ETV Bharat / bharat

সংবেদনশীল বাতৰি পৰিৱেশনৰ অভিযোগত গ্ৰেপ্তাৰ সাংবাদিক, জামিন প্ৰদান - Manipur journalist arrest

মণিপুৰৰ হিংসাত্মক ঘটনাৰ পাছত ৰাজ্যখনৰ সংবাদ মাধ্যমৰ ওপৰত চোকা দৃষ্টি প্ৰশাসনৰ (Manipur crisis)। সংবেদনশীল বাতৰি প্ৰকাশৰ অভিযোগ এইবাৰ স্থানীয় বাতৰি কাকতৰ সম্পাদকক গ্ৰেপ্তাৰ ।

Manipur journalist arrest
সংবেদনশীল বাতৰি পৰিৱেশনৰ অভিযোগ গ্ৰেপ্তাৰ সাংবাদিক
author img

By PTI

Published : Jan 8, 2024, 4:04 PM IST

নেশ্যনেল ডেস্ক,৮ জানুৱাৰী : মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ কথা সকলোৰে অৱগত । উত্তৰ-পূৱৰ ৰাজ্যখনত যাতে পুনৰ হিংসাত্মক ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰচাৰ মাধ্যমৰ ওপৰত প্ৰশাসনে চোকা দৃষ্টি ৰাখিছে । তাৰ মাজতে সংবেদনশীল তথ্য প্ৰকাশ কৰি গ্ৰেপ্তাৰ হ'ল এখন স্থানীয় বাতৰি কাকতৰ সম্পাদক । অৱশ্যে সাংবাদিকগৰাকীক জামিনত মুকলি কৰি দিয়া হৈছে । সূত্ৰৰ মতে সম্পাদকগৰাকী হৈছে ধনবীৰ মাইবাম ।

জানিব পৰা মতে মাইবামক দেওবাৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল । তেওঁৰ বিৰুদ্ধে অফিচিয়েল চিক্ৰেটছ এক্টৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল । তাৰ ভিতৰত আছে ধৰ্ম আৰু জাতিৰ ভিত্তিত শত্ৰুতা বৃদ্ধি কৰাৰ বাবে শাস্তি প্ৰদান কৰা । সূত্ৰৰ মতে হুয়েন লানপাওৰ প্ৰতিবেদনত মোৰেহ চহৰত কিছুমান ঘটনাৰ ওপৰত আলোকপাত কৰা হৈছিল, য'ত ৰাজ্যিক বাহিনী আৰু সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ মাজত শেহতীয়াকৈ সংঘৰ্ষ বৃদ্ধি পাইছে ।

ইয়াৰ পূৰ্বে, ২৮ ডিচেম্বৰত এখন স্থানীয় দৈনিক বাতৰিৰ আন এজন সম্পাদকক একে ধৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পিচত জামিনত মুকলি কৰি দিয়া হৈছিল । ইফালে কংগ্ৰেছে দেওবাৰে এক বিবৃতিযোগে দুয়োগৰাকী সম্পাদকক গ্ৰেপ্তাৰ কৰা ঘটনাক নিন্দা কৰে আৰু তেওঁলোকক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ দাবী জনায় । কংগ্ৰেছে কয় যে সাংবাদিকসকলক ভয়-ভাবুকি নিদিয়াকৈ তেওঁলোকৰ পেছাদাৰী কৰ্তব্য পালন কৰিবলৈ অনুমতি দিয়া উচিত ।

কংগ্ৰেছ নেতা পৱন খেৰাই বিবৃতিটোত কয় যে যেতিয়া সাংবাদিকসকলে বিবাদগ্ৰস্ত ৰাজ্যখনৰ প্ৰকৃত ছবি সততাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে সেই সময়তে মণিপুৰৰ বিজেপি চৰকাৰে সাংবাদিকসকলক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি, আনকি এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াৰ (ইজিআই) মুখামুখি হৈ সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত এক ধাৰাবাহিক আক্ৰমণত লিপ্ত হৈছে ।

লগতে পঢ়ক :উচ্চতম ন্যায়ালয়ত বিলকিছ বানুৰ বৃহৎ জয়; দোষীক ৰেহাইৰ আদেশ বাতিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.