ETV Bharat / bharat

ED notice: মুখ্যমন্ত্ৰীলৈ প্ৰৱৰ্তন সঞ্চালকালয়ৰ জাননী - প্ৰৱৰ্তন সঞ্চালকালয়

ধনৰ অবৈধ সৰবৰাহ আৰু ভূমি কেলেংকাৰীৰ বিৰুদ্ধে ED ৰ তৎপৰতা ৷ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনলৈ ইডিয়ে জাননী প্ৰেৰণ কৰিছে ৷ ইয়াৰ পূৰ্বেও তেওঁক সোধা পোছাৰ বাবে ইডি কাৰ্যালয়লৈ মাতি পঠিয়াওৱা হৈছিল ৷

ED notice
মুখ্যমন্ত্ৰীলৈ ED ৰ চমন
author img

By

Published : Aug 8, 2023, 8:21 PM IST

নেশ্যনেল ডেস্ক, 8 আগষ্ট : প্ৰৱৰ্তন সঞ্চালকালয় (ED) এ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক ধনৰ অবধ সৰবৰাহ আৰু ভূমি কেলেংকাৰীৰ গোচৰৰ সন্দৰ্ভত সোধা পোছাৰ বাবে পুনৰ চমন জাৰি কৰিছে ৷ মঙলবাৰে পুৱা ইডিৰ কাৰ্যালয় বন্ধ থকাৰ বাবে বিয়লিলৈ ইডিয়ে মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক ইডিৰ কাৰ্যলয়ত উপস্থিত হ’বলৈ জাননী জাৰি কৰে ৷

উল্লেখ্য যে, প্ৰৱৰ্তন সঞ্চালকালয়ে মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক দ্বিতীয়বাৰৰ চমন জাৰি কৰি সোধা পোছাৰ বাবে ইডি কাৰ্যালয়লৈ মাতি পঠিয়াইছে ৷ অৱশ্যে, মুখ্যমন্ত্ৰীগৰাকীক পুনৰ চমন জাৰি কৰাৰ সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক নিশ্চিতি নাই ৷

যোৱা 17 নৱেম্বৰত মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক ইডিয়ে ধনৰ অবৈধ লেনদেনৰ গোচৰ আৰু ভূমি কেলেংকাৰীৰ লগত জড়িত থকাৰ সন্দেহ কৰি প্ৰায় ন ঘণ্টা ধৰি সোধা পোছা কৰিছিল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাতৃ বসন্ত চোৰেনৰ সৈতে দুপৰীয়া প্ৰায় 12 বজাত ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছিল ৷ দিনজোৰা সোধা-পোছাৰ পিচত মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী কল্পনা চোৰেন নিশা প্ৰায় 9 বজাত ইডিৰ কাৰ্যালয়ত উপস্থিত হৈছিল ৷ পত্নীৰ সৈতে ঘৰলৈ ঘূৰি হৈছিল মুখ্যমন্ত্ৰী চোৰেনে ৷

ইডিৰ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে অভিযোগ কৰিছিল যে, এইটো চৰকাৰক অস্থিৰ কৰাৰ এটা প্ৰয়াস ৷ তেওঁৰ চৰকাৰ গঠন হোৱাৰ পিচৰে পৰা তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল ৷ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে সদৰী কৰা অনুসৰি সেই সময়খিনিত শাসকীয় দলৰ বিধায়কসকলৰ ঘৰত অভিযানো চলোৱা হৈছিল ৷ এই ঘটনাৰ পিচতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপালক ৰাজনৈতিক সুৰক্ষা দিয়াৰ বাবেও অৱগত কৰিছিল ৷

উল্লেখ্য যে, সেই সময়খিনিত মুখ্যমন্ত্ৰীগৰাকীক সোধা পোছাৰ বাবে ইডিৰ পাটনা আৰু দিল্লীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলে ৰাঁচীত উপস্থিত হৈছিল ৷ মুখ্যমন্ত্ৰীগৰাকীক সোধা পোছাৰ বাবে ৰাজভৱন আৰু বিজেপি কাৰ্যালয়ত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছিল ৷ ইয়াৰ উপৰিও, হিনু চকৰ পৰা হোটেল গ্ৰীণ একৰলৈ 144 ধাৰা জাৰি কৰা হৈছিল ৷ সমগ্ৰ ৰাঁচীতে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ৷

লগতে পঢ়ক: CJI Chandrachud on former CJI Gogoi : প্ৰাক্তন মুখ্য ন্যায়াধীশৰ প্ৰসংগত অধিবক্তা কপিল ছিবালক কটাক্ষ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.