ETV Bharat / bharat

ED raids Bengal ministers house : পশ্চিমবংগৰ মন্ত্ৰীৰ বাসগৃহত ইডিৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 11:36 AM IST

অবৈধ নিযুক্তিৰ গোচৰত পশ্চিমবংগৰ মন্ত্ৰী ৰথিন ঘোষৰ বাসগৃহত ইডিৰ অভিযান । মন্ত্ৰীৰ বাসগৃহকে ধৰি কেইবাটাও সম্পত্তিত চলিল এই অভিযান । বিৰোধীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত ।

ED raids Bengal ministers house
পশ্চিমবংগৰ মন্ত্ৰীৰ বাসগৃহত ইডিৰ অভিযান

নেশ্যনেল ডেস্ক,৫ অক্টোবৰ : পশ্চিমবংগত পুনৰ ইডিৰ অভিযান । পশ্চিমবংগৰ খাদ্য আৰু যোগান মন্ত্ৰী ৰথিন ঘোষৰ বাসগৃহকে ধৰি তেওঁৰ একাধিক সম্পত্তিত চলিল এই অভিযান । নাগৰিক সংস্থাসমূহে দিয়া নিযুক্তিত অনিয়মৰ অভিযোগত ইডিয়ে এই অভিযান চলায় । তৃণমূল কংগ্ৰেছৰ মন্ত্ৰীগৰাকীৰ বাসগৃহত চলা এই অভিযানক লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী মিত্ৰজোঁটৰ অংশ তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ বাসগৃহত এনেদৰে ইডিয়ে অভিযান চলোৱাক লৈ বিৰোধী দলসমূহৰ মাজতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে ইডিয়ে বৃহস্পতিবাৰে পশ্চিমবংগৰ খাদ্য আৰু যোগান মন্ত্ৰী ৰথীন ঘোষৰ বাসগৃহৰ লগতে কেইবাটাও স্থানত এই অভিযান চলায় । অনুসন্ধানকাৰী দলটোৱে পুৱা প্ৰায় ৬.১০ বজাত উত্তৰ ২৪ পৰগণা জিলাৰ মাইকেলনগৰত থকা ঘোষৰ বাসগৃহত উপস্থিত হয় ।

একে সময়তে, অনুসন্ধানকাৰী দলটোৱে গোচৰটো সন্দৰ্ভত আন ১২ টা স্থানতো তালাচী আৰম্ভ কৰে । অনুসন্ধান আৰম্ভ হোৱাৰ সময়ত ঘোষ তেওঁৰ ঘৰত আছিল নে নাই সেয়া অৱশ্যে জানিব পৰা হোৱা নাই । আনহাতে ইডিৰ দলটোৱে আন কোনো বিশিষ্ট টিএমচি মন্ত্ৰী বা নেতাৰ বাসগৃহত অভিযান চলাই আছে নে নাই সেয়াও জানিব পৰা হোৱা নাই । মুখ্যমন্ত্ৰী তথা দলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে প্ৰায়ে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰক প্ৰতিশোধৰ ৰাজনীতি কৰাৰ বাবে দোষাৰোপ কৰে । তেনে সময়তে ইডিয়ে চলোৱা এই অভিযানক লৈ তৃণমূল কংগ্ৰেছে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

মধ্যমগ্ৰামৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক ঘোষ পূৰ্বে মধ্যমগ্ৰাম পৌৰসভাৰ বিষয়া আছিল । ইডিয়ে অভিযোগ কৰিছে যে ২০১৪ ৰ পৰা ২০১৮ চনৰ ভিতৰত ৰাজ্যখনৰ বিভিন্ন নাগৰিক সংস্থাই প্ৰায় ১,৫০০ লোকক ধনৰ বিনিময়ত অবৈধভাৱে নিযুক্তি দিছিল ।

লগতে পঢ়ক :Sanjay Singh arrest : আপলৈ ইমান ভয় কিয় বিজেপিৰ; অৰবিন্দ কেজৰিৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.