ETV Bharat / bharat

ECI Website for Online Accounts : ৰাজনৈতিক দলৰ অনলাইন বিত্তীয় একাউণ্ট; ৱেবছাইট মুকলি নিৰ্বাচন আয়োগৰ

author img

By

Published : Jul 3, 2023, 4:45 PM IST

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ অধীনত বিগত এবছৰ ধৰি ৰাজনৈতিক পুঁজি আৰু ব্যয়ত স্বচ্ছতা আৰু দায়বদ্ধতা শক্তিশালী কৰাৰ বাবে কাম কৰি থকা হৈছে । তাৰেই ভিত্তিত এই পদ্ধতি স্বচ্ছ কৰিবলৈ আৰু ইয়াৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্বাচনী পেনেলৰ '৩চি ৰণনীতি'ৰ ই অংশ বুলি সূত্ৰত প্ৰকাশ ।

ECI Website for Online Accounts
ECI Website for Online Accounts

নিউজ ডেস্ক, ৩ জুলাই : সোমবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহক অনলাইনত বিত্তীয় একাউণ্ট দাখিল কৰিব পৰাকৈ এটা ৱেব পৰ্টেল মুকলি কৰে ।

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ অধীনত বিগত এবছৰ ধৰি ৰাজনৈতিক পুঁজি আৰু ব্যয়ত স্বচ্ছতা আৰু দায়বদ্ধতা শক্তিশালী কৰাৰ বাবে কাম কৰি থকা হৈছে । তাৰেই ভিত্তিত এই পদ্ধতি স্বচ্ছ কৰিবলৈ আৰু ইয়াৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্বাচনী পেনেলৰ '৩চি ৰণনীতি'ৰ ই অংশ বুলি সূত্ৰত প্ৰকাশ ।

"নিয়ন্ত্ৰক বিত্তীয় প্ৰতিবেদনৰ পৰা লাভ কৰা হতাশজনক স্তৰৰ তথ্য আৰু কিছুমান পঞ্জীয়নভুক্ত অস্বীকৃত ৰাজনৈতিক দলৰ (আৰইউপিপি) ক্ষেত্ৰত আয়োগৰ গুৰুতৰ বিত্তীয় খেলিমেলিৰ কিছুমান উদাহৰণ বিবেচনা কৰি ২০২২ চনৰ মে' মাহত ভাৰতৰ নিৰ্বাচন আয়োগে এক অভিযান হাতত লৈছিল ।" ভাৰতীয় নিৰ্বাচন আয়োগে এক প্ৰেছ টোকাত কয় ।

অনলাইনত বিত্তীয় প্ৰতিবেদন দাখিল কৰিব নিবিচৰা ৰাজনৈতিক দলবোৰে লিখিতভাৱে এনে নকৰাৰ কাৰণবোৰ জনাব লাগিব আৰু নিৰ্বাচনী পেনেলে সেয়া ৱেবছাইটত আপডেট কৰিব বুলিও এক সূত্ৰই কয় । ইয়াৰ পৰিৱৰ্তে আয়োগে এনে সকলো প্ৰতিবেদন অনলাইনত প্ৰকাশ কৰিব, লগতে দলটোৱে অনলাইনত বিত্তীয় বিবৃতি দাখিল নকৰাৰ বাবে প্ৰেৰণ কৰা ন্যায্যতাৰ পত্ৰও প্ৰকাশ কৰিব । ইচিৰ বিবৃতিত লগতে কোৱা হৈছে ।

"আয়োগে উদ্বেগৰ সৈতে শেহতীয়া কিছুমান পঞ্জীয়নভুক্ত অস্বীকৃত ৰাজনৈতিক দলৰ দ্বাৰা কৰ জালিয়াতি আৰু কৰফাঁকি দিয়াৰ উদাহৰণ লক্ষ্য কৰিছে । যিবোৰে আইনী ব্যৱস্থা সক্ষম কৰাৰ ক্ষেত্ৰত অপব্যৱহাৰ কৰিছে । লগতে আন ব্যক্তিৰ বাবেও এনে অবৈধ কাৰ্যকলাপৰ সঁজুলি হৈ পৰিছে ।" নিৰ্বাচন আয়োগে কয় ।

আয়োগে কয় যে লিখিত প্ৰতিবেদন দাখিল কৰাত অসুবিধাবোৰ দূৰ কৰিবলৈ আৰু সময়মতে এক ষ্টেণ্ডাৰ্ড ফৰ্মেটত দাখিল কৰাটো নিশ্চিত কৰাৰ বাবে দুটা উদ্দেশ্যৰে এই পদক্ষেপ লোৱা হৈছে । এই পৰ্টেলটোৱে ৰাজনৈতিক দলসমূহৰ দ্বাৰা অনলাইন বৰঙনি প্ৰতিবেদন দাখিল, অডিট কৰা বাৰ্ষিক একাউণ্ট আৰু নিৰ্বাচনী ব্যয়ৰ বিবৃতি দাখিল কৰাত সহায় কৰিব ।

এই বিত্তীয় বিৱৰণসমূহ ৰাজনৈতিক দলসমূহে নিৰ্বাচন আয়োগ/ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকলৰ ওচৰত জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ আৰু বিগত বছৰবোৰত সময়ে সময়ে আয়োগে জাৰি কৰা স্বচ্ছতা নিৰ্দেশনা অনুসৰি দাখিল কৰিব লাগিব । নিৰ্বাচনী পেনেলৰ প্ৰেছ টোকাত লগতে কোৱা হৈছে ।

লগতে পঢ়ক :Parliamentary Standing Committee on UCC : ইউচিচি সম্পৰ্কত সংসদীয় স্থায়ী সমিতিৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.