ETV Bharat / bharat

MH Mahadev App scam: অনলাইন জুৱাৰ বিৰুদ্ধে EDৰ অভিযান; একেদিনাই 417 কোটি টকা জব্দ

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 9:49 PM IST

অনলাইন বেটিং এপৰ বিৰুদ্ধে অভিযান চলাই EDয়ে শুকুৰবাৰে 4 কোটিৰো অধিক টকা জব্দ কৰিছে ৷ মুম্বাই, ভূপাল আৰু কলকাতাত চলিছিল এই অভিযান ৷ বলীউডৰ সম্পৰ্ক থকা বহু ব্যক্তিও EDৰ জালত পৰাৰ সম্ভৱনা ৷

MH Mahadev App scam
MH Mahadev App scam

নেশ্যনেল ডেস্ক, 15 ছেপ্টেম্বৰ: অনলাইন জুৱাৰ বিৰুদ্ধে দেশৰ কেইবাখনো ৰাজ্যত EDয়ে চলাইছে বৃহৎ অভিযান ৷ ‘মহাদেৱ অনলাইন বেটিং এপ’ নামৰ এটা এপৰ বিৰুদ্ধে মুম্বাই, ভূপাল আৰু কলকাতাৰ মুঠ 39 টা স্থানত শুকুৰবাৰে অভিযান চলায় EDয়ে ৷

MH Mahadev App scam
EDয়ে উদ্ধাৰ কৰা আ-অলংকাৰ

ছত্তীশগড়ৰ নিবাসী ৰবি উপ্পল আৰু সৌৰভ চন্দ্ৰকাৰ নামৰ দুই ব্যক্তিৰ বিৰুদ্ধে ‘মহাদেৱ বেটিং এপ’ প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সম্প্ৰতি EDয়ে দুয়োৰে ওপৰত তীক্ষ্ণ নজৰ ৰখা বুলি জানিব পৰা গৈছে ৷ ইফালে শুকুৰবাৰে চলোৱা এই অভিযানত প্ৰৱৰ্তন সঞ্চালকালয়ে মুঠ 417 কোটি টকাৰ সম্পত্তি জব্দ কৰা বুলি জানিব পৰা হৈছে ৷

এই এপৰ সৈতে সম্পৰ্ক ৰখা বলীউডৰ বহু নবীন-প্ৰবীণ অভিনেতাও EDৰ নজৰত আছে ৷ এইসকলৰ ভিতৰত আছে অভিনেতা টাইগাৰ শ্ৰফ, গায়িকা নেহা কক্কৰ, ছানী লিয়নী, কৃষ্ণ অভিষেক, ৰাহত ফতেহ আলী খান, বিশাল দাদলানি আৰু আন বহুতো চেলিব্ৰিটি ৷ বলীউডৰ সৈতে সম্পৰ্ক থকা 14 গৰাকীতকৈ অধিক লোকৰ ওপৰত চকু ৰাখিছে EDয়ে ৷

ইডিয়ে দাবী কৰিছে যে ‘মহাদেৱ বেটিং এপ’ত কিছু চেলিব্ৰিটি আৰু চৰকাৰী বিষয়াই ইয়াৰ জৰিয়তে কোটি কোটি টকাৰ ধন হেৰুৱাইছে ৷ EDৰ অনুসন্ধানত প্ৰকাশ পাইছে যে যোগেশ পোপট নামৰ এজন ব্যক্তিৰ জৰিয়তে এই এপৰ হাৱালা ৰেকেট পৰিচালিত হৈছে ৷ উল্লেখ্য যে গোবিন্দ কেদিয়া নামৰ এজন ব্যক্তিৰ ঘৰত ইডিয়ে 18 লাখ নগদ ধন আৰু 13 কোটি সোণ আৰু ৰূপৰ অলংকাৰ উদ্ধাৰ কৰিছে ৷

চলচ্চিত্ৰ উদ্যোগৰ বহুলোক ‘মহাদেৱ বেটিং এপ’ৰ প্ৰচাৰক সৌৰভ চন্দ্ৰকাৰৰ বিয়াত উপস্থিত আছিল ৷ UAEত অনুষ্ঠিত হৈছিল সৌৰভ চন্দ্ৰকাৰৰ বিয়া ৷ সূত্ৰসমূহে দাবী কৰিছে যে সৌৰভ চন্দ্ৰকাৰৰ বিবাহৰ বাবে 150 কোটিতকৈও অধিক নগদ ধন লেনদেন কৰা হৈছে ৷

লগতে পঢ়ক: Massive Cyber crime Bust: একেদিনাই গুৱাহাটীত দুই শতাধিক চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ; উৎখাত ভুৱা কল চেণ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.