ETV Bharat / bharat

২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস - সোমবাৰে ১১ তম ৰাষ্ট্ৰীয় ভোটাৰ দিৱস চমুকৈ (এন ভি ডি) পালন কৰিব

ভাৰতীয় নিৰ্বাচনী আয়োগে সোমবাৰে ১১ তম ৰাষ্ট্ৰীয় ভোটাৰ দিৱস চমুকৈ (এন ভি ডি) পালন কৰিব । ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ মুখ্য অতিথি হিচাপে এই অনুষ্ঠানত উপস্থিত থাকিব ।

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰিব ভাৰতীয় নিৰ্বাচনী আয়োগে

author img

By

Published : Jan 24, 2021, 12:50 PM IST

নিউজ ডেস্ক, ২৪ জানুৱাৰী : সোমবাৰে ১১ তম ৰাষ্ট্ৰীয় ভোটাৰ দিৱস চমুকৈ (এন ভি ডি) । এইবাৰৰ এন ভি ডিৰ বিষয়বস্তু হৈছে 'আমাৰ ভোটাৰসকলক ক্ষমতাপ্ৰাপ্ত, সজাগ, সুৰক্ষিত আৰু অৱগত' কৰা । ভাৰতীয় নিৰ্বাচনী আয়োগে সোমবাৰে নতুন দিল্লীৰ অশোক হোটেলত এন ভি ডি পালন কৰিব । এই বিষয়বস্তুৰ দ্বাৰা নিৰ্বাচনৰ সময়ত সক্ৰিয় আৰু অংশগ্ৰহণকাৰী ভোটাৰৰ আশা প্ৰকাশ কৰা হৈছে ।

ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । অৱশ্যে ৰাষ্ট্ৰপতি ভৱনৰ পৰা ভাৰ্চুৱেলি ভাষণ প্ৰদান কৰিব ৰামনাথ কোৱিন্দে । ইয়াৰেপৰি কেন্দ্ৰীয় আইন আৰু ন্যায়, যোগাযোগ আৰু বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদো উপস্থিত থাকিব । এই অনুষ্ঠানতে কোৱিন্দে ২০২০-২১ বৰ্ষৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিব আৰু নিৰ্বাচনী আয়োগৰ ৱেব ৰেডিঅ' হেল্ল ভোটাৰ্ছৰ মুকলি কৰিব ।

মন কৰিবলগীয় যে, অতিমাৰী COVID-১৯ ৰ বাবে নিৰ্বাচনী আয়োগে COVID প্ৰট’কল মানি চলি নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে । অতিমাৰী কালচোৱাত বিভিন্ন পৰ্যায়ত ৰাজ্য় আৰু জিলা পৰ্যায়ৰ বিষয়াসকলে তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শন কৰি নিৰ্বাচন অনুষ্ঠিত কৰা বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ'ব ।

উল্লেখ্য যে, ১৯৫০ চনৰ ২৫ জানুৱাৰীত নিৰ্বাচনী আয়োগ প্ৰতিষ্ঠা দিৱস উপলক্ষে ২০১১ চনৰ ২৫ জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰা হয় । এন ভি ডি উদযাপনৰ মূল উদ্দেশ্য হৈছে বিশেষকৈ নতুন ভোটাৰসকলৰ নাম তালিকাভুক্ত কৰা, উৎসাহিত কৰা আৰু সুবিধা প্ৰদান কৰা ।

লগতে পঢ়ক:আৰ জে ডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱক দিল্লী এইমছত ভৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.