ETV Bharat / bharat

ED summons Jharkhand CM : ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক পুনৰ ইডিৰ চমন; ২৪ আগষ্টত কৰিব সোধাপোছা

author img

By

Published : Aug 19, 2023, 11:42 AM IST

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনলৈ ইডিয়ে পুনৰবাৰ চমন জাৰি কৰিছে । ইডিয়ে তেওঁক ২৪ আগষ্টত ৰাঁচীৰ আঞ্চলিক কাৰ্যালয়ত সোধাপোছাৰ বাবে মাতি পঠিয়াইছে ।

ED summons Jharkhand CM
ED summons Jharkhand CM

নিউজ ডেস্ক, ১৯ আগষ্ট : এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিয়ে পুনৰবাৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনলৈ চমন জাৰি কৰিছে । আগষ্ট মাহত এইটোৰে দ্বিতীয়বাৰৰ বাবে ইডিয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীলৈ চমন জাৰি কৰিলে । ইডি সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, তেওঁক ২৪ আগষ্টত সোধাপোছাৰ বাবে মাতি পঠোৱা হৈছে । বিজেপি সাংসদ নিশিকান্ত ডুবেয়ে এই বিষয়ে টুইট কৰি মুখ্যমন্ত্ৰীক কটাক্ষ কৰিছে ।

উল্লেখনীয় যে ১৪ আগষ্টত মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক ভূমি কেলেংকাৰীৰ সোধাপোছাৰ বাবে সংস্থাটোৰ কাৰ্যালয়লৈ যাবলৈ জাননী প্ৰেৰণ কৰা হৈছিল । কিন্তু মুখ্যমন্ত্ৰীয়ে সংস্থাটোৰ কাৰ্যালয়লৈ যাবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰি এখন বৃহৎ পত্ৰ লিখিছিল । ইয়াৰ পিছত অনুমান কৰা হৈছিল যে সংস্থাটোৱে আইনী মতামত লোৱাৰ পিছত শীঘ্ৰেই মুখ্যমন্ত্ৰীক দ্বিতীয়বাৰ চমন জাৰি কৰিব ।

বৰ্তমান জানিব পৰা গৈছে যে ২৪ আগষ্টত সংস্থাটোৰ কাৰ্যালয়লৈ যাবলৈ চমন প্ৰেৰণ কৰা হৈছে । যাতে ভূমি কেলেংকাৰী সন্দৰ্ভত তেওঁক সোধাপোছা কৰিব পাৰে । আনহাতে, বিজেপি সাংসদ নিশিকান্ত ডুবেৰ এটা টুইট শনিবাৰে পুৱাৰে চৰ্চিত হৈ আছে । টুইটটোত নিশিকান্ত ডুবেয়ে লিখিছে যে ৰাজা চাহেবক ইডিয়ে পুনৰ চাহ খাবলৈ মাতিছে । এই টুইটটো মুখ্যমন্ত্ৰী হেমন্তক কটাক্ষ কৰিয়ে লিখা হৈছে বুলি চৰ্চিত হৈছে । নিশিকান্তে তেওঁৰ টুইটত লিখিছে যে ২৪ আগষ্টত ইডিয়ে ৰাজাক পুনৰ চাহ খাবলৈ মাতিছে ।

আনহাতে, মুখ্যমন্ত্ৰী হেমন্ত চোৰেন ৰাঁচী ভূমি কেলেংকাৰীত ইডিৰ প্ৰথম চমনত ১৪ আগষ্টত ইডি কাৰ্যালয়লৈ যোৱা নাছিল । ১৪ আগষ্টত পুৱা ১১ বজাত মুখ্যমন্ত্ৰীয়ে ইডিৰ ৰাঁচী আঞ্চলিক কাৰ্যালয় পৰিদৰ্শন কৰাৰ কথা আছিল । কিন্তু সংস্থাটোৰ সন্মুখত হাজিৰ হোৱাৰ পৰিৱৰ্তে তেওঁ ইডিৰ ৰাঁচী আঞ্চলিক কাৰ্যালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰে । মুখ্যমন্ত্ৰীয়ে পত্ৰখনৰ জৰিয়তে সময় বিচৰা নাছিল । কিন্তু ইডিলৈ প্ৰেৰণ কৰা পত্ৰখনত তেওঁ আইনৰ কাষ চপাৰ কথাহে কৈছিল । মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা পত্ৰখনত সংস্থাটোৱে ৰাজনৈতিক প্ৰভুসকলৰ নিৰ্দেশত কাম কৰাৰ লগতে সংস্থাটোক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।

লগতে পঢ়ক :Manipur violence : জনতাৰ বৰ্বৰতাৰ সন্মুখীন হোৱা আবেদনকাৰীৰ আবেদন সন্দৰ্ভত SC ৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.