নেশ্যনেল ডেস্ক, 8 জুলাই : শুকুৰবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে আম আদমি পাৰ্টিৰ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়া আৰু তেওঁৰ পত্নী সীমা ছিছোডিয়াৰ 52 কোটি টকাৰ সম্পত্তি জব্দ কৰে ৷ দিল্লী আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে ছিছোডিয়াক জামিন আবেদন খাৰিজ কৰাৰ এদিন পিছতে প্ৰৱৰ্তন সঞ্চালকালয়ে জব্দ কৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াৰ সম্পত্তি । সঞ্চালকালয়ে জানিবলৈ দিয়া অনুসৰি এই সম্পত্তিৰ ভিতৰত আছে মনীষ ছিছোডিয়াৰ 11.49 লাখ টকাৰ লগতে ব্ৰিণ্ডকো চেলছ প্ৰাইভেট লিমিটেডৰ বেংক বেলেঞ্চ ।
-
ED has provisionally attached movable and immovable assets worth Rs. 52.24 Crore belonging to Manish Sisodia, Amandeep Singh Dhall, Rajesh Joshi, Gautam Malhotra and others in the case of Delhi Liquor Scam. Total attachment in the case is now Rs. 128.78 Crore.
— ED (@dir_ed) July 7, 2023 " class="align-text-top noRightClick twitterSection" data="
">ED has provisionally attached movable and immovable assets worth Rs. 52.24 Crore belonging to Manish Sisodia, Amandeep Singh Dhall, Rajesh Joshi, Gautam Malhotra and others in the case of Delhi Liquor Scam. Total attachment in the case is now Rs. 128.78 Crore.
— ED (@dir_ed) July 7, 2023ED has provisionally attached movable and immovable assets worth Rs. 52.24 Crore belonging to Manish Sisodia, Amandeep Singh Dhall, Rajesh Joshi, Gautam Malhotra and others in the case of Delhi Liquor Scam. Total attachment in the case is now Rs. 128.78 Crore.
— ED (@dir_ed) July 7, 2023
মনীষ ছিছোডিয়া আৰু তেওঁৰ পত্নীৰ ৰাজেশ যোশী আৰু গৌতম মালহোত্ৰাৰ নামত যি দুটা সম্পত্তি আছে সেয়াও ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত জাৰি কৰা অস্থায়ী আদেশত উল্লেখ কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে । দিল্লী আবকাৰী নীতি 2021-2022 প্ৰণয়ন আৰু ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে 26 ফেব্ৰুৱাৰীৰ দিনা একাধিক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল মনীষ ছিছোডিয়াক ।
দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দুৰ্নীতি আৰু ধন সৰবৰাহৰ অভিযোগত চিবিআই আৰু প্ৰৱৰ্তন সঞ্চালকালয় দুয়োটাৰে অধীনত তদন্ত চলি আছে । পৰৱৰ্তী সময়ত এই নীতি বাতিল কৰা হয় আৰু দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে চিবিআই তদন্তৰ পৰামৰ্শ দিয়ে, তাৰ পিছত ইডিয়ে পিএমএলএৰ অধীনত গোচৰ ৰুজু কৰে ।
উল্লেখ্য যে, দিল্লীৰ নতুন আবকাৰী নীতিৰ এক কেলেংকাৰীৰ সন্দৰ্ভত দীৰ্ঘদিন ধৰি সোধা-পোচাৰ অন্তত ছিছোডিয়াক চিবিআয়ে 26 ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰাৰ পিচত তিহাৰ কাৰাগাৰত আছে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকী । দিল্লী উচ্চ ন্যায়ালয়ে তেওঁ জামিন অস্বীকাৰ কৰাৰ পিচত মনীষ ছিছোডিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপে ।
লগতে পঢ়ক : Amritpal Singh update : কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা যুৱ সমাজলৈ বিশেষ আহ্বান অমৃতপালৰ