ETV Bharat / bharat

মোডীৰ বিৰুদ্ধে মন্তব্য কৰি শলঠেকত ডিএমকে নেতা উদয়নিধি ষ্টালিন

প্ৰয়াত বিজেপি নেতা অৰুণ জেটলী আৰু প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজৰ সম্পৰ্কত কৰা মন্তব্যক লৈ ডিএমকে নেতা উদয়নিধি ষ্টালিনৰ পৰা বিস্তৃত বাখ্যা দিবলৈ জাননী জাৰি নিৰ্বাচন আয়োগৰ ।

মোডীৰ বিৰুদ্ধে মন্তব্য কৰি শলঠেকত ডিএমকে নেতা উদয়নিধি ষ্টালিন
মোডীৰ বিৰুদ্ধে মন্তব্য কৰি শলঠেকত ডিএমকে নেতা উদয়নিধি ষ্টালিন
author img

By

Published : Apr 7, 2021, 2:15 PM IST

নেশ্যনেল ডেস্ক, ৭ এপ্ৰিল: তামিলনাডু নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগৰ জাননী জাৰি ডিএমকে নেতা উদয়নিধি ষ্টালিনলৈ । প্ৰয়াত বিজেপি নেতা অৰুণ জেটলী আৰু প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজৰ সম্পৰ্কত কৰা মন্তব্যক লৈ ডিএমকে নেতা উদয়নিধি ষ্টালিনক জাননী জাৰি নিৰ্বাচন আয়োগৰ । বুধবাৰে সন্ধিয়া ৫ বজাত ষ্টালিনক নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত হ'বলৈ উক্ত জাননী জাৰি কৰা হৈছে ।

যোৱা ১ এপ্ৰিলত উদয়ানিধি ষ্টালিনে প্ৰয়াত প্ৰাক্তন মন্ত্ৰী দুগৰাকীৰ সম্পৰ্কত এক মন্তব্য কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অত্যাধিক 'অত্যাচাৰ' আৰু 'চাপ'ৰ বাবেই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজ আৰু অৰুণ জেটলীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে ষ্টালিনে । তেওঁৰ এই মন্তব্যৰ পাচতে এক বিতৰ্কৰ সৃষ্টি হয় ।

বিজেপিৰ তামিলনাডু গোটে মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত ষ্টালিনৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰে । ইয়াৰোপৰি, ডিএমকে নেতাগৰাকীয়ে যোৱা ৩১ মাৰ্চত ধাৰাপুৰমৰ এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে ভেংকায়া নাইডুৰ দৰে বিজেপি জ্যেষ্ঠ নেতাসকলক একাষৰীয়া কৰিছে বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: জে দি(ইউ)ত যোগদান এল জে পিৰ বিধায়ক ৰাজকুমাৰ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.