ETV Bharat / bharat

আজি 'নিপুন ভাৰত' অভিযানৰ শুভাৰম্ভ

author img

By

Published : Jul 5, 2021, 9:24 AM IST

আজি আনুষ্ঠানিকভাৱে মুকলি হ'ব 'নিপুন ভাৰত' অভিযান ৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে আনুষ্ঠানিকভাৱে মুকলি কৰিব এই 'নিপুন ভাৰত' অভিযান ৷ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ সফল ৰূপায়নৰ বাবে লোৱা পদক্ষেপ হিচাপে মুকলি কৰা হৈছে এই অভিযান ৷

Education Minister Ramesh Pokhriyal to launch NIPUN Bharat tomorrow
আজি 'নিপুন ভাৰত' অভিযানৰ শুভাৰম্ভ

নেশ্যনেল ডেস্ক, 5জুলাই: ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰ সফল ৰূপায়নৰ উদ্দেশ্যে গ্ৰহণ কৰা পদক্ষেপৰ এক অংশ হিচাপে আজি শিক্ষা মন্ত্ৰালয়ে 'নিপুন ভাৰত'(NIPUN Bharat) শীৰ্ষক এক বিশেষ কাৰ্যসূচী মুকলি কৰিব ৷ শিক্ষা মন্ত্ৰালয়ৰ শিক্ষা আৰু সাক্ষৰতা বিভাগে 'নিপুন ভাৰত'(National Initiative for Proficiency in Reading with Understanding and Numeracy) অভিযান মুকলি কৰিব ৷ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে ভাৰ্চুৱেল মাধ্যমেৰে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী মুকলি কৰিব ৷

এক বিবৃতি অনুসৰি, এই অনুষ্ঠানতে নিপুন ভাৰতৰ ৰূপায়নৰ ক্ষেত্ৰত থকা নিৰ্দেশনা আদিৰ ওপৰত এটা চমু ভিডিঅ' আৰু সংগীত মুকলি কৰা হ'ব ৷ নিপুন ভাৰতৰ শুভাৰম্ভক ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ সফল ৰূপায়নৰ উদ্দেশ্যে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ ভিতৰত শিক্ষা আৰু সাক্ষৰতা বিভাগে গ্ৰহণ কৰা এক অন্যতম পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে ৷

নিপুন ভাৰতৰ অভিযানৰ মুখ্য উদ্দেশ্য হৈছে সাক্ষৰতা আৰু সংখ্যাৰ সাৰ্বজনীন অধিগ্ৰহণ নিশ্চিত কৰাৰ বাবে এক সক্ষম পৰিৱেশৰ সৃষ্টি কৰা ৷ এনে এক পৰিৱেশ সৃষ্টিৰ জড়িয়তে 2026-27 বৰ্ষৰ ভিতৰত গ্ৰেড-3ৰ শেষৰ ফাললৈ লিখা আৰু পঢ়াৰ লগতে সংখ্যা শিকাৰ ক্ষেত্ৰত শিশুসকলে আকাংক্ষিত দক্ষতা লাভ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

উল্লেখ্য যে, বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ দ্বাৰা নিপুন ভাৰত শীৰ্ষক এই অভিযান ৰূপায়ন কৰা হ'ব আৰু সমগ্ৰ শিক্ষাৰ কেন্দ্ৰীয় পৃষ্ঠপোষকতাত সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাষ্ট্ৰীয়-ৰাজ্যিক-জিলা-খণ্ড-বিদ্যালয় পৰ্যায়(National-State-District-Block-School level)ত এক পাঁচ স্তৰীয় ৰূপায়ন প্ৰণালী স্থাপন কৰা হ'ব ৷

লগতে পঢ়ক: উত্তৰাখণ্ডৰ একাদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ পুস্কৰ সিং ধামিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.