ETV Bharat / bharat

Money laundering case: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনলৈ ইডিৰ চমন - ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনলৈ ইডিৰ চমন

এইবাৰ আন এক বিপদত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন ৷ খনিৰ গোচৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীলৈ ইডিয়ে জাৰি কৰিছে চমন ৷ ইয়াৰ পূৰ্বে তেওঁৰ বিধায়ক পদ খাৰিজ কৰিছিল নিৰ্বাচন আয়োগে (Assembly membership of Hemant Soren cancelled) ৷ অৱশ্যে আস্থা ভোটত জয়ী হৈছিল মুখ্যমন্ত্ৰীগৰাকী(Hemant Soren passes Jharkhand trust vote)

Money laundering case
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনলৈ ইডিৰ চমন
author img

By

Published : Nov 2, 2022, 5:12 PM IST

নিউজ ডেস্ক, 2 অক্টোবৰ: বিপদে যেন লগ এৰা নাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ ৷ ভাৰতৰ নিৰ্বাচন আয়োগে বিধায়ক হিচাপে অযোগ্য ঘোষণা কৰাৰ পাছতেই এইবাৰ ইডিৰ কোপদৃষ্টি পৰিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত ৷ খনিৰ গোচৰত ইডিয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনলৈ চমন জাৰি কৰিছে(ED summons Jharkhand CM Hemant Soren ) ৷ এই চমনত ইডিয়ে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক তেওঁলোকৰ ৰাঁচীস্থিত কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিছে ৷

ইডিয়ে পিএমএলএ আইনৰ অধীনত সোধপোছ কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকৰ ৰাঁচীস্থিত আঞ্চলিক কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিছে ৷ ঝাৰখণ্ডত অবৈধ খনন সম্পৰ্কীয় অপৰাধত এতিয়ালৈকে প্ৰায় ১,০০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য ইডিয়ে লাভ কৰিছে(CM Hemant Soren in money laundering case) ৷ এই গোচৰত শেহতীয়াকৈ পংকজ মিশ্ৰকে ধৰি আন দুজনক গ্ৰেপ্তাৰ কৰা হৈছিল । চাহিবগঞ্জ, বৰহেট, ৰাজমহল, মিৰ্জা চকী আৰু বৰহাৰৱাৰকে ধৰি প্ৰায় ১৯ টা স্থানত অবৈধ খনন আৰু ধন দাবীৰ অভিযোগৰ সৈতে সম্পৰ্কিত গোচৰত ইডিয়ে ৮ জুলাইত পংকজ মিশ্ৰ আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে অভিযান চলাইছিল(Illegal mining in Jharkhand) ৷

ইডিয়ে পংকজ মিশ্ৰৰ লগতে গ্ৰেপ্তাৰ কৰা আন দুই অভিযুক্ত বৰ্তমান ন্যায়িক জিম্মাত আছে । খনি কেলেংকাৰীৰ ধন ৰপ্তানিৰ গোচৰত অভিযুক্ত বাঘা বাঘা নেতাৰ ওপৰত ইডিয়ে কঠোৰ পদক্ষেপ লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৱে এই সন্দৰ্ভত মঙলবাৰে আৰক্ষী মুখ্য কাৰ্যালয়লৈ এখন পত্ৰও প্ৰেৰণ কৰিছে । এই পত্ৰখনৰ জৰিয়তে কেন্দ্ৰীয় সংস্থাটোৱে আৰক্ষী বাহিনী মোতায়েনৰ দাবী জনাইছে । ইয়াত, ইডিয়ে লিখিছে যে ৰাঁচীৰ এয়াৰপৰ্ট ৰোডত থকা ইডি জ’নেল কাৰ্যালয়ৰ নিৰাপত্তা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে ।

আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ উচ্চ পদস্থ সূত্ৰইও ইডি পত্ৰ পোৱাটো নিশ্চিত কৰিছে । আৰক্ষী মুখ্য কাৰ্যালয়লৈ লিখা পত্ৰখনত উল্লেখ কৰা হৈছে যে ইডিয়ে বহুতো গুৰুত্বপূৰ্ণ গোচৰৰ তদন্ত কৰি আছে ৷ সেয়েহে ইডি আঞ্চলিক কাৰ্যালয়ৰ নিৰাপত্তা শক্তিশালী কৰাটো প্ৰয়োজনীয় । একে সময়তে, ইডিয়ে আৰক্ষীৰ নিৰাপত্তা লাভ নকৰিলে অৰ্ধসামৰিক বাহিনী মোতায়েন কৰাৰ বাবে চিআৰপিএফলৈ পত্ৰ লিখাৰ কথা জানিব পৰা হৈছে ৷ অৱশ্যে, এতিয়ালৈকে, কেৱল চিআৰপিএফ জোৱানেই ইডি কাৰ্যালয়ৰ নিৰাপত্তা চম্ভালি আছে ।

লগতে পঢ়ক : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ বিধায়ক পদ খাৰিজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.