ETV Bharat / bharat

মমতা বেনাৰ্জীক আক্ৰমণ: অধিক তথ্য বিচাৰিছে নিৰ্বাচনী আয়োগে - নিৰ্বাচনী আয়োগে

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আক্ৰমণ কৰাৰ ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ মুখ্য সচিব আলাপন বন্দোপাধ্যায়ক এক নতুন প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিলে নিৰ্বাচনী আয়োগে । যোৱা ১০ মাৰ্চত নন্দীগ্ৰামত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল ।

মমতা বেনাৰ্জীক আক্ৰমণ সন্দৰ্ভত অধিক তথ্য বিচাৰিছে নিৰ্বাচনী আয়োগে

author img

By

Published : Mar 13, 2021, 3:52 PM IST

নেশ্যনেল ডেস্ক,১৩ মাৰ্চ: ভাৰতৰ নিৰ্বাচনী আয়োগে পশ্চিমবংগ চৰকাৰৰ পৰা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আক্ৰমণৰ ঘটনা সন্দৰ্ভত অধিক তথ্য বিচাৰিছে । আয়োগে ৰাজ্যখনৰ মুখ্য সচিব আলাপন বন্দোপাধ্যায়ক এখন নতুন প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দি কৈছে যে, পূৰ্বে দাখিল কৰা প্ৰতিবেদনত পশ্চিমবংগ চৰকাৰে পৰ্যাপ্ত তথ্য দাঙি ধৰা নাই । শনিবাৰে আবেলি ৫ বজাৰ ভিতৰত ৰাজ্যৰ মুখ্য সচিবগৰাকীক প্ৰতিবেদন দাখিলৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে আয়োগে ।

বুধবাৰে সন্ধিয়া নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰাৰ পিছত মমতা বেনাৰ্জীয়ে সমষ্টিটোত প্ৰচাৰ অভিযান চলাইছিল আৰু এই সময়তে একাংশ অচিনাক্ত লোকে ঠেলা-হেঁচা কৰাত মুখ্যমন্ত্ৰীগৰাকী তলত পৰি যায় । তেওঁৰ বাঁও ভৰি আৰু কঁকালত আঘাত পাইছিল । এই ঘটনা সংঘটিত হোৱাৰ পিছত, নিৰ্বাচনী আয়োগে শুক্ৰবাৰে সন্ধিয়াৰ ভিতৰত মুখ্য সচিব আলাপন বন্দোপাধ্যায়, বিশেষ পৰ্যবেক্ষক অজয় নায়ক আৰু বিশেষ আৰক্ষী পৰ্যবেক্ষক বিবেক ডুবেৰ পৰা প্ৰতিবেদন বিচাৰিছিল ।

এক সূত্ৰই জনোৱা মতে, ৰাজ্য চৰকাৰে দাখিল কৰা প্ৰতিবেদনত পৰ্যাপ্ত তথ্য নাছিল । এই প্ৰতিবেদনত উল্লেখ কৰা মতে, ভিৰৰ মাজত বেনাৰ্জী আহত হৈছিল । অৱশ্যে, এই কথা প্ৰমাণ কৰিবলৈ কোনো চিচিটিভি ফুটেজ নাছিল । লগতে নিৰ্বাচনী আয়োগে কয় যে, প্ৰতিবেদনখনত স্পষ্টভাৱে কোৱা হোৱা নাই যে ঘটনাটো কেনেকৈ আৰু ক'ত হৈছিল । সেয়েহে, আয়োগে এতিয়া পশ্চিমবংগৰ মুখ্য সচিবৰ পৰা অধিক তথ্য বিচাৰিছে ।

যিহেতু আন দুয়োজন পৰ্যবেক্ষকে শুকুৰবাৰে ভ্ৰমণত আছিল, সেয়ে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিবলৈ শনিবাৰে সন্ধিয়ালৈকে সময় বিচাৰিছে । ইয়াৰ আগতে, তৃণমূল কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে নিৰ্বাচনী আয়োগৰ বিষয়াক সাক্ষাৎ কৰে ।

তেওঁলোকে দাবী কৰে যে, মমতা বেনাৰ্জীৰ আক্ৰমণৰ ঘটনা এক ষড়যন্ত্ৰ আৰু লগতে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী কৰে । বেনাৰ্জীয়ে অভিযোগ উত্থাপন কৰিছিল যে, তেওঁক ৪-৫ জন মানুহে আক্ৰমণ কৰিছিল আৰু বাঁওভৰিত আঘাত পাইছিল । ঘটনাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীক কলকাতাৰ এছএছকেএম চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয় ৷ শুকুৰবাৰে তেওঁক ঘৰলৈ যাবলৈ দিয়া হয় । উল্লেখ্য যে, পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন ২৭ মাৰ্চৰ পৰা আঠটা পৰ্যায়ত অনুষ্ঠিত হ'ব ৷ ২৯ এপ্ৰিলত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । লগতে ২ মে'ত ভোটগণনা হ'ব ।

লগতে পঢ়ক: তৃণমূল কংগ্ৰেছত যোগদান প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিন্হাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.