ETV Bharat / bharat

EGI Moved to Supreme Court : মণিপুৰৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়া

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 2:26 PM IST

উচ্চতম ন্যায়ালয়ে বুধবাৰে বিষয়টোৰ শুনানিৰ বাবে সন্মত হৈছে । বিষয়টো ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত উত্থাপন কৰা হৈছিল । এডিটৰ্ছ গিল্ডে এফআইআৰসমূহ বাতিল কৰিবলৈও বিচাৰিছে ।

EGI Moved to Supreme Court
EGI Moved to Supreme Court

নিউজ ডেস্ক, ৬ ছেপ্টেম্বৰ : মণিপুৰৰ গোচৰ সন্দৰ্ভত দেশৰ শীৰ্ষ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এডিটৰ্ছ গিল্ড অব ইণ্ডিয়া (ইজিআই) । উল্লেখ্য যে শুকুৰবাৰে মণিপুৰত জাতিগত সংঘৰ্ষৰ ওপৰত প্ৰকাশ কৰা প্ৰতিবেদনৰ বাবে সংগঠনটোৰ চাৰিজন সদস্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল । এই দুখন এজাহাৰৰ ওপৰত সুৰক্ষামূলক আদেশৰ নিৰ্দেশনা বিচাৰি ইজিআয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে ।

বিষয়টো ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত উত্থাপন কৰা হয় । শীৰ্ষ ন্যায়ালয়ে বুধবাৰে বিষয়টোৰ ওপৰত শুনানি কৰিবলৈ সন্মত হয় । আনহাতে, ইজিআয়ে এফআইআৰসমূহ বাতিল কৰিবলৈও বিচাৰিছে । ইজিআইক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা শ্যাম দিভানে কয় যে তেওঁলোকে গ্ৰেপ্তাৰ হোৱাৰ আশংকা কৰিছে আৰু আদালতক বুধবাৰে বিষয়টোৰ ওপৰত শুনানিৰ বাবে আহ্বান জনাইছে ।

দিভানে কয় যে আদালতৰ সন্মুখত চাৰিজন লেখ আবেদনকাৰী আছে আৰু 'আমি গ্ৰেপ্তাৰ আৰু বলপূৰ্বক পদক্ষেপৰ পৰা সুৰক্ষা বিচাৰি আছোঁ । দিভানে কয় যে, ইজিআয়ে এক তথ্য অনুসন্ধান সমিতি নিযুক্ত কৰিছিল আৰু প্ৰথম তিনিজন আবেদনকাৰী, যিসকল জ্যেষ্ঠ সাংবাদিক, তেওঁলোকে মণিপুৰলৈ যোৱা সমিতিৰ অংশ আছিল আৰু চাৰি দিনৰ বাবে তেওঁলোক গঠনাস্থলীত আছিল । দিভানে লগতে কয় যে, তেওঁলোকে জনসাধাৰণৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল আৰু তাৰ পিছত এক তথ্য অনুসন্ধান প্ৰতিবেদন প্ৰস্তুত কৰিছিল । উক্ত তথ্য অনুসন্ধান প্ৰতিবেদন ২ ছেপ্টেম্বৰত প্ৰকাশ কৰা হৈছিল আৰু তাৰ ওপৰত দুখন এজাহাৰ দাখিল কৰা হৈছে ।

উল্লেখ্য যে, অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতি অধিক অৱনমিত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত মণিপুৰ চৰকাৰে গোচৰ সাংবাদিককেইগৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছিল ৷ এডিটৰ্ছ গিল্ডৰ সদস্যসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে এফআইআৰ দাখিল কৰা বুলি মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে জনাইছিল । ইয়াৰ পিচতে এডিটৰ্ছ গিল্ডৰ তথ্য অনুসন্ধান প্ৰতিবেদনক তীব্ৰ গৰিহণা দিয়ে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ।

৭ আগষ্টৰ পৰা ১০ আগষ্টলৈকে মণিপুৰত থকা সীমা গুহ, সঞ্জয় কাপুৰ আৰু ভাৰত ভূষণৰ বিৰুদ্ধে প্ৰথম তথ্য এজাহাৰ দাখিল কৰে ইম্ফলৰ সমাজকৰ্মী এন শৰৎ সিঙে । ইজিআইৰ সভাপতিগৰাকীকো এজাহাৰত অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে । গোচৰটোত উল্লেখ কৰা হৈছে যে ইজিআইৰ প্ৰতিবেদনত চুৰাচান্দপুৰ জিলাৰ এটা জ্বলি থকা অট্টালিকাৰ ফটোখনৰ কেপচনত 'কুকি ঘৰ' বুলি উল্লেখ কৰা হৈছে । ৰাজ্যখনৰ ৰাজধানী ইম্ফলৰ পৰা ৬৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত জিলাখনত বৃহত্তৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ দিনা ৩ মে’ত বন বিভাগৰ এটা বিট অফিচত অগ্নিসংযোগ কৰা হৈছিল ।

লগতে পঢ়ক :Fear of ’INDIA’ block: ইণ্ডিয়াৰ নহয় ! ভাৰতৰহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.