নিউজ ডেস্ক,11 জানুৱাৰী: অবৈধ ধনৰ সৰবৰাহত জড়িত থকা সন্দৰ্ভত সোমবাৰে পশ্চিমবংগৰ 12 টা স্থানত অনুসন্ধান চলাই এনফৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিয়ে ৷ বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এই 12 টা স্থানত অনুসন্ধান চলোৱা বুলি প্ৰকাশ কৰিছে বিত্তীয় অনুসন্ধানকাৰী সংস্থাটোৱে ৷
উল্লেখ্য যে,বিশেষ উৎসৰ পৰা পোৱা খবৰৰ ভিত্তিত সংস্থাটোৱে কেলেংকাৰীৰ সৈতে সম্পৰ্কিত কেইবাজনো লোকৰ কাৰ্যালয় আৰু বাসগৃহত অনুসন্ধান চলাই ৷ ঘটনা সন্দৰ্ভত অধিক তথ্য প্ৰকাশৰ পৰা বিৰত থাকে অনুসন্ধানকাৰী সংস্থাটো ৷ চিবিআইৰ এটা গোচৰৰ ওপৰত ভিত্তি কৰি এই অনুসন্ধান চলাইছে ই ডি য়ে ৷