ETV Bharat / bharat

ED raid in Bihar : বিহাৰৰ বিত্ত মন্ত্ৰীৰ খুলশালিয়েকৰ বাসগৃহত ইডিৰ অভিযান - ED raid at Ajay Singhs residence in Bihar

ইডি আৰু আয়কৰ বিভাগে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ঘনিষ্ঠ সহযোগী বিজয় চৌধুৰীৰ খুলশালিয়েক অজয় সিং ওৰফে কাৰু সিঙৰ বাসগৃহত অভিযান চলাই আছে । উল্লেখ্য যে কাৰু সিং হৈছে ৰাজ্যখনৰ এজন ডাঙৰ উদ্যোগপতি ।

ED raid in Bihar
ED raid in Bihar
author img

By

Published : Jun 22, 2023, 3:12 PM IST

নিউজ ডেস্ক, ২২ জুন : প্ৰৱৰ্তন সঞ্চালকালয় (ইডি) আৰু আয়কৰ বিভাগৰ চোৰাংচোৱাই বিহাৰৰ বিত্ত মন্ত্ৰী তথা জনতা দল ইউনাইটেডৰ (জেডিইউ) জ্যেষ্ঠ নেতা বিজয় কুমাৰ চৌধুৰীৰ খুলশালিয়েক অজয় সিং ওৰফে কাৰু সিঙৰ বাসগৃহত যুটীয়া অভিযান চলাই আছে ।

সূত্ৰ অনুসৰি, জেডিইউৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিঙৰ ঘনিষ্ঠ কাৰু সিঙে লোহাৰ ৰড নিৰ্মাণৰ এটা কাৰখানা চলায় । তেওঁ বিহাৰৰ এজন ডাঙৰ ব্যৱসায়ী । বৃহস্পতিবাৰে পুৱতিনিশা বেগুচৰাই জিলাৰ নগৰ আৰক্ষী থানাৰ অধীনস্থ কৃষা নগৰ অঞ্চলৰ কাৰু সিঙৰ বাসগৃহত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত ইডি আৰু আয়কৰ বিষয়াসকল উপস্থিত হয় ।

"তদন্ত সংস্থা দুটাৰ বিষয়াসকল পুৱতিনিশা ছয়খন বাহনেৰে আহি উপস্থিত হয় । তেওঁলোকে কাৰু সিঙৰ বাসগৃহত তালাচী চলাবলৈ আৰম্ভ কৰিছে ।" সূত্ৰই কয় । লগতে কয় যে অভিযান সম্পূৰ্ণ হোৱাৰ পিছত ইডি আৰু আয়কৰ বিভাগে এই সন্দৰ্ভত সম্পূৰ্ণ বিৱৰণ প্ৰদান কৰিব । উল্লেখ্য, ৬৬ বছৰীয়া বিজয় কুমাৰ চৌধুৰী হৈছে নীতিশ কুমাৰ কেবিনেটৰ বিত্ত, বাণিজ্যিক কৰ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ।

চৰাইৰঞ্জন সমষ্টিক প্ৰতিনিধিত্ব কৰা চৌধুৰীক মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অতি ঘনিষ্ঠ হিচাপে গণ্য কৰা হয় । চৌধুৰী বিহাৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ আৰু লগতে বিহাৰৰ জনতা দল-ইউনাইটেডৰ প্ৰাক্তন মুৰব্বী । বিত্ত মন্ত্ৰীগৰাকীয়ে বৰ্তমান চলি থকা অভিযানৰ ওপৰত অৱশ্যে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । উল্লেখ্য যে ২৩ জুন, শুকুৰবাৰে পাটনাত অনুষ্ঠিত হ'বলগীয়া বিৰোধী দলৰ বৈঠকৰ এদিন পূৰ্বে ইডি আৰু আয়কৰৰ দ্বাৰা চলোৱা এই অভিযান তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

উল্লেখ্য যে শেহতীয়াভাৱে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিৰোধী দলৰ নেতা তথা আত্মীয়ৰ ওপৰত কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈ আহিছে । বিৰোধীৰ অভিযোগ, ইডি, চিবিআই, আয়কৰ বিভাগৰ দৰে সংস্থাসমূহক ব্যৱহাৰ কৰি বিৰোধীৰ কণ্ঠৰোধৰ চেষ্টা চলাই আহিছে কেন্দ্ৰীয় চৰকাৰে । যিহেতু অহা শুকুৰবাৰে পাটনাত বিৰোধী দলসমূহৰ আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'বলৈ গৈ আছে, তেনে পৰিপ্ৰেক্ষিতত ইডি আৰু আয়কৰ বিভাগৰ জেডিইউ নেতাৰ ঘনিষ্ঠৰ ঘৰত চলোৱা এই অভিযানক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Bomb Blast in Manipur: মণিপুৰত সন্দেহজনক আইইডি বিস্ফোৰণত আহত 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.