নিউজ ডেস্ক, ২৬ জুলাই : নেচনেল কনফাৰেন্সৰ সভাপতি ড০ ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে মঙলবাৰে অভিযোগনামা দাখিল কৰে ইডিয়ে (ED filed charge sheet against Farooq Abdullah) । জম্মু আৰু কাশ্মীৰ ক্ৰিকেট সংস্থাত বিত্তীয় অনিয়মৰ সৈতে জড়িত এটা ধন আত্মসাতৰ অভিযোগৰ গোচৰত (Financial irregularities in Jammu Kashmir Cricket Association) এই অভিযোগনামা দাখিল কৰা হৈছে ৷
সংস্থাটোৱে জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু সংসদ সদস্য ড৹ ফাৰুক আব্দুল্লাক (Former chief minister of Jammu Kashmir Farooq Abdullah)তিনি ঘণ্টাতকৈও অধিক সময় ধৰি সোধা পোছা কৰাৰ প্ৰায় দুমাহ পিছত এই অভিযোগনামা দাখিল কৰে ।
উল্লেখ্য, চলিত বছৰৰ 31 মে'ত ফাৰুক আব্দুল্লা পুৱা প্ৰায় 11 বজাত শ্ৰীনগৰৰ ৰাজবাগস্থিত ইডি কাৰ্যালয়ত উপস্থিত হৈছিল । ইডি কাৰ্যালয়ৰ ভিতৰলৈ সোমোৱাৰ পূৰ্বে তেওঁ কৈছিল, ইডিৰ দ্বাৰা তেওঁক জেৰাৰ বিষয়টো জম্মু আৰু কাশ্মীৰৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ সৈতে সম্পৰ্কিত হৈ আছে (ED questioned Farooq Abdullah)।
"মই বেছি নকওঁ (চমনৰ বিষয়ে), নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তেতিয়ালৈকে তেওঁলোকে আমাক অসুবিধাত পেলাব ।" তেওঁ কৈছিল । অৱশ্যে প্ৰায় চাৰে তিনি ঘণ্টা সোধাপোছা কৰাৰ পিছত কাৰ্যালয়ৰ পৰা ওলাই যাওঁতে তেওঁক আশ্বস্ত দেখা গৈছিল । কিন্তু বাহিৰত অপেক্ষা কৰি থকা সাংবাদিকসকলৰ প্ৰশ্নৰ পৰা তেওঁ আঁতৰি গৈছিল ।
ইয়াৰ পূৰ্বে ২৭ মে'ত ইডিয়ে গোচৰটোৰ সন্দৰ্ভত ড৹ ফাৰুক আব্দুল্লাক ইডিৰ শ্ৰীনগৰ কাৰ্যালয়লৈ মাতি পঠিয়ায় । পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ ৮৪ বছৰীয়া তিনিবাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ২০১৯ চনত একেটা ঘটনাতে তেওঁৰ বক্তব্য দিয়া বুলি বিষয়াসকলে প্ৰকাশ কৰে ।
প্ৰসংগক্ৰমে উল্লেখ্য, ড৹ ফাৰুক আব্দুল্লা ২০০১ চনৰ পৰা ২০১২ চনলৈ জেকেচিএৰ সভাপতি আছিল আৰু কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ' (চিবিআই) আৰু ইডিৰ দ্বাৰা তদন্ত কৰা কেলেংকাৰীটো ২০০৪ ৰ পৰা ২০০৯ চনৰ ভিতৰত বিত্তীয় অপব্যৱহাৰৰ বিষয়ত অভিযুক্ত । ইডিয়ে ইতিমধ্যে তাত ২১ কোটি টকাৰ অধিক সম্পত্তি সংলগ্ন কৰিছে । তাত ড৹ ফাৰুক আব্দুল্লাৰ ১১.৮৬ কোটি টকাৰ স্থাবৰ সম্পত্তিও অন্তৰ্ভুক্ত আছে ।
লগতে পঢ়ক :Kargil Vijay Diwas 2022: দেশজুৰি পালন কাৰ্গিল বিজয় দিৱস