ETV Bharat / bharat

বংগত ইডিৰ ওপৰত আক্ৰমণৰ ঘটনা; আৰক্ষী সঞ্চালক প্ৰধান আৰু বসিৰহাট আৰক্ষী অধীক্ষকক অভিযোগ

Sandeshkhali Incident : সন্দেশখালিৰ ঘটনাত ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু বসিৰহাট জিলা আৰক্ষী অধীক্ষকক ইমেলযোগে অভিযোগ জনালে ইডিয়ে ৷ ইডিৰ অভিযোগ, উদ্দেশ্যপ্রণোদিতভাৱে তদন্তকাৰী বিষয়াসকলৰ ওপৰত আক্ৰমণ চলোৱা হৈছে ৷ আনহাতে, অবিলম্বে এই ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰো আবেদন জনাইছে কেন্দ্রীয় চোৰাংচোৱা সংস্থাটোৱে ।

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 2:46 PM IST

বংগত ইডিৰ ওপৰত আক্ৰমণৰ ঘটনা
বংগত ইডিৰ ওপৰত আক্ৰমণৰ ঘটনা

নিউজ ডেস্ক, ৬ জানুৱাৰী : পশ্চিমবংগৰ আৰক্ষী অধীক্ষক ৰাজীৱ কুমাৰ আৰু বসিৰহাট জিলা আৰক্ষী অধীক্ষক জে বি থমাছক ইমেইলযোগে সন্দেশখালিৰ ঘটনাৰ অভিযোগ দাখিল কৰে ইডিয়ে । সূত্রৰ খবৰ অনুযায়ী, ইডিয়ে এই দুয়োগৰাকীলৈকে অভিযোগ-পত্ৰ প্ৰেৰণ কৰিছে ৷ অভিযোগ-পত্ৰত লিখা হৈছে যে শুকুৰবাৰে ইডিৰ বিষয়াসকলে আইন অনুযায়ীয়ে শ্বেখ ছাহজাহানৰ ঘৰত তালাচী চলাবলৈ গৈছিল । কিন্তু তাত তেওঁলোকৰ ওপৰত আক্ৰমণ চলোৱা হয় ।

অভিযোগ অনুসৰি, পূৰ্ব পৰিকল্পনা অনুসৰিয়ে ইডিৰ তদন্তকাৰী বিষয়াসকলৰ ওপৰত আক্ৰমণ চলোৱা হয় । তালাচী আৰম্ভ কৰাৰ বহু সময় পূৰ্বৰে পৰা অঞ্চলটোত মানুহৰ সমাগম হৈছিল । আক্ৰমণকাৰীয়ে বিষয়াসকলৰ মোবাইল ফোন আৰু লেপটপসহ বহু গুৰুত্বপূর্ণ নথিপত্র লৈ পলায়ন কৰে । আনহাতে, অভিযুক্তৰ বিৰুদ্ধে যেন সোনকালে আইনী প্রক্রিয়া আৰম্ভ কৰে ইডিয়ে তাৰো দাবী জনাইছে ৷ অৱশ্যে ইডিয়ে প্ৰেৰণ কৰা এই ইমেইল সন্দৰ্ভত ৰাজ্যখনৰ আৰক্ষীৰ তৰফৰ পৰা কোনো বিষয়াই এই পর্যন্ত কোনো প্রতিক্রিয়া প্ৰকাশ কৰিব বিচৰা নাই ।

উল্লেখ্য যে শুকুৰবাৰে সন্দেশখালিত তৃণমূল নেতা শ্বেখ ছাহজাহানৰ ঘৰত তালাচী অভিযান চলাবলৈ গৈছিল ইডিৰ বিষয়াসকলে । কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৰ বিষয়াসকলৰ সৈতে আছিল চিআৰপিএফৰ 50 জন জোৱান । তদন্তকাৰীসকলৰ দাবী, তেওঁলোকে শ্বেখ ছাহজাহানৰ ঘৰত উপস্থিত হৈ দেখে যে গে'টৰ বাহিৰত তলা ওলমি আছে ৷

বিষয়াসকলে একাধিকবাৰ বাহিৰৰ পৰা তেওঁক মাতে ৷ কিন্তু বাৰম্বাৰ মতাৰ পিছতো ঘৰৰ ভিতৰৰ পৰা কোনো উত্তৰ পোৱা নাছিল । সেয়ে তেওঁলোকে তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশৰ চেষ্টা কৰে ৷ সেই সময়তে অঞ্চলটোত উপস্থিত থকা লোকসকলে তেওঁলোকৰ ওপৰত খড়গহস্ত হয় । তেওঁলোকৰ আক্ৰমণত ইডিৰ এগৰাকী বিষয়াৰ মূৰ ফাটি যোৱাৰো অভিযোগ উঠিছে ।

আনহাতে, ইয়াৰ পৰা বাদ নপৰিল সংবাদ মাধ্যমৰ গাড়ীৰ পৰা আৰম্ভ কৰি চিআৰপিএফৰ গাড়ীও । জনৰোষত পৰি অৱশেষত ইডিৰ বিষয়াসকল আৰু কেন্দ্রীয় বাহিনীৰ জোৱানসকলে ভঙা গাড়ী লৈয়েই তাৰ পৰা পলাবলৈ বাধ্য হয় । ইয়াৰ পিছত আহত ইডিৰ বিষয়াসকলক হস্পিটেলত সাক্ষাত কৰে ৰাজ্যপাল চি ভি আনন্দ বসুৱে ।

লগতে পঢ়ক :বংগত ইডি দলৰ ওপৰত আক্ৰমণ; ডিজিপিক তলৱ ৰাজ্যপালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.