ETV Bharat / bharat

ED raids at AAP MP Sanjay Singh's residence: আপৰ সাংসদ সঞ্জয় সিঙৰ বাসগৃহত ইডিৰ অভিযান

author img

By ANI

Published : Oct 4, 2023, 9:29 AM IST

আম আদমী পাৰ্টিৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ বাসগৃহত ইডিৰ অভিযান ৷ বুধবাৰে পুৱা ইডিৰ এটা দল সাংসদ সিঙৰ বাসগৃহত উপস্থিত হৈ এই অভিযান চলায় ৷ আবকাৰী নীতিৰ গোচৰত সাংসদগৰাকীৰ বাসগৃহত এই অভিযান চলোৱাৰ সন্দেহ কৰা হৈছে ৷

ED raids at AAP MP Sanjay Singh's residence
আপৰ সাংসদ সঞ্জয় সিঙৰ বাসগৃহত ইডিৰ অভিযান

নিউজ ডেস্ক. ৪ অক্টোবৰ: আম আদমী পাৰ্টিৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ বাসগৃহত বিধি বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ অভিযান ৷ জানিব পৰা মতে, বুধবাৰে পুৱাই ইডিৰ এটা দল সাংসদ সঞ্জয় সিঙৰ বাসগৃহত উপস্থিত হয় আৰু তালাচী অভিযান আৰম্ভ কৰে । আবকাৰী নীতিৰ গোচৰত সঞ্জয় সিঙৰ বাসগৃহত এই অভিযান চলোৱা হৈছে বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে যদিও বৰ্তমানলৈ ইডিৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ কৰা হোৱা নাই ৷

ইফালে চলিত বৰ্ষৰ মে' মাহৰ আৰম্ভণিতে সাংসদ সঞ্জয় সিঙে বিত্ত সচিব টি ভি সোমনাথলৈ লিখা এখন পত্ৰত কয় যে, ইডিৰ সঞ্চালক আৰু সহকাৰী সঞ্চালকে ইচ্ছাকৃতভাৱে কোনো ভিত্তি নোহোৱাকৈয়ে তেওঁৰ নামটো কথিত সুৰা কেলেংকাৰীৰ সৈতে সংযোগ কৰি তেওঁৰ ৰাজহুৱা ভাবমূৰ্তি কলংকিত কৰি তেওঁক বদনাম কৰিছে । দীনেশ অৰোৰাৰ বক্তব্যৰ ভিত্তিত এই গোচৰত তেওঁৰ নাম সংযোজন কৰা হৈছে বুলি সিঙে পত্ৰখনত উল্লেখ কৰে ।

বিষয়াসকলে নিজৰ পদৰ অপব্যৱহাৰ কৰি তেওঁৰ ৰাজহুৱা ভাবমূৰ্তি কলংকিত কৰা বুলিও অভিযোগ উত্থাপন কৰি আম আদমী পাৰ্টিৰ নেতাগৰাকীয়ে তেওঁলোকক ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ আইনী জাননী প্ৰেৰণ কৰাৰ কথা পত্ৰখনত উল্লেখ কৰে ৷ ইফালে ইডিৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ইডিৰ চাৰ্জছীটত আপ নেতাগৰাকীৰ নাম চাৰিবাৰকৈ প্ৰকাশ হৈছিল ৷ অৱশ্যে ইয়াৰে এবাৰ ভুলবশত তেওঁৰ নাম প্ৰকাশ হোৱাৰ কথা জানিবলৈ দিয়ে ইডিৰ সূত্ৰটোৱে ৷ তেতিয়াৰ আবকাৰী আয়ুক্ত ৰাহুল সিঙৰ সলনি সঞ্জয় সিঙৰ নাম উল্লেখ কৰা হৈছিল ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও আম আদমী পাৰ্টিৰ বহু নেতা তদন্তকাৰী সংস্থাৰ আওঁতালৈ আহিছে । ইডিয়ে বিগত বৰ্ষৰ মে’ মাহত ধন সৰবৰাহৰ গোচৰত আপ চৰকাৰৰ তদানীন্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰিছিল । অৱশ্যে শাৰিৰীক অসুস্থতাৰ বাবে তেওঁ উচ্চতম ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰিছে ।

ইয়াৰ উপৰিও ইডিয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দিল্লী সুৰা নীতিৰ কেলেংকাৰীৰ অভিযোগত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰা হৈছিল । বৰ্তমান কাৰাগাৰতে আছে মনীষ ছিছ’ডিয়া । অৱশ্যে আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে নিজৰ নেতাসকলক অতি সৎ আখ্যা দি আহিছে ।

সম্প্ৰতি সঞ্জয় সিঙৰ বাসগৃহত ইডিয়ে তালাচী অভিযান অব্যাহত ৰাখিছে ৷ অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ।

লগতে পঢ়ক: Foreign funding case: নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.