ETV Bharat / bharat

আপৰ বিধায়ক অমনাতুল্লাহ খানৰ ৮ টা স্থানত ED ৰ অভিযান

Amanatullah Khan money laundering case: মঙলবাৰে ইডিয়ে দিল্লী ৱকফ ব’ৰ্ডৰ সৈতে জড়িত জালিয়াতিৰ গোচৰত আপৰ বিধায়ক অমনাতুল্লাহ খানৰ ৮টা স্থানত অভিযান চলায় । এই অভিযানত বহুতো গুৰুত্বপূৰ্ণ প্ৰমাণ যুগুত কৰিছে ED য়ে ৷

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 10:15 PM IST

Amanatullah Khan money laundering case
অমনাতুল্লাহ খানৰ ঘৰত ED ৰ অভিযান

নেশ্যনেল ডেস্ক, ২ জানুৱাৰী : বিপদে লগ এৰা নাই আম আদমী পাৰ্টীক ৷ এইবাৰ প্ৰৱৰ্তক সঞ্চালকালয়ৰ চকু পৰিল আপৰ বিধায়ক আমানতুল্লাহ খানৰ ওপৰত ৷ মঙলবাৰে প্ৰৱৰ্তক সঞ্চালকালয় চমুকৈ ED য়ে আপৰ বিধায়ক আমানতুল্লাহ খানৰ ৮টা স্থানত অভিযান চলায় ।

দিল্লী ৱক্ফ ব’ৰ্ডৰ সৈতে জড়িত জালিয়াতি আৰু ধন সৰবৰাহৰ সৈতে জড়িত থকা সন্দৰ্ভত ED য়ে ধন সৰবৰাহ প্ৰতিৰোধ আইন (PMLA)ৰ অধীনত এই অভিযান চলায় । তথ্য অনুসৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই দিল্লী-এনচিআৰৰ ৮ টা স্থানত অভিযান চলাই প্ৰমাণ সংগ্ৰহ কৰে ।

বিধায়ক আমনাতুল্লাহ খানৰ বিৰুদ্ধে আছে ৱকফ ব’ৰ্ডত অনিয়মৰ অভিযোগ । অভিযোগ অনুসৰি খান যেতিয়া ব’ৰ্ডৰ অধ্যক্ষ আছিল তেতিয়া তেওঁ নিয়ম উলংঘা কৰি ৩২ জন লোকক নিযুক্তি দিছিল । ইডিয়েও ধন সৰবৰাহৰ তথ্য লাভ কৰি এই গোচৰত প্ৰৱেশ কৰে । এতিয়াও তদন্ত অব্যাহত আছে ।

যোৱা বছৰ এণ্টি কৰাপচন ব্যুৰোৱেও খানৰ সৈতে জড়িত ৫ টা ভিন্ন স্থানত অভিযান চলাইছিল, য’ত নগদ ১২ লাখ টকা, ১টা অনুজ্ঞাপত্ৰবিহীন বেৰেটা পিষ্টল আৰু ২টা ভিন্ন ব’ৰৰ কাৰ্টিজ উদ্ধাৰ কৰা হৈছিল।

অক্টোবৰ মাহতো অভিযান হৈছিল :

এই গোচৰত যোৱা বছৰৰ ১৩ অক্টোবৰত ইডিয়ে বাটলা হাউছৰ বিধায়কগৰাকীৰ ঘৰকে ধৰি ১৩টা স্থানত অভিযান চলাইছিল । এই অভিযান প্ৰায় ১২ ঘণ্টা ধৰি চলিছিল । ২০২০ চনত দিল্লীৰ চিবিআই আৰু এচিবিয়ে দিল্লী ৱকফ ব’ৰ্ডত জালিয়াতি সম্পৰ্কীয় গোচৰ ৰুজু কৰিছিল ।

ইডিৰ অভিযোগ খানৰ মতে, ২০১৮ চনৰ পৰা ২০২০ বৰ্ষৰ ভিতৰত বিপুল পৰিমাণৰ ধন লৈ কৰ্মচাৰী নিযুক্তি দিয়া হৈছে । এই টকাৰে তেওঁ দিল্লীত বহু সম্পত্তি কিনিছে ।

লগতে পঢ়ক : সাক্ষাৎ বিচাৰি নিৰ্বাচন আয়োগলৈ পত্ৰ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.