ETV Bharat / bharat

ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ মাচুল নিয়ন্ত্ৰণ কৰিব ত্ৰিপুৰা চৰকাৰে - শিক্ষামন্ত্ৰী ৰতন লাল নাথ

কৰ’ণা ভাইৰাছ(Corona Virus)ৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহৰ দ্বাৰা লোৱা মাচুল নিয়ন্ত্ৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে ৷ মাচুল বৃদ্ধি সন্দৰ্ভত ব্যক্তিগত বিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হৈ পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্যকলাপৰ মাচুল আদায় নকৰিবলৈ আহ্বান জনায় শিক্ষামন্ত্ৰী ৰতনলাল নাথে ৷

tripura govt to regulate private school fees
ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ মাচুল নিয়ন্ত্ৰণ কৰিব ত্ৰিপুৰা চৰকাৰে
author img

By

Published : Jun 12, 2021, 9:10 AM IST

আগৰতলা, 12 জুন : ত্ৰিপুৰা চৰকাৰে ক’ভিড মহামাৰী(Covid Pandemic)ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহৰ দ্বাৰা লোৱা মাচুল নিয়ন্ত্ৰণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । যিহেতু বিদ্যালয়বোৰ বন্ধ আছে আৰু শিক্ষাৰ্থীসকলে বেছিভাগ অনলাইন শ্ৰেণীৰ জৰিয়তে ঘৰত শিক্ষাগ্ৰহণ কৰি আছে ৷ সেয়ে বিভাগটোৱে অভিভাৱকসকলৰ ওপৰত বৰ্তমানৰ বাবে বিত্তীয় বোজা হ্ৰাস কৰাৰ উদ্দেশ্যৰে অভিজাত ব্যক্তিগত বিদ্যালয়সমূহক আলোচনাৰ মেজলৈ আমন্ত্ৰণ জনাইছে ।

উল্লেখ্য যে, আগৰতলাত একাংশ বিদ্যালয়ে ক’ভিড ১৯(Covid-19) ৰ এই সময়ছোৱাত কোনো ধৰণৰ পাঠদান অনুষ্ঠিত নোহোৱা স্বত্বেও বৃহৎ পৰিমাণৰ ধন আদায় কৰি আহিছে । শিক্ষামন্ত্ৰী ৰতনলাল নাথে আগৰতলা আৰু ইয়াৰ আশে-পাশে অৱস্থিত এনে ১৭ খন বিদ্যালয়ৰ কৰ্তৃপক্ষৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে ৷

ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ মাচুল নিয়ন্ত্ৰণ কৰিব ত্ৰিপুৰা চৰকাৰে

এই সন্দৰ্ভত বক্তব্য ৰাখি শিক্ষামন্ত্ৰী নাথে কয়, "আমি বিদ্যালয়ৰ মাচুল সন্দৰ্ভত এক সুস্থ আলোচনাত অংশগ্ৰহণ কৰিছো । বিভিন্ন প্ৰকাৰৰ মাচুল আছে যেনে: টিউচন মাচুল, সাংস্কৃতিক মাচুল আৰু পৰিবহণৰ বাবে মাচুল । আমি সকলো বিদ্যালয়ৰ কৰ্তৃপক্ষক পৰিবহণ মাচুলৰ কমেও ৬০ শতাংশ ৰেহাই দিবলৈ আহ্বান জনাইছো । যিহেতু বাছবোৰে শিশুক কঢ়িওৱা নাই, বিদ্যালয়বোৰে অভিভাৱকসকলক এই ক্ষেত্ৰত সকাহ দিব লাগিব"।

তদুপৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, "বিদ্যালয়সমূহে তেওঁলোকৰ মতামত প্ৰকাশ কৰিছে আৰু তেওঁলোকে ইতিমধ্যে কি পদক্ষেপ লৈছে সেই বিষয়ে অৱগত কৰিছে । আমি বিদ্যালয়সমূহক পৰামৰ্শ দিছো যে, বৰ্তমানৰ বাবে বন্ধ হৈ থকা পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্য-কলাপৰ মাচুল আদায় নকৰিব । ইয়াৰ উপৰিও আমি শিক্ষাখণ্ডৰ সকলো মাপকাঠীৰ শীৰ্ষত উপনীত হোৱাৰ লক্ষ্যৰ বাবে ব্যক্তিগত বিদ্যালয়সমূহৰ পৰা সহযোগিতাৰ বাবেও অনুৰোধ জনাইছো ।"

ইফালে ব'ৰ্ডৰ পৰীক্ষাৰ বিষয়ে সোধা প্ৰশ্নত নাথে কয়, "পৰৱৰ্তী ১৪ জুনত এখন বৈঠক আহ্বান কৰা হৈছে আৰু বৈঠক শেষ হোৱাৰ পিছতহে বিষয়টো সম্পৰ্কীয় যিকোনো কথা প্ৰকাশ কৰিব পৰা যাব"।

লগতে পঢ়ক: পুনৰ তৃণমূললৈ ওভতিল মুকুল ৰয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.