ETV Bharat / bharat

মমতাৰ উপৰত হোৱা আক্ৰমণৰ কথা অস্বীকাৰ নিৰ্বাচন আয়োগৰ - পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত হোৱা আক্ৰমণৰ অভিযোগ নস্যাৎ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে ৷ মুখ্য সচিবৰ লগতে ৰাজ্যিক পৰ্যবেক্ষকৰ এক প্ৰতিবেদনৰ আধাৰত এই ৰায় প্ৰদান কৰিছে নিৰ্বাচন আয়োগে ৷

মমতাৰ উপৰত হোৱা আক্ৰমণৰ কথা অস্বীকাৰ নিৰ্বাচন আয়োগ

author img

By

Published : Mar 14, 2021, 2:26 PM IST

নেচনেল ডেস্ক, 14 মাৰ্চ: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত আক্ৰমণৰ কথা ভাৰতৰ নিৰ্বাচন আয়োগে অস্বীকাৰ কৰিছে ৷ দেওবাৰে বেনাৰ্জীৰ ওপৰত হোৱা আক্ৰমণৰ অভিযোগ সন্দৰ্ভত ৰায়দান প্ৰদান কৰি আয়োগে আক্ৰমণৰ কথা অস্বীকাৰ কৰে ৷ মুখ্য সচিবৰ লগতে ৰাজ্যিক পৰ্যবেক্ষকৰ এক প্ৰতিবেদনৰ আধাৰত আয়োগে এই মত পোষণ কৰে ৷

উল্লেখ্য যে, বুধবাৰে সন্ধিয়া নন্দীগ্ৰাম বিধানসভা সমষ্টিত প্ৰচাৰ অভিযান চলোৱাৰ সময়ত বেনাৰ্জীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ উক্ত অভিযোগৰ পাছতে বেনাৰ্জীৰ আক্ৰমণৰ ঘটনা সন্দৰ্ভত ভাৰতৰ নিৰ্বাচনী আয়োগে পশ্চিমবংগ চৰকাৰৰ পৰা অধিক তথ্য বিচাৰিছিল ৷ শনিবাৰে আবেলি ৫ বজাৰ ভিতৰত ৰাজ্যৰ মুখ্য সচিবগৰাকীক আয়োগে প্ৰতিবেদন দাখিলৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল ৷

নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত বুধবাৰে অচিনাক্ত লোকৰ ঠেলা-হেঁচাত বাঁও ভৰি আৰু কঁকালত আঘাত পাইছিল ৷ এই ঘটনা সংঘটিত হোৱাৰ পিছত, নিৰ্বাচনী আয়োগে শুকুৰবাৰে সন্ধিয়াৰ ভিতৰত মুখ্য সচিব আলাপন বন্দোপাধ্যায়, বিশেষ পৰ্যবেক্ষক অজয় নায়ক আৰু বিশেষ আৰক্ষী পৰ্যবেক্ষক বিবেক ডুবেৰ পৰা প্ৰতিবেদন বিচাৰিছিল ।

লগতে পঢ়ক: মমতা বেনাৰ্জীক আক্ৰমণ: অধিক তথ্য বিচাৰিছে নিৰ্বাচনী আয়োগে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.