ETV Bharat / bharat

ED ৰ জেৰাৰ সন্মুখীন হ'ব আজম খানসহ উত্তৰ প্ৰদেশৰ তিনি ৰাজনীতিবিদ

author img

By

Published : Sep 20, 2021, 1:59 PM IST

Updated : Sep 20, 2021, 2:35 PM IST

Money laundering case গোচৰত আজম খানসহ ED ৰ জেৰাৰ সন্মুখীন হ'ব উত্তৰ প্ৰদেশৰ তিনি ৰাজনীতিবিদ ৷ আজম খানৰ সৈতে ইডিয়ে বিএছপিৰ বিধায়ক মুখতাৰ আনছাৰী(BSP MLA Mukhtar Ansari) আৰু প্ৰাক্তন সাংসদ আতিক আহমেদ(former MP Atiq Ahmad)ক জেৰা কৰিব ৷

ED to interrogate Azam Khan and others in money laundering cases
আজম খানসহ EDৰ জেৰাৰ সন্মুখীন হ'ব উত্তৰ প্ৰদেশৰ তিনি ৰাজনীতিবিদ

নেশ্যনেল ডেস্ক, 20 ছেপ্টেম্বৰ : সমাজবাদী পাৰ্টী(Samajwadi Party)ৰ নেতা আজম খান(Azam Khan)কে ধৰি কাৰাগাৰত বন্দী উত্তৰ প্ৰদেশৰ তিনিজনকৈ ৰাজনীতিবিদ সন্মুখীন হ'ব ইডি(Enforcement Directorate)ৰ জেৰাৰ ৷ money laundering case গোচৰত ইডি(Enforcement Directorate)য়ে এই নেতাকেইজনক জেৰা কৰিব ৷

আজম খানৰ বাহিৰে ইডিৰ জেৰাৰ সন্মুখীন হ'বলগীয়া নেতাকেইজন হ'ল ক্ৰমে বিএছপিৰ বিধায়ক মুখতাৰ আনছাৰী( BSP MLA Mukhtar Ansari) আৰু প্ৰাক্তন সাংসদ আতিক আহমেদ(former MP Atiq Ahmad) ৷ তিনিওজন নেতা বৰ্তমান উত্তৰ প্ৰদেশৰ পৃথক কাৰাগাৰত বন্দী হৈ আছে ৷ এই ৰাজনীতিবিদকেইজনক জেৰা কৰাৰ বাবে ইডিয়ে ইতিমধ্যে আদালতৰ পৰা অনুমতি লাভ কৰিছে ৷

কাৰাবন্দী নেতাকেইজনৰ ভিতৰত আজম খান বৰ্তমান উত্তৰ প্ৰদেশৰ সীতাপুৰ কাৰাগাৰ(Uttar Pradesh's Sitapur jail)ত বন্দী হৈ আছে আৰু তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ আছে ৷ আনছাৰী জিলা কাৰগাৰত বন্দী হৈ থকাৰ পৰিৱৰ্তে আতিক আহমেদ আহমেদাবাদৰ সৱৰমতী কাৰাগাৰ( Sabarmati jail in Ahmedabad)ত আছে ৷

উল্লেখ্য যে, বিগত সপ্তাহত ৰামপুৰ জিলা প্ৰশাসনে সমাজবাদী পাৰ্টীৰ সাংসদ আজম খানৰ নেতৃত্বত মৌলানা মহম্মদ আলী জৌহৰ ট্ৰাষ্ট(Maulana Muhammad Ali Jauhar Trust)ৰ দ্বাৰা পৰিচালিত মহম্মদ আলী জৌহৰ বিশ্ববিদ্যালয়(Mohammad Ali Jauhar University)ৰ পৰা ৭০.০৫ হেক্টৰতকৈও অধিক ভূমি ঘূৰাই লৈছে ৷

লগতে পঢ়ক : INX মিডিয়া গোচৰ : দিল্লীৰ আদালতত পিটাৰ মুখাৰ্জীৰ জামিন আবেদনৰ শুনানি

Last Updated : Sep 20, 2021, 2:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.