নেশ্যনেল ডেস্ক,4 এপ্ৰিল: ইতিমধ্যে পশ্চিমবংগত দুটা পৰ্যায়ত নিৰ্বাচন সম্পন্ন হৈছে । তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে শনিবাৰে নিৰ্বাচন আয়োগে ৰাজ্যখনৰ তিনি আৰক্ষী বিষয়াক বদলীকৰণৰ নিৰ্দেশ প্ৰদান কৰিছে । আয়োগে আৰক্ষী অধীক্ষক আলিপুৰদুৱাৰ অমিতাভ মেটি, আৰক্ষী আয়ুক্ত চন্দন নগৰ, হুগালী তাঠগত বসু আৰু উপ আৰক্ষী আয়ুক্ত মিথুন দে'ক তাৎক্ষণিক বদলীকৰণৰ নিৰ্দেশ প্ৰদান কৰে ।
পশ্চিমবংগৰ মুখ্য সচিবক এই নিৰ্দেশ প্ৰদান কৰি আয়োগে কয় যে মিথুন দে'ক প’ষ্টিং অৰ্ডাৰৰ অপেক্ষাত ৰখা হ'ব । আনহাতে, আন বিষয়া কেইগৰাকীক বদলীকৰণ কৰা হ'ব আৰু তেওঁলোকক নিৰ্বাচন সম্পৰ্কীয় কোনো ধৰণৰ প’ষ্টিং দিয়া নহ'ব ।
উল্লেখ্য যে, ৰাজ্যখনত বিগত ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । আনহাতে, ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ইফালে, ২ মে'ত ভোট গণনা অনুষ্ঠিত কৰা হ’ব ।
লগতে পঢ়ক: শচীন ৱেজৰ গোচৰঃ এন আই এৰ জিম্মা অহা ৭ এপ্ৰিললৈকে বৃদ্ধি