ETV Bharat / bharat

তামোলৰ ঢকুৱাৰে প্ৰস্তুত পৰিৱেশ অনুকূল তিনি বৰণীয়া বেজ - বেজ আৰু ৰাখী প্ৰস্তুত

স্বাধীনতা দিৱস(Independence Day)লৈ মাজত মাথোঁ কেইটামান দিন বাকী । দেশ স্বাধীন হোৱাৰ এই দিনটো উদযাপন কৰিব ভাৰতবাসীয়ে । সেই উদ্দেশ্যেৰে আৰম্ভ হৈছে স্বাধীনতা দিৱসৰ প্ৰস্তুতি । এই সময়তে পৰিৱেশ অনুকুল তিনি বৰণীয়া বেজ(Tricolour badges) প্ৰস্তুত কৰি চৰ্চালৈ আহিছে মাংগালুৰুস্থিত এটা প্ৰতিষ্ঠান ।

Eco friendly tricolour badges and rakhis made from Areca leaves
তামোলৰ ঢকুৱাৰে পৰিৱেশ অনুকূল তিনি বৰণীয়া বেজ প্ৰস্তুত
author img

By

Published : Aug 10, 2021, 7:37 PM IST

নেশ্যনেল ডেস্ক, ১০ আগষ্ট : বৰ্তমান পৰিৱেশৰ সুৰক্ষাৰ বিষয়ে বিভিন্ন সজাগতামূলক অভিযান অব্যাহত ৰাখিছে চৰকাৰ তথা পৰিৱেশ সংৰক্ষণৰে জড়িত বিভিন্ন স্বেচ্ছাসেৱী সংস্থাই । প্ৰকৃতিৰ অনিষ্ট নকৰাকৈ কেনেদৰে প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । শেহতীয়াকৈ মাংগালুৰুস্থিত এটা প্ৰতিষ্ঠানেও এনে ধৰণৰ পৰিৱেশ অনুকুল সামগ্ৰী প্ৰস্তুত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

স্বাধীনতা দিৱস উপলক্ষে পৰিৱেশ অনুকুল তিনি বৰণীয়া বেজ(Tricolour badges) প্ৰস্তুত কৰিছে প্ৰতিষ্ঠানটোৱে । তামোলৰ ঢকুৱাৰে প্ৰস্তুত কৰা হৈছে এই বেজবোৰ । পুনৰ ব্যৱহাৰ কৰিব পৰা, সহজে নিষ্কাশন কৰিব পৰা সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে এই প্ৰতিষ্ঠানটো জনাজাত । বিশেষকৈ উৎসৱ আৰু অন্যান্য অনুষ্ঠানৰ বাবে বিভিন্ন পৰিৱেশ অনুকুল সামগ্ৰী প্ৰস্তুত কৰে এই প্ৰতিষ্ঠানটোৱে ।

এইবাৰ স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত এই সুন্দৰ তিনি বৰণীয়া বেজবোৰ প্ৰস্তুত কৰি উলিয়াইছে তেওঁলোকে । সমান্তৰালকৈ পৰিৱেশ অনুকুল ৰাখীও প্ৰস্তুত কৰিছে প্ৰতিষ্ঠানটোৱে । ৰাখী বন্ধনত ভাতৃক এডাল পৰিৱেশ অনুকুল ৰাখী দিব বিচৰাসকলৰ সুবিধাৰ্থে কেইবাটাও সুন্দৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে ৰাখীবোৰ ।

Eco friendly tricolour badges and rakhis made from Areca leaves
তামোলৰ ঢকুৱাৰে পৰিৱেশ অনুকূল তিনি বৰণীয়া বেজ প্ৰস্তুত

এই প্ৰতিষ্ঠানটো গঢ়ি তোলাৰ আঁৰৰ মূল ব্যক্তি নিতিশ ভাছৰ প্ৰচেষ্টাতে এতিয়া এই সামগ্ৰীবোৰ বজাৰত উপলব্ধ হৈছে । ইয়াৰ পূৰ্বে এই প্ৰতিষ্ঠানটোৱে পৰিৱেশ অনুকুল মাস্ক প্ৰস্তুত কৰি চৰ্চালৈ আহিছিল । এই মাস্কৰ বিশেষত্ব এয়ে য়ে, মাস্কৰ ভিতৰত গছৰ বীজ ভৰাই থোৱা হয় আৰু মাস্ক ব্যৱহাৰ কৰাৰ পিছত মাটিত পেলাই থ'লে গছ গজিবলৈ ধৰে । মাস্কবোৰত সাধাৰণতে শাক-পাচলিৰ বীজ ভৰাই থোৱা হয় । এই মাস্কৰ বাবে যথেষ্ট সমাদৰ লাভ কৰিছিল প্ৰতিষ্ঠানটোৱে ।

এতিয়া স্বাধীনতা দিৱস আৰু ৰাখী বন্ধনৰ বাবে এই বিশেষ বেজ আৰু ৰাখী প্ৰস্তুত কৰি উলিয়াইছে প্ৰতিষ্ঠানটোৱে । পূৰ্বে কাগজ ব্যৱহাৰ কৰি এই সামগ্ৰীবোৰ প্ৰস্তুত কৰা হৈছিল । কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে তামোলৰ ঢকুৱা ব্যৱহাৰ কৰি বেজ আৰু ৰাখী প্ৰস্তুত কৰা হৈছে । এই পৰিৱেশ অনুকুল বেজ আৰু ৰাখীবোৰৰ বিশেষত্ব এয়ে যে, এইবোৰৰ মাজত আছে বিলাহী, তুলসী আৰু বেঙেনাৰ বীজ ।

যেতিয়া বেজ আৰু ৰাখীবোৰ নিষ্কাশন কৰা হ'ব তেতিয়া মাটি প্ৰদূষিত কৰাৰ পৰিৱৰ্তে ইয়াৰ গছ গজিব । এই ত্ৰিৰংগা বেজৰ মূল্য ১০ টকা আৰু ৰাখীৰ মূল্য ৩৫ টকা । এই দুয়োটা সামগ্ৰী অনলাইনযোগে বিক্ৰী কৰি থকা হৈছে ।

লগতে পঢ়ক : ক্ৰমান্বয়ে ভাৰতত বৃদ্ধি পাইছে সিংহৰ সংখ্যা : PM মোডী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.