ETV Bharat / bharat

ED raid against Hero Motocorp Chairman : 'Hero Motocorp'ৰ অধ্যক্ষৰ ঘৰত তালাচী

author img

By

Published : Aug 1, 2023, 5:26 PM IST

হিৰো ম'ট'কৰ্পৰ অধ্যক্ষ পৱন মুঞ্জালৰ বাসগৃহত ইডিৰ তালাচী অব্যাহত আছে । ধন আত্মসাৎ প্ৰতিৰোধ আইনৰ অধীনত এই অভিযান চলাইছে ইডিয়ে । শ্বেয়াৰ বজাৰত কোম্পানীটোৰ বিৰূপ প্ৰভাৱ পৰিছে ।

ED raid against Hero Motocorp Chairman
Hero Motocorpৰ অধ্যক্ষৰ ঘৰত তালাচী

নেশ্যনেল ডেস্ক,১ আগষ্ট : দেশৰ অগ্ৰণী দুচকীয়া বাহন নিৰ্মাণকাৰী প্ৰতিষ্ঠান হিৰো ম'ট'কৰ্পৰ কাৰ্যবাহী অধ্যক্ষ পৱন মুঞ্জাল আৰু আন একাংশৰ বিৰুদ্ধে ধন আত্মসাৎ গোচৰৰ তদন্তৰ অংশ হিচাপে অভিযান চলাইছে । ধন আত্মসাৎ প্ৰতিৰোধ আইনৰ নীতি অনুসৰি দিল্লী আৰু চুবুৰীয়া গুৰুগ্ৰামত থকা তেওঁৰ সম্পত্তিত তালাচী চলোৱা হয় ।

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে মুঞ্জালৰ ঘনিষ্ঠ এজনৰ বিৰুদ্ধে কৰা অভিযোগৰ ভিত্তিত এই অভিযান চলায় । গোচৰটো অনুসৰি তেওঁৰ বিৰুদ্ধে বিদেশী মুদ্ৰা সৰবৰাহৰ অভিযোগ আছে । কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ে কোম্পানীটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে । হিৰো ম'ট'কৰ্পৰ কিছু লেনদেনত আয়কৰ বিভাগে কৰা পূৰ্বৰ অনুসন্ধানৰ পাছত এই অনুসন্ধান আৰম্ভ কৰা হৈছে ।

২০২২ চনৰ মাৰ্চত হিৰো ম'ট'কৰ্পত কৰ ফাঁকি দিয়াৰ অভিযোগত আয়কৰ বিভাগে তালাচী চলাইছিল । তালাচীৰ সময়ত, আয়কৰ বিভাগে হিৰো ম'ট'কৰ্প লিমিটেডৰ মুখ্য কাৰ্যবাহী অধ্যক্ষ তথা পৰিচালনা সঞ্চালক পৱন মুঞ্জালৰ ঘৰত তালাচী চলোৱা হৈছিল । বিভাগটোৰ মূল কোম্পানী চিবিডিটিয়ে কোম্পানীটোৰ নাম নোলোৱাকৈ এক বিবৃতিত কৈছিল যে তেওঁলোকে ৮০০ কোটি টকাৰ অধিক অবৈধ বাণিজ্য ব্যয় ধৰা পেলাইছে ।

ইডিৰ অভিযানৰ বাতৰি পোহৰলৈ অহাৰ পাছতে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । বিভিন্ন মহলত এই বিষয়ক লৈ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । সমান্তৰালকৈ হিৰো ম'ট'কৰ্পৰ শ্বেয়াৰ বজাৰতো ব্যাপক প্ৰভাৱ কৰিছে । কোম্পানীটোৰ শ্বেয়াৰ প্ৰায় ৪ শতাংশ হ্ৰাস পাইছে । শ্বেয়াৰ ৯৮.৮০ টকাৰ হ্ৰাসৰ সৈতে কোম্পানীটোৱে ৩,১০৪ টকাৰ ব্যৱসায় কৰি আছে । উল্লেখ্য যে পৱন মুঞ্জাল হৈছে হিৰো গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ব্ৰীজ মোহন মুঞ্জালৰ পুত্ৰ ৷

লগতে পঢ়ক:Atiq Ahmed lawyer arrested : আতিক আহমেদৰ অধিবক্তা বিজয় মিশ্ৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.