ETV Bharat / bharat

ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰীৰ বিৰুদ্ধে Enforcement Directorate ৰ তদন্ত

author img

By

Published : Feb 21, 2022, 8:43 PM IST

ত্ৰিপুৰাৰ প্ৰাক্তন পিডব্লিউডি মন্ত্ৰী তথা বিৰোধী দলৰ উপনেতা চিপিআইএমৰ বাদল চৌধুৰীৰ সৈতে একাধিক শীৰ্ষ বিষয়াৰ ওপৰত এনফোৰ্চমেন্ট ডাইৰক্টৰেটে আৰম্ভ কৰিছে money laundering গোচৰৰ তদন্ত (ED begins probe against former Tripura Minister ) ৷ তদন্ত প্ৰক্ৰিয়াৰ আওতালৈ অনা হৈছে অভিযুক্তসকলৰ পত্নীসকলকো ৷

ED begins probe against former Tripura Minister under money laundering act
ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰীৰ বিৰুদ্ধে Enforcement Directorate ৰ তদন্ত

আগৰতলা, ফেব্ৰুৱাৰী 21 : এক গুৰুত্বপূৰ্ণ ঘটনাক্ৰমত, এনফোৰ্চমেন্ট ডাইৰক্টৰেটে ত্ৰিপুৰাৰ প্ৰাক্তন পিডব্লিউডি মন্ত্ৰী তথা বিৰোধী দলৰ উপনেতা চিপিআইএমৰ বাদল চৌধুৰী (ED initiated inquiry against former Tripura PWD Minister), তদানীন্তন মুখ্য সচিব য়াছপাল সিং, আৰু পিডব্লিউডি বিভাগৰ প্ৰাক্তন মুখ্য অভিযন্তা সুনীল ভৌমিকৰ বিৰুদ্ধে prevention of money laundering Act 2002 ৰ অধীনত তদন্ত আৰম্ভ কৰিছে ।

তেওঁলোকৰ পত্নীসকলোকো এই তদন্ত প্ৰক্ৰিয়াৰ আওতালৈ অনা হৈছে । Prevention of money laundering Act 2002 ৰ অধীনত মুঠ ছয়জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। অনুসন্ধানকাৰী সংস্থাটোৰ সূত্ৰই কৈছে যে তদন্ত এতিয়াও ইয়াৰ প্ৰাৰম্ভিক পৰ্যায়তে আছে আৰু কোনো অভিযুক্ত ব্যক্তিক কোনো জাননী প্ৰদান কৰা হোৱা নাই ।

এনফোৰ্চমেন্ট ডাইৰক্টৰেটৰ আগৰতলা উপ-জোনেল কাৰ্যালয়ৰ সহকাৰী সঞ্চালক বিকাশ ফোগাটে স্বাক্ষৰ কৰা পত্ৰখনত লিখা হৈছে, "এই কাৰ্যালয়ে বাদল চৌধুৰী, সুনীল ভৌমিক, যশপাল সিং আৰু তেওঁলোকৰ পত্নীসকলৰ বিৰুদ্ধে মানি লণ্ডাৰিং প্ৰতিৰোধ আইন ২০০২ ৰ ব্যৱস্থাৰ অধীনত তদন্ত আৰম্ভ কৰিছে "।

লগতে পঢ়ক : Human Monkey conflict : বান্দৰৰ উপদ্ৰৱৰ বাবেই পৰম্পৰাগত কৃষি পদ্ধতি সলনি কৰিলে কৃষকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.