহেতু ঈদৰ জোন দেখা পোৱা নগ’ল, তাৰ পৰিপ্ৰেক্ষিতত হিলাল কমিটীয়ে ভাৰতত মঙলবাৰে ঈদ উদযাপনৰ সিদ্ধান্ত ঘোষণা কৰিছে ৷
দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ আদি কেইবাখনো ৰাজ্যৰ হিলাল কমিটী সমূহে ঈদৰ জোন আজি প্ৰত্যক্ষ নকৰাৰ কথা জনাইছে ৷ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জতো দেখা পোৱা নাই ঈদৰ জোন ৷
মালয়েচিয়াৰ পৰা ঈদৰ জোন প্ৰত্যক্ষ কৰা হেতুকে সোমবাৰে দেশখনত ঈদ উদযাপন কৰা হ’ব ৷ ব্ৰুণেই আৰু ফিলিপাইনেও ইতিমধ্যে সোমবাৰে ঈদ উদযাপনৰ বাবে ঘোষণা কৰিছে ৷
চৌদি আৰৱ, সংযুক্ত আৰৱ ৰাষ্ট্ৰ, ব্ৰুণেই, ফিলিপাইন, কটৰ, কুৱেইট, বাহৰেইন, জৰ্দান, মৰক্কো, মস্কাত, য়েমেন, চুদান, ইজিপ্ত, টানিচিয়া, ইৰাক, চিৰিয়া, পেলেষ্টাইন আদিত সোমবাৰেই উদযাপন কৰা হ’ব ঈদ-উল-ফিতৰ ৷
লগতে পঢ়ক : ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ বাবে বাধ্যতামূলক হ'ব টাস্ক ফ'ৰ্চ